• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০০৪ চনৰ ইছৰাত জাহান এণকাউণ্টাৰৰ গোচৰ সন্দৰ্ভত চিবিআইৰ গুৰুত্বপূৰ্ণ ৰায়দান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2021 4:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদৰ এখন বিশেষ চিবিআই আদালতে বুধবাৰে ২০০৪ চনৰ ইচৰাত জাহান ভুৱা এনকাউণ্টাৰ গোচৰৰ পৰা আৰক্ষী বিষয়াসকলক মুক্ত কৰে।

বিশেষ চিবিআই ন্যায়াধীশ ভি আৰ ৰাৱালে বুধবাৰে জিএল সিংহল, তৰুণ বাৰুট (এতিয়া অৱসৰপ্ৰাপ্ত) আৰু অনাজু চৌধুৰীৰ গোচৰৰ পৰা মুক্তিৰ আবেদনত অনুমতি জনায়।

Apply Now

তেওঁলোকে ২০ মাৰ্চত আবেদনখন আদালতত দাখিল কৰিছিল।

তেওঁলোকৰ আবেদনৰ পাছতে, চিবিআইয়ে আদালতক কৈছিল গুজৰাট চৰকাৰৰ এই অভিযুক্ত আৰক্ষী বিষয়াসকলক এনকাউণ্টাৰৰ গোচৰটোৰ মামলাত জড়িত কৰাটো নস্যাৎ কৰিছে।

২০২০ চনৰ অক্টোবৰ আদালতে কৈছিল যে অভিযুক্তকেইজনে কেৱল তেওঁলোকৰ কৰ্তব্য পালন কৰিছিল।

চিবিআইয়ে সাতজন আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰিছিল- পাণ্ডে, ৱাঞ্জাৰা, আমিন, সিংঘল, বাৰোট, পাৰমাৰ আৰু চৌধাৰী।

তেওঁলোকৰ বিৰু্দ্ধে প্ৰথমখন চাৰ্জশ্বিট ২০১৩ চনত দাখিল কৰা হৈছিল।

২০১৯ চনত চিবিআইয়ে প্ৰাক্তন আৰক্ষী বিষয়া ডি জি ৱাঞ্জাৰা আৰু এন কে আমিনক গোচৰটোৰ পৰা মুক্ত কৰিছিল।

২০১৮ চনত প্ৰাক্তন ভাৰপ্ৰাপ্ত ডিজিপি পি পি পাণ্ডেক গোচৰমুক্ত কৰিছিল।

আনহাতে, গোচৰৰ শুনানি চলি থাকোতে পাৰমাৰৰ মৃত্যু হৈছিল।

উল্লেখযোগ্য যে ইছৰাত জাহান আছিল মুম্বাইৰ এজনী ১৯ বছৰীয়া যুৱতী।

তেওঁক ২০০৪ চনৰ জুন মাহত গুজৰাটত এটা এনকাউণ্টাৰত আৰক্ষীয়ে হত্যা কৰিছিল।

ইছৰাতৰ স’তে আৰু তিনিজন লোকক এনকাউণ্টাৰটোত হত্যা কৰা হৈছিল।

তেওঁলোক হৈছে- জিশ্বান জোহৰ, আমজাদ আলি আকবৰ আলি ৰাণা আৰু জাভেদ শ্বেইখ।

গুজৰাট আৰক্ষীয়ে কৈছিল যে ইছৰাতে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ অভিযানত লিপ্ত আছিল।

তদুপৰি আৰক্ষীয়ে কৈছিল যে এয়া চুইচাইড-বম্বিঙৰ অভিযান আছিল।

আৰক্ষীয়ে জোহৰ আৰু ৰাণাক পাকিস্তানী নাগৰিক হিচাপে চিহ্নিত কৰিছিল।

আনহাতে, শ্বেইখক স্থানীয় উগ্ৰবাদী নেটৱৰ্কটোৰ দায়িত্বত আছিল বুলি অভিযোগ কৰিছিল।

আৰক্ষীয়ে এনকাউণ্টাৰটোৰ সন্দৰ্ভত দাখিল কৰা এজাহাৰত জনাইছিল যে এজন আৰক্ষী বিষয়াই ব্যক্তিগত সূত্ৰৰ পৰা জানিব পাৰিছিল তিনিওজন লোকে এখন নীলা ইণ্ডিকাত মৰণাস্ত্ৰসহ মুম্বাইৰ পৰা আহমেদাবাদলৈ গৈ আছিল।

আৰক্ষীয়ে আহমেদাবাদৰ কাষৰীয়া এখন ঠাইত ইণ্ডিকাখনৰ স’তে মুখামুখী হয়।

তাৰপাছতে আৰক্ষীয়ে গুলিবৰ্ষণ কৰে।

চাৰিজন লোক গুলিবৰ্ষণত মৃত্যু হয়।

আৰক্ষীয়ে জনোৱামতে, ইণ্ডিকাখনৰ পৰা গুলিবৰ্ষণ কৰা হৈছিল।

অৱশ্যে কোনো আৰক্ষী আঘাতপ্ৰাপ্ত নহ’ল।

প্ৰথমতে, যেতিয়া এণকাউণ্টাৰটো সংঘটিত হোৱাৰ পাছত আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰিছিল, তেতিয়া ইছৰাত জাহানক আৰক্ষীয়ে চিহ্নিত কৰিব পৰা নাছিল।

আৰক্ষীৰ নথিত তেওঁক ‘মহিলা সন্ত্ৰাসবাদী’ৰূপে উল্লেখ কৰা হৈছিল।

পাছত, মুম্বাইৰ কাষৰীয়া ঠাই মুম্ব্ৰাৰ এজনী কলেজীয়া ছাত্ৰীৰ জৰিয়তে ইছৰাতৰ পৰিচয় পোহৰলৈ আহে।

২০০৪ চনত, পাকিস্তানৰ এটা সংবাদ প্ৰতিষ্ঠানে এটা বাতৰি প্ৰকাশ কৰিছল যে লস্কৰ-ই-তৈবা (লেট)য়ে দাবী কৰামতে, ইছৰাত জাহানে তেওঁলোকৰ হৈ কাম কৰিছিল।

আৰক্ষীয়ে এই কখা তেওঁলোকৰ অনুসন্ধানমূলক প্ৰতিবেদনত উল্লেখ কৰিছিল।

কিন্তু লস্কৰ-ই-তৈবা (লেট)-ই বাতৰিটো পাছত নাকচ কৰিছিল।

এই এনকাউণ্টাৰটোক লৈ পাছলৈ অসংখ্য বিতৰ্কৰ সূত্ৰপাত ঘটে।

মানৱ অধিকৰা সংস্থা আৰু বিজেপিৰ বিৰোধী দলসমূহে অভিযোগ কৰিছিল যে এয়া সম্পূৰ্ণ ভুৱা এণকাউণ্টাৰ।

উচ্চতম ন্যয়ালয়ে বিষয়টো লৈ পাছলৈ চিবিআইক অনুসন্ধান কৰিবলৈ দিছিল।

চিবিআইয়ে এণকাউণ্টাৰটোত সাতজন আৰক্ষী বিষয়াৰ ভূমিকাক অনুসন্ধান কৰিছিল।

আৰক্ষী বিষয়া ডিজি ৱাঞ্জাৰা, যি এণকাউণ্টাৰটো গুৰি ধৰিছিল আৰু কাৰাবন্দী হৈছিল, তেওঁক গোচৰটোৰ পৰা ২০১৯ চনত মুক্ত কৰা হৈছিল।

চিবিআইয়ে ৬ জন আৰক্ষী বিষয়াক গোটৰটো সন্দৰ্ভত আটক কৰিছল।

আটাইকেইজন আৰক্ষী বিষয়াকে এতিয়া আহমেদাবাদৰ চিবিআই আদালতৰ জৰিয়তে গোচৰমুক্ত কৰা হ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd