• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক যোৱা ৫ বছৰৰ সফলতাসমূহৰ কথা ক’বলৈ কিয় ভয় খাইছে?-প্ৰশ্ন কংগ্ৰেছৰ

সাৰদা কেলেংকাৰী, লুইছ বাৰ্জাৰ কেলেংকাৰী, মানবেন্দ্ৰ শৰ্মা হত্যা গোচৰ আৰু কোভিড-১৯ সংকটৰ সময়ত সংঘটিত কেলেংকাৰী সমূহৰ বিৰুদ্ধে আমি পুনৰ তদন্ত আৰম্ভ কৰিম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2021 7:12 am
congress_12-768x511-1-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাইজ কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ সৈতে একাত্ম হৈ উঠাৰ পৰিপ্ৰেক্ষিতত, বিজেপিৰ হতাশাই এতিয়া স্পৰ্শ কৰিছে অৱনমনৰ নতুন গভীৰতা। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক ৰাইজে দিয়া সমৰ্থনৰ প্ৰতিৰোধকল্পে বিজেপি এতিয়া ভীতি প্ৰদৰ্শন কৰি অভীষ্ট সিদ্ধিৰ আৰু ভাবুকি প্ৰদানৰ কৌশলৰ শৰণাপন্ন হৈছে।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষা ববীতা শৰ্মাই জাৰি কৰা এক বিবৃতিত কৰা হৈছে এই দাবী।

বিবৃতিটোক কোৱা হৈছে যে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত পৰিলক্ষিত হোৱা প্ৰৱণতাসমূহে বিজেপি নেতাসকলৰ মেৰুদণ্ডত এতিয়া তীব্ৰ কঁপনি তুলিছে। অহংকাৰী অপশাসকৰ অৱশ্যম্ভাৱী পতনৰ স্পষ্ট সংকেত এতিয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ ৫ বছৰীয়া অপশাসনৰ বাবে অসমৰ ৰাইজে এইবাৰ তেওঁলোকক যথোচিত প্ৰত্যুত্তৰ দিবলৈ ওলাইছে।

আনহাতে, তীব্ৰ হতাশাত ভুগি, বিজেপিয়ে এতিয়া তেনে যিকোনো কাম কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাই যিবোৰে তেওঁলোকৰ উপকাৰ কৰিব পাৰে বুলি তেওঁলোকে অনুভৱ কৰিছে– লাগিলে নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী অনুসাৰে তেনেবোৰ কাম আইনসন্মত হওকেই বা নহওক। বিবৃতিটোত এইদৰে অভিযোগ কৰা হয়।

কংগ্ৰেছৰ নেতা দুগৰাকীয়ে এক গুৰুতৰ অভিযোগ আনি কয় যে তেওঁলোকৰ এগৰাকী নেতা, হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে একেবাৰে অভিলেখ থকা এটা ঘটনাত, এগৰাকী বিৰোধী নেতাক ভাবুকি প্ৰদানত লিপ্ত হোৱা দেখা যায়, যিটো হ’ল নিৰ্বাচনী আদৰ্শ আচাৰ সংহিতাৰ দেখদেখ উলংঘন। বিজেপিয়ে নিৰ্বাচনী আদৰ্শ আচাৰ সংহিতালৈ বাৰে বাৰে বুঢ়া আঙুলি দেখুৱাই আহিছে আৰু এইটো ঘটনা হ’ল তাৰেই এক নিদৰ্শন।

যোৱা ২৯ মাৰ্চ, ২০২১ ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ত হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়ে আৰু “ঠিকমতে আচৰণ” কৰিবলৈ কয়।

তেওঁ আনকি মহিলাৰীক এইবুলিও ভাবুকি দিয়ে যে কিছুমান তথাকথিত অভিযোগত হেনো মহিলাৰীৰ বিৰুদ্ধে এনআইএ-ৰদ্বাৰা তদন্ত চলোৱা হ’ব আৰু এই অভিযোগৰ হেনো তেওঁৰ হাতত বহু সাক্ষ্য প্ৰমাণ আছে।

এনেদৰে দেখদেখকৈ ভাবুকি প্ৰদান কৰি শৰ্মাই গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহকে উপলুঙা কৰা বুলি কংগ্ৰেছে অভিযোগ কৰিছে।

‘’নিৰ্বাচনী আদৰ্শ আচাৰ সংহিতা কাৰ্যকৰী হৈ থকাৰ সময়ত, নিকা আৰু নিৰপেক্ষ প্ৰশাসন সুনিশ্চিত কৰাৰ স্বাৰ্থত, পুলিচ বিভাগকে ধৰি সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো থাকে ভাৰতৰ নিৰ্বাচন আয়োগৰ অধীনত। তেওঁ দাবী কৰা ধৰণে সন্ত্ৰাসবাদীৰ সৈতে তথাকথিত যোগসূত্ৰৰ তথ্য, শৰ্মাই কেনেকৈ প্ৰাপ্ত কৰিলে? এই সাক্ষ্যপ্ৰমাণ প্ৰকট হ’ল ক’ৰপৰা? তেওঁৰ হাতত যদি ইতিমধ্যেই এই সাক্ষ্যপ্ৰমাণ আছিল, তেন্তে তেওঁ সেই সাক্ষ্যপ্ৰমাণ তদন্তকাৰী অভিকৰণসমূহক কিয় প্ৰদান নকৰিলে?’’- কংগ্ৰেছৰ প্ৰশ্ন।

কংগ্ৰেছে লগতে দাবী কৰে যে ‘’সন্ত্ৰাসবাদী-সম্পৰ্কিত তথ্য ৰাষ্ট্ৰব্যৱস্থাক নজনোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ফৌজদাৰী ব্যৱস্থা ল’বই লাগিব। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰদল সমূহক ৰাইজে দিয়া সমৰ্থন অস্বীকাৰ কৰিবলৈ এইটো হ’ল তেওঁলোকে তেওঁলোকৰ বিৰোধীপক্ষৰ ওপৰত স্পষ্টতঃ ভীতিপ্ৰদৰ্শন কৰি অভীষ্ট সিদ্ধি কৰাৰ আৰু ভাবুকি প্ৰদান কৰাৰ কৌশল, যিটো কাম গণতন্ত্ৰক পণবন্দী কৰাৰ দৰে হৈছে।‘’

কংগ্ৰেছৰ দাবী, ‘’এই ঘটনাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ধৰাতলৰ পৰা অহা বাতৰিবোৰৰ সৈতে। বিজেপিৰ হতাশাই এতিয়া চৰমসীমা স্পৰ্শ কৰিছেগৈ। যিহেতু বিজেপিয়ে ইয়াৰ বিভেদকামী ৰাজনীতিৰ বাবে কোনো ধৰণৰ সমৰ্থন গোটাব পৰা নাই, সেয়েহে বিজেপি প্ৰতিশোধৰ ৰাজনীতিৰ শৰণাপন্ন হৈছে। তেওঁ কোৱা তথাকথিত সাক্ষ্যপ্ৰমাণ নিশ্চয় ভুৱা হ’ব লাগিব কাৰণ সেয়া এনে এক সময়ত পোহৰলৈ আহিছে যেতিয়া বিজেপি নিৰ্বাচনত পৰাভূত হ’বলৈ ওলাইছে।‘’

সাংবিধানিক ব্যৱস্থাটোক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ কি অধিকাৰ আছে? বুলি প্ৰশ্ন কৰি কংগ্ৰেছৰ পুনৰ প্ৰশ্ন ‘’কেন্দ্ৰীয় অভিকৰণসমূহে কৰা তদন্তৰ প্ৰসংগ, সাৰদা চিট ফাণ্ড কেলেংকাৰী আৰু লুইছ বাৰ্জাৰ কেলেংকাৰীৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চলা তদন্তৰ কি হ’ল? মুকুল ৰয়ৰ বিৰুদ্ধে চলা তদন্তৰ হ’ল কি? বিজেপিৰ পক্ষ নোলোৱা বিৰোধী দলসমূহক আতংকিত কৰিবলৈকে কেৱল কেন্দ্ৰীয় তদন্তকাৰী অভিকৰণসমূহৰ ব্যৱহাৰ কৰিব লাগে নেকি?’’

কংগ্ৰেছে স্পষ্ট কৰি দি কয়, ‘’দুই মেৰপেছত, ৰাইজে যেতিয়া ভোট দি আমাক ক্ষমতাত অধিষ্ঠিত কৰিব, আমি বাট বুলিম সংবিধানে প্ৰদান কৰা পথটোৱেদি – সাৰদা কেলেংকাৰী, লুইছ বাৰ্জাৰ কেলেংকাৰী, মানবেন্দ্ৰ শৰ্মা হত্যা গোচৰ আৰু কোভিড-১৯ সংকটৰ সময়ত সংঘটিত কেলেংকাৰী সমূহৰ বিৰুদ্ধে আমি পুনৰ আৰম্ভ কৰিম এটা নিকা আৰু নিৰপেক্ষ আইনসন্মত তদন্ত। আমি ফাদিল কৰিম অসমৰ ৰাইজক লুণ্ঠন কৰি টোলগে’টৰ মাচুল বৃদ্ধিৰপৰা কাৰ কি উপকাৰ হৈছে।‘’

হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যসমূহ প্ৰকৃতিগতভাৱে ভীতি প্ৰদৰ্শনকাৰী আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলীৰ উলংঘন বুলি অভিযোগ কৰি কংগ্ৰেছে   নিৰ্বাচন আয়োগক এই ঘটনাৰ সংজ্ঞান ল’বলৈ অনুৰোধ জনাইছে।

আদৰ্শ আচাৰ সংহিতা উলংঘন কৰাৰ কাৰণে ভাৰতৰ সংবিধানৰ ৩২৪ নম্বৰ অনুচ্ছেদৰ অধীনত হিমন্ত বিশ্ব শৰ্মাক অসম বিধানসভা নিৰ্বাচন, ২০২১ত ভাগ লোৱাৰ বাবে অযোগ্য ঘোষণা কৰিবলৈ দাবী জনায় কংগ্ৰেছে।

লগতে অসম বিধানসভা নিৰ্বাচন সমাপ্ত নোহোৱালৈকে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লোৱাৰপৰা বাৰণ কৰা উচিত আৰু ভাৰতীয় দণ্ড সংহিতাৰ ১৭১গ ধাৰাৰ সৈতে একেলগে পঢ়ি ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব অধিনিয়মৰ ১২৬ নম্বৰ ধাৰাৰ (দুৰ্নীতিপৰায়ণ প্ৰথাসমূহ) অধীনত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ব বুলিও সদৰী কৰে।

কংগ্ৰেছে এই দাবীসমূহৰ সৈতে  বিষয়টোৰ সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ এখন চিঠিও লিখা বুলিও জানিব দিয়ে।

কংগ্ৰেছে লগতে কয়, ‘’মহাজোঁট একত্ৰিত হৈ আছে আৰু আমি হাগ্ৰামা মহিলাৰী তথা বিপিএফৰ কাষত থিয় দি আছো। হতাশাগ্ৰস্ত বিজেপিয়ে নিয়মীয়াকৈ নিৰ্বাচন আয়োগৰ পথ-নিৰ্দেশনা আৰু নিৰ্দেশাৱলীৰ উলংঘন কৰিব লাগিছে।‘’

হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্যক লৈ চাৰিটা প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ দল আৰু অসমৰ ৰাইজে বিচাৰিছে বুলি উল্লেখ কৰি প্ৰশ্নকেইটা এনেদৰে দাঙি ধৰা হৈছে।

১. নিৰ্বাচনী আদৰ্শ আচাৰ সংহিতা কাৰ্যকৰী হৈ থকাৰ সময়ত কি পদবী বা কামে দিয়া অধিকাৰ ব্যৱহাৰ কৰি তেওঁ এনে ধৰণৰ বিবৃতি দিছে?

২. সন্ত্ৰাসবাদী সম্পৰ্কীয় তথ্যখিনি তেওঁ কিয় লুকুৱাই ৰাখিছিল আৰু সেই তথ্য তেওঁ তদন্তকাৰী অভিকৰণসমূহক কিয় প্ৰদান কৰা নাছিল?

৩. অসমৰ ৰাইজে যেতিয়া বিজেপিৰ প্ৰতি এটা স্পষ্ট সমৰ্থনহীনতাৰ কথা ব্যক্ত কৰিছে, তেনে সময়ত শৰ্মাৰ এই হুমকি ভীতি প্ৰদৰ্শনৰে অভীষ্ট সিদ্ধি কৰাৰ আৰু ভাবুকি প্ৰদান কৰাৰ দেখদেখ উদাহৰণ নহয়নে?

৪. গণতন্ত্ৰক এনেকৈ উপলুঙা নকৰি শৰ্মাই অসমৰ ৰাইজৰ ওচৰলৈ পোনে পোনে গৈ যোৱা ৫ বছৰৰ সফলতাসমূহৰ কথা ক’বলৈ কিয় ভয় খাইছে?

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm
জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd