অসম বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ আজি সন্ধিয়া ৬ বজাত সামৰণি পৰিব। ইতিমধ্যে নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি ৭২ ঘন্টা পূৰ্বে বাইক ৰেলী বন্ধ কৰা হৈছে।
অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১৩ খন জিলাৰ ৩৯ টা সমষ্টিৰ ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব।
অহা ১ এপ্ৰিলৰ পুৱা ৭বজাৰ পৰা কোভিড প্ৰট’কল অনুসৰণ কৰি ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ২৬গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
দ্বিতীয় পৰ্যায়ৰ সৰ্বাধিক ভোটাৰ বিশিষ্ট সমষ্টিটো হৈছে হোজাই। হোজাইত ২,৬৫,৮৮৬ গৰাকী ভোটাৰ থকাৰ বিপৰীতে ভোটগ্ৰহণ কেন্দ্ৰ আছে ৪৪৯ টা।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৩৯ টা সমষ্টিসমূহ হৈছে কৰিমগঞ্জ জিলাৰ:-ৰাতাবাৰী (এছ চি), পাথাৰকান্দি, কৰিমগঞ্জ পূব, কৰিমগঞ্জ দক্ষিণ আৰু বদৰপুৰ।
হাইলাকান্দি জিলাৰ:-হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ।
কাচাৰ জিলাৰ:- শিলচৰ, সোনাই, ধোলাই(এছ চি), উধৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া।
ডিমা হাচাও জিলাৰ হাফলং (এছ টি) সমষ্টি আৰু কাৰ্বি আংলঙ জিলাৰ:- বোকাজান(এছ টি), হাওৰাঘাট (এছ টি), ডিফু (এছ টি)ৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ একমাত্ৰ বৈথালাছু (এছ টি) সমষ্টি।
কামৰূপ জিলাৰ দুটা সমষ্টি কমলপুৰ আৰু ৰঙিয়া আৰু নলবাৰী জিলাৰ নলবাৰী সমষ্টি।
সেইদৰে, ওদালগুৰি সমষ্টিৰ পানেৰী (এছ টি), ওদালগুৰি (এছ টি), মাজবাট আৰু দৰং জিলাৰ কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ (এছ চি), দলগাঁও সমষ্টি।
মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাট সমষ্টি, নগাঁও জিলাৰ ৰহা, নগাঁও, বঢ়মপুৰ সমষ্টিৰ লগতে হোজাই জিলাৰ যমুনামুখ, হোজাই আৰু লামডিং সমষ্টি।
দ্বিতীয় পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৭গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।
অপৰাধমূলক গোচৰ থকা এই ৩৭ গৰাকী প্ৰাৰ্থীৰ বিতৰত আকৌ ৩০ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ আছে।
এইসকলৰ ভিতৰত বিজেপিৰ ১১গৰাকী, কংগ্ৰেছ আৰু এআইয়ুডিএফৰ ৫গৰাকীকৈ, অসম জাতীয় পৰিষদৰ ৩গৰাকী, অসম গণ পৰিষদৰ ২গৰাকী আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, ছচিয়েলেষ্টি য়ুনিটি চেন্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট)তথা ইউপিপিএলৰ এগৰাকীকৈ প্ৰাৰ্থী আছে।
দ্বিতীয় পৰ্যায়ৰ ৩৯টা সমষ্টিৰ ভিতৰত বৰাকৰ ১৫টা সমষ্টি আছে।
ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰে আজি নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব।