• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হথৰাছৰ গণধৰ্ষণ কাণ্ড : সাংবাদিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ৫ হাজাৰৰ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2021 7:53 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ কঁপাই যোৱা উত্তৰ প্ৰদেশৰ হাথৰাছৰ দলিত তৰুণীৰ গণধৰ্ষণ কাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ গ্ৰেপ্তাৰ হোৱা কেৰলাৰ সাংবাদিকসহ সাতগৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

শনিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কেৰলাৰ সাংবাদিক ছিদ্দিক কাপ্পানসহ অন্য সাতগৰাকীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত প্ৰায় ৫০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে।

Apply Now

স্মৰ্তব্য যে বিগত বৰ্ষৰ ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী দলিত তৰুণীক জঘন্যভাৱে গণধৰ্ষণ কৰি চাৰি ধৰ্ষণকাৰীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে জিভা কাটি পেলাইছিল। নিৰ্যাতিতা তৰুণীৰ গৰাকী দিল্লীৰ এখন চিকৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল।

উক্ত দেশ কঁপাই যোৱা জঘন্য গণধৰ্ষণ কাণ্ডটোৰ বাতৰি সংগ্ৰহৰ বাবে তিনিজন সতীৰ্থৰ সৈতে সাংবাদিক ছিদ্দিক কাপ্পান উত্তৰ প্ৰদেশৰ হাথৰাছলৈ গৈছিল আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে কাপ্পানসহ অন্য তিনি সতীৰ্থসহ মুঠ সাতজনক গ্ৰেপ্তাৰ কৰিছিল।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে কাপ্পানসহ উক্ত সাতগৰাকীক ‘সন্দেহজনক ব্যক্তি’য়ে সন্ত্ৰাসবাদ কাৰ্যকলাপৰ বাবে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছিল।

কাপ্পানসহ অন্য আটাইকেইজনকে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ অভিযোগত মথুৰা কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

আৰু সাংবাদিক কাপ্পানসহ এই আটাকেইজন ব্যক্তিৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৫০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে।

“আমি এতিয়াও চাৰ্জশ্বীটৰ কপি লাভ কৰা নাই। চাৰ্জশ্বীটখন ৫০০০ পৃষ্ঠাৰ হ’ব। আমি অফিচিয়েলি কপিটো লাভ কৰি অধ্যয়ন কৰাৰ পিছত আমি কি কৰিম তাৰ সিদ্ধান্ত ল’ম।” মথুৰা আদালতৰ বাহিৰত আইনজীৱী মধুবন দত্ত চতুৰ্বেদীয়ে কয়।

উল্লেখ্য যে দেশ কঁপোৱা হাথৰাছ গণধৰ্ষণ কাণ্ডটোত স্থানীয় বিজেপি নেতাৰ পুত্ৰ তথা আত্মীয় জড়িত থকাৰ বাবেই উত্তৰ প্ৰদেশ চৰকাৰে সমগ্ৰ ঘটনাটোক অন্য ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠিছিল।

আৰক্ষীয়ে সঠিক পদক্ষেপ গ্ৰহণ নকৰা, অভিযুক্তৰ প্ৰতি নৰম হোৱা আৰু তথ্য প্ৰমাণ নষ্ট কৰাৰ লগতে নিৰ্যাতিতাৰ মৃতদেহ পৰিয়ালক গতাই নিদি আৰক্ষীয়ে গোপনে সৎকাৰ কৰাৰ অভিযোগ উঠিছিল।

ইয়াৰ পিছতে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদৰ ঢৌ উঠে আৰু উত্তৰ প্ৰদেশ আৰক্ষী আৰু চৰকাৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয়।

হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালটোক আৰক্ষীয়ে নিৰাপত্তাৰক্ষী মোতায়েন কৰি অভেদ্য দুৰ্গলৈ ৰূপান্তৰিত কৰি সাংবাদিক আৰু কোনো লোকক সাক্ষাৎ কৰাৰ অনুমতি দিয়া নাছিল।

দেশজুৰি হোৱা প্ৰৱল প্ৰতিবাদ আৰু জনমতত সেও মানি উত্তৰ প্ৰদেশ চৰকাৰে অৱশেষত গোচৰটো চিবিআইক অৰ্পণ কৰিবলৈ বাধ্য হয়।

স্মৰ্তব্য যে দলিত তৰুণীগৰাকীৰ নিৰ্যাতিতা পৰিয়ালটোৰ সাক্ষাৎ কৰি বাতৰি সংগ্ৰহৰ বাবে হাথৰাছলৈ যোৱা কেৰলাস্থিত দৈনিক বাতৰি কাকত এখনৰ সাংবাদিক কাপ্পানসহ অন্য সতীৰ্থসকলক আৰক্ষীয়ে তেতিয়াই গ্ৰেপ্তাৰ কৰি UAPAৰ অধীনত গোচৰ ৰুজু কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd