• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এজন দুজন নহয়, অসমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা দুই শতাধিক কোটিপতি প্ৰাৰ্থীৰ; আটাইতকৈ সম্পদশালী প্ৰাৰ্থীজন কোন?

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 30, 2021 6:38 pm
index.jpgk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক, দুই বা কেৱল তিনি অংকৰ ঘৰত নহয়, দুই শতাধিকৰো অধিক কোটিপতি প্ৰাৰ্থীয়ে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

সংসাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি অসমত ২৬৪ গৰাকী কোটিপতি প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

এই হিচাপত ১২৬ টা বিধানসভা সমষ্টিৰ ৯৪৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কোটিপতি প্ৰাৰ্থীৰ শতকৰা হাৰ হৈছে ২৭.৯০।

ইয়াৰ ভিতৰতে আটাইতকৈ সম্পদশালী প্ৰাৰ্থীগৰাকী হৈছে কোকৰাঝাৰ পশ্চিম(জনজাতি) বিধানসভা সমষ্টিৰ য়ুপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম। ব্ৰহ্মৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২৬৮ কোটি। ব্ৰহ্ম হৈছে অন্তিম পৰ্যায়ৰো আটাইতকৈ ধনাঢ্য প্ৰাৰ্থী।

উল্লেখ্য যে বিপিএফ তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অতি ঘনিষ্ঠ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই অলপতে হাগ্ৰামাৰ সংগ এৰি য়ুপিপিএলত যোগদান কৰি দলটোৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে।

বাতৰিৰ মতে মনোৰঞ্জন ব্ৰহ্মৰ বিৰুদ্ধে প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিচিটি প্ৰশাসনে গোচৰ দাখিল কৰাৰ পিছতে ধনাঢ্য ঠিকাদাৰজনে য়ুপিপিএলত যোগদান কৰিছিল।

ব্ৰহ্মৰ পিছতে বৰাকৰ উদৰবন্দ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাহুল ৰয়ে আছে দ্বিতীয় স্থানত। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেতা গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয়ৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩৬ কোটি। তেওঁ হৈছে দ্বিতীয় পৰ্যায়ৰ আটাইতকৈ ধনাঢ্য প্ৰাৰ্থী।

ইফালে আলগাপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা ৰাহুল ৰয়ৰ পত্নী ডেইজী ৰায়ৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩১ কোটি।

আনহাতে জমুনামুখ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলৰ সম্পত্তিৰ পৰিমাণ হৈছে ১১১ কোটি। চিৰাজুদ্দিন হৈছে এআইয়ুডিএফ প্ৰধান তথা লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ কণিষ্ঠ ভাতৃ।

অগপৰ বিধায়ক তথা নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নৰেন সোণোৱালৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩ কোটি। এই সোণোৱালেই হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ লগতে অগপৰ আটাইতকৈ ধনাঢ্য প্ৰাৰ্থী।

বৰ্তমানৰ মন্ত্ৰী ঢকুৱাখানা বিধানসভাৰ বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলে ২৫ কোটি, জালুকবাৰীৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ১৭ কোটি, ছিদলিৰ প্ৰাৰ্থী মন্ত্ৰী চন্দন ব্ৰহ্ম ১৬ কোটি, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৮ কোটি, পিযুজ হাজৰিকা ৬ কোটি, ৰিহন দৈমাৰী আৰু চুম ৰংহাঙৰ সম্পত্তি পৰিমাণ ৫ কোটি টকা বুলি উল্লেখ কৰা হৈছে শপতনামাত।

বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী আৰু উপাধ্যক্ষ আমিনুল হক লস্কৰৰ সম্পত্তিৰৰ পৰিমাণ ৬ কোটি বুলি শপতনামাত উল্লেখ কৰা হৈছে।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তৰ আটাইকেইজনৰে গাইপতি সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ৩ কোটি টকাৰ গৰাকী বুলি শপতনামাত উল্লেখ কৰিছে।

শপতনামাৰ মতে মন্ত্ৰী পৰিমল শুল্কবৈদ্য, ভৱেশ কলিতা আৰু যোগেন মোহনৰ গাইপতি সম্পত্তিৰ পৰিমাণ হৈছে ১ কোটি।

আনহাতে বিৰোধী শিবিৰৰ বঢ়মপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ ৩৭ কোটি সম্পত্তিৰ গৰাকী। তেওঁ হৈছে কংগ্ৰেছৰ আটাইতকৈ ধনাঢ্য প্ৰাৰ্থী।

ইয়াৰ পিছতে জালুকবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰৰ সম্পত্তি ৩১ কোটি, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ২৬ কোটি, ভৰত চন্দ্ৰ নৰহ ২১ কোটি আৰু ৱাজেড আলী চৌধুৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে ১১ কোটি।

উল্লেখ্য যে মহিলা প্ৰাৰ্থী ডেইজী ৰয়ৰ পিছতে ৰাইজৰ দলৰ জমুনামুখৰ মহিলা প্ৰাৰ্থী দিলৱাৰা বেগম চৌধুৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫ কোটি। এআইয়ুডিএফৰ মিলাক্ষী ৰহমান ১০ কোটি, কংগ্ৰেছৰ অসীমা বৰদলৈ ৭ কোটি আৰু কণ্ঠশিল্পী অগপৰ কল্পনা পাটোৱাৰীৰ সম্পত্তি পৰিমাণ হৈছে ৫ কোটি।

নতুনকৈ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ হাজোৰ প্ৰাৰ্থীৰ দুলু আহমেদ হৈছে দলটোৰ ভিতৰত ধনাঢ্য প্ৰাৰ্থী। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪৩ কোটি। দলটোৰ বঙাইগাঁৱৰ প্ৰাৰ্থী দীপু চৌধুৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে ১২ কোটি।

ইফালে এচ’ছিয়েশ্যন ফ’ৰ ডেম’ক্ৰেটিক ৰিফ’ৰ্মছ(ADR)ৰ বিশ্লেষণ অনুসৰি অসম বিধানসভা ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ সৰ্বাধিক কোটিপতি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছৰ ৬৪ গৰাকী কোটিপতি প্ৰাৰ্থীৰ বিপৰীতে বিজেপিয়ে ৬০ গৰাকী কোটিপতি প্ৰাৰ্থীৰেৰে তালিকাৰ দ্বিতীয় স্থানত আছে।

আনহাতে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদৰ ১৩ গৰাকী প্ৰাৰ্থীৰেৰে তৃতীয়, ২২ গৰাকী কোটিপতি প্ৰাৰ্থীৰেৰে অসম গণ পৰিষদে চুতুৰ্থ, ১১ গৰাকী কোটিপতি প্ৰাৰ্থীৰেৰে এআইয়ুডিএফে পঞ্চম, ৮ গৰাকী কোটিপতি প্ৰাৰ্থীৰেৰে বিপিএফে ষষ্ঠ, য়ুপিপিএল আৰু ৰাইজৰ দলৰ এগৰাকীকৈ কোটিপতি প্ৰাৰ্থীৰেৰে তালিকাৰ অন্তিম স্থানত আছে।

ইফালে এই নিৰ্বাচনত আটাইতকৈ সম্পদহীন তিনিগৰাকী প্ৰাৰ্থী হৈছে ক্ৰমে সবেন্দ্ৰ বসুমতাৰী, তেওঁৰ সম্পত্তি পৰিমাণ মাত্ৰ ২,৫০০। ৫,০০০ সম্পত্তিৰ গৰাকী কনক বসুমতাৰী আৰু ৮,০০০ সম্পত্তিৰে বিষ্ণু ধাৰী মল্লাহ দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

Tags: Assam Election
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm
জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd