• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ দেশৰ শীৰ্ষ বিৰোধী নেতাসকললৈ পত্ৰ প্ৰেৰণ মমতা বেনাৰ্জীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2021 11:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে দেশৰ শীৰ্ষ বিৰোধী নেতাসমূহলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত তেওঁ বিৰোধী দলসমূহক দেশৰ গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে বিজেপিৰ বিৰুদ্ধে একলগ হ’বলৈ আহ্বান জনাইছে।

Apply Now

মমতা বেনাৰ্জীয়ে কয় যে তেওঁ পত্ৰখন লিখাৰ কাৰণ হ’ল বিজেপি আৰু ইয়াৰ কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰ আৰু ভাৰতৰ সাংবিধানিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আহিছে।

তদুপৰি তেওঁ অভিযোগ কৰে যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সম্পৰ্ক স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বেয়াৰ ফাললৈ ঢাল খাইছে।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে মমতা বেনাৰ্জীয়ে লিখা এই পত্ৰখনে ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে মমতা বেনাৰ্জীয়ে নন্দীগ্ৰাম সমষ্টিত তেওঁৰ একালৰ সতীৰ্থ তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ স’তে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মমতা আৰু শুভেন্দুৰ ভাগ্য নিৰ্ণয় হ’ব।

মমতা বেনাৰ্জীয়ে তেওঁৰ পত্ৰখন দেশৰ বিভিন্ন বিজেপিবিৰোধী দলৰ মুৰব্বীসকললৈ প্ৰেৰণ কৰিছে।

ইয়াৰ ভিতৰত অন্যতম হৈছে কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধী, এনচিপিৰ মুৰব্বী শ্বাৰদ পাৱাৰ, ডিএমকেৰ মুৰব্বী এমকে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, উড়িষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী, আৰজেডিৰ মুৰব্বী তেজস্বী যাদৱ, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, এনচিৰ মুৰব্বী ফাৰুক আব্দুল্লাহ আৰু পিডিপিৰ মুৰব্বী মেহবুবা মুফটী।

পত্ৰখনত মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ উভয়সদনতে গৃহিত হোৱা নেচনেল কেপিটেল টেৰিটৰী অৱ দিল্লী (এমেণ্ডমেণ্ট) বিল, চমুকৈ এনচিটি বিলক সমালোচনা কৰে।

তেওঁ কয় যে এই বিলখন ভাৰতৰ সংবিধানত উল্লেখিত যুক্তৰাষ্ট্ৰীয় গাঁঠনিৰ প্ৰতি প্ৰত্যক্ষ আক্ৰমণ।

তদুপৰি এই বিলখনে দেশৰ ৰাজধানীৰ লোকসকলৰ স্বকীয় ক্ষমতাক আঁজুৰি আনি সংবিধান আৰু গণতন্ত্ৰক উপহাস কৰিছে।

তদুপৰি কেন্দ্ৰই অ-বিজেপিশাসিত ৰাজ্যসমূহৰ আভ্যন্তৰীণ দিশত হস্তক্ষেপ কৰা বুলিও তেওঁ কয়।

তেওঁ কয় যে ৰাজ্যপাল আৰু চিবিআই-ইডিৰ দ্বাৰা কেন্দ্ৰই এই ৰাজ্যসমূহত হস্তক্ষেপ কৰি আহিছে।

তেওঁ কয় যে অ-বিজেপিশাসিত ৰাজ্যসমূহলৈ কেন্দ্ৰই পুঁজি আবণ্টনৰ ক্ষেত্ৰতো হস্তক্ষেপ কৰিছে।

বিজেপিয়ে এটা একদলীয়া স্বেচ্ছাচাৰী শাসন প্ৰৱৰ্তন কৰিব বিচাৰিছে বুলি কৈ মমতাই কয় যে কেন্দ্ৰ-ৰাজ্য সম্পৰ্ক, আৰু লগতে কেন্দ্ৰত শাসকীয় দল আৰু বিৰোধী দলসমূহৰ মাজৰ সম্পৰ্কই বেয়াৰ ফাললৈ ঢাল খাইছে।

তেওঁ কয় যে স্বাধীন ভাৰতৰ ইতিহাসত এয়া প্ৰথম আৰু ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী স্বেচ্ছাচাৰী শাসনপ্ৰণালীক দোষ দিয়ে।

পত্ৰখনত তেওঁ কয় যে বিজেপিৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’বলৈ কেৱল হৃদয় আৰু মনৰ একতাই যথেষ্ট, যি ভাৰতৰ জনতাক এটা বিকল্প উপস্থাপন কৰিব পাৰে।

তেওঁ কয় যে এটা বিজেপিবিৰোধী মৰ্চা বিধানসভা নিৰ্বাচনসমূহৰ পাছতে গঠন কৰিবলৈ আলোচনাত মিলিত হোৱা উচিত।

আনহাতে, মমতাৰ এই পত্ৰখনক দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নেতাসমূহে যোগাত্মকভাৱে সহাৰি জনাইছে।

এনচিপি নেতা নৱাব মালিকে কয় যে তেওঁৰ দলে মমতা বেনাৰ্জীক সহৃদয়ে সমৰ্থন কৰে।

কংগ্ৰেছ নেতা জয়বীৰ শ্বেৰগীলে কয় যে পত্ৰখনৰ সময়ক লৈ তেওঁৰ দলে প্ৰশ্ন উত্থাপন নকৰে কিন্তু এইটো সঁচা যে বিজেপি দেশৰ পৰা গণতন্ত্ৰক ধ্বংস কৰিবলৈ উলাইছে।

উল্লেখযোগ্য যে পশ্চিমবংগ নিৰ্বাচনত কংগ্ৰেছে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামি পৰিছে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে পত্ৰখনক সমৰ্থন কৰি কয় যে মমতাই কৰা অভিযোগসমূহ তেওঁৱো বিভিন্ন সময়ত উত্থাপন কৰি আহিছে।

পিডিপিৰ মুৰব্বী মেহবুবা মুফটীয়েও মমতাৰ পত্ৰখনক সমৰ্থন কৰিছে।

তেওঁ দেশৰ বিৰোধী দলসমূহক বিজেপিৰ বিৰুদ্ধে একেলগ হ’বলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd