প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্পে এখন বিবাহ অনুষ্ঠানত উপস্থিত থাকি নিজৰ ভাষণত দৰা-কইনাহালক যুগ্ম জীৱনৰ আৰ্শীবাদ প্ৰদান কৰাৰ লগতে বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বিডেনক সমালোচনাৰে থকা-সৰকা কৰে।
ফ্লৰিডাস্থিত তেওঁৰ মাৰ-আ-লাগ’ ৰিজ’ৰ্টত শনিবাৰে অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানটোত ট্ৰাম্পে উপস্থিত লোকসকলক নিজৰ ভাষণ আৰম্ভ কৰি সোধে- ”মোৰ অভাৱ আপোনালোকে এতিয়াও কৰি আছেনে?”
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোৰঞ্জনধৰ্মী ৱেবছাইট টিএমজেদত ইয়াৰ ভিডিঅ’ পষ্ট কৰা হৈছে।
উপস্থিত লোকসকলে ট্ৰাম্পক হাত চাপৰিৰে সমৰ্থন জনায়।
লগালগ তেওঁ ৰাষ্ট্ৰপতি জ’ বিদেনক মেক্সিকো বৰ্ডাৰ, চীন আৰু ইৰাণকে ধৰি বিভিন্ন বিষয়ত সমালোচনাৰে থকা সৰকা কৰে।
তদুপৰি নৱেম্বৰত হৈ যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সম্পৰ্কেও তেওঁ পুনৰ অভিযোগ উত্থাপন কৰে।
ভাষণৰ শেষত তেওঁ নৱদম্পত্তিহালক শুভেচ্ছা জ্ঞাপন কৰে।