ৰাজ্যত আজি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত দিনৰ ১বজালৈকে ভোটদানৰ হাৰ হৈছে ৫৩.২৩ শতাংশ।
ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।
পুৱা ১১বজালৈকে ভোটদানৰ হাৰ আছিল ৩৩.১৮শতাংশ।
ভোটদানৰ হাৰ সন্ধিয়ালৈকে বৃদ্ধি পোৱাৰ আশা কৰা হৈছে কিয়নো ভোটকেন্দ্ৰসমূহত ভোটাৰে দীঘলীয়া শাৰী পাতি ভোটদান দিবলৈ ৰৈ থকা দেখা গৈছে।
আজি ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত অৰ্থাৎ পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ আছিল ১২.৮৩ শতাংশ।
ইপিনে, দিনৰ ১ বজালৈকে কামৰূপ(ম) জিলাৰ ভোটদানৰ হাৰো প্ৰকাশ কৰা গৈছে।
সেই অনুসৰি, জালুকবাৰীত ৫১ শতাংশ, দিছপুৰ ৪৫ শতাংশ, পূৱ গুৱাহাটী ৪২শতাংশ আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৪৯ শতাংশ ভোটদান হৈছে।
দিনৰ ১ বজালৈকে কামৰূপ মহানগৰৰ সামগ্ৰিক ভোটদানৰ হাৰ হৈছে ৪৬.৭৫ শতাংশ।
শেহতীয়া তথ্য অনুসৰি, এতিয়ালৈকে ধুবুৰী জিলাৰ ধুবুৰী সদৰ সমষ্টিত ভোটদানৰ হাৰ ৫৬.৬ শতাংশ, গৌৰীপুৰ সমষ্টিত ৫৬শতাংশ, গোলকগঞ্জত ৫৬.১শতাংশ, বিলাসীপাৰা পূবত ৫৮.৪০শতাংশ, বিলাসীপাৰা পশ্চিম সমষ্টিত ৫৯শতাংশ।
সেইদৰে, দক্ষিণ শালমাৰা জিলাৰ দক্ষিণ শালমাৰা সমষ্টিত ৬০.৫৯শতাংশ আৰু মানকাচৰ সমষ্টিত ৫৭.১৪শতাংশ ভোটদান হৈছে।
উল্লেখ্য যে ৰাজ্যখনৰ ১২ খন জিলাৰ ৪০ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা আজিৰ ভোটগ্ৰহণৰ সামৰণি পৰিব সন্ধিয়া ৬ বজাত।