• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হথৰাছৰ গণধৰ্ষণ কাণ্ড : সাংবাদিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ৫ হাজাৰৰ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2021 7:53 am
index
295
VIEWS
Share on FacebookShare on Twitter

দেশ কঁপাই যোৱা উত্তৰ প্ৰদেশৰ হাথৰাছৰ দলিত তৰুণীৰ গণধৰ্ষণ কাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ গ্ৰেপ্তাৰ হোৱা কেৰলাৰ সাংবাদিকসহ সাতগৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

শনিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কেৰলাৰ সাংবাদিক ছিদ্দিক কাপ্পানসহ অন্য সাতগৰাকীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত প্ৰায় ৫০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে।

স্মৰ্তব্য যে বিগত বৰ্ষৰ ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী দলিত তৰুণীক জঘন্যভাৱে গণধৰ্ষণ কৰি চাৰি ধৰ্ষণকাৰীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে জিভা কাটি পেলাইছিল। নিৰ্যাতিতা তৰুণীৰ গৰাকী দিল্লীৰ এখন চিকৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল।

উক্ত দেশ কঁপাই যোৱা জঘন্য গণধৰ্ষণ কাণ্ডটোৰ বাতৰি সংগ্ৰহৰ বাবে তিনিজন সতীৰ্থৰ সৈতে সাংবাদিক ছিদ্দিক কাপ্পান উত্তৰ প্ৰদেশৰ হাথৰাছলৈ গৈছিল আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে কাপ্পানসহ অন্য তিনি সতীৰ্থসহ মুঠ সাতজনক গ্ৰেপ্তাৰ কৰিছিল।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে কাপ্পানসহ উক্ত সাতগৰাকীক ‘সন্দেহজনক ব্যক্তি’য়ে সন্ত্ৰাসবাদ কাৰ্যকলাপৰ বাবে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছিল।

কাপ্পানসহ অন্য আটাইকেইজনকে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ অভিযোগত মথুৰা কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

আৰু সাংবাদিক কাপ্পানসহ এই আটাকেইজন ব্যক্তিৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৫০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে।

“আমি এতিয়াও চাৰ্জশ্বীটৰ কপি লাভ কৰা নাই। চাৰ্জশ্বীটখন ৫০০০ পৃষ্ঠাৰ হ’ব। আমি অফিচিয়েলি কপিটো লাভ কৰি অধ্যয়ন কৰাৰ পিছত আমি কি কৰিম তাৰ সিদ্ধান্ত ল’ম।” মথুৰা আদালতৰ বাহিৰত আইনজীৱী মধুবন দত্ত চতুৰ্বেদীয়ে কয়।

উল্লেখ্য যে দেশ কঁপোৱা হাথৰাছ গণধৰ্ষণ কাণ্ডটোত স্থানীয় বিজেপি নেতাৰ পুত্ৰ তথা আত্মীয় জড়িত থকাৰ বাবেই উত্তৰ প্ৰদেশ চৰকাৰে সমগ্ৰ ঘটনাটোক অন্য ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠিছিল।

আৰক্ষীয়ে সঠিক পদক্ষেপ গ্ৰহণ নকৰা, অভিযুক্তৰ প্ৰতি নৰম হোৱা আৰু তথ্য প্ৰমাণ নষ্ট কৰাৰ লগতে নিৰ্যাতিতাৰ মৃতদেহ পৰিয়ালক গতাই নিদি আৰক্ষীয়ে গোপনে সৎকাৰ কৰাৰ অভিযোগ উঠিছিল।

ইয়াৰ পিছতে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদৰ ঢৌ উঠে আৰু উত্তৰ প্ৰদেশ আৰক্ষী আৰু চৰকাৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয়।

হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালটোক আৰক্ষীয়ে নিৰাপত্তাৰক্ষী মোতায়েন কৰি অভেদ্য দুৰ্গলৈ ৰূপান্তৰিত কৰি সাংবাদিক আৰু কোনো লোকক সাক্ষাৎ কৰাৰ অনুমতি দিয়া নাছিল।

দেশজুৰি হোৱা প্ৰৱল প্ৰতিবাদ আৰু জনমতত সেও মানি উত্তৰ প্ৰদেশ চৰকাৰে অৱশেষত গোচৰটো চিবিআইক অৰ্পণ কৰিবলৈ বাধ্য হয়।

স্মৰ্তব্য যে দলিত তৰুণীগৰাকীৰ নিৰ্যাতিতা পৰিয়ালটোৰ সাক্ষাৎ কৰি বাতৰি সংগ্ৰহৰ বাবে হাথৰাছলৈ যোৱা কেৰলাস্থিত দৈনিক বাতৰি কাকত এখনৰ সাংবাদিক কাপ্পানসহ অন্য সতীৰ্থসকলক আৰক্ষীয়ে তেতিয়াই গ্ৰেপ্তাৰ কৰি UAPAৰ অধীনত গোচৰ ৰুজু কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd