• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2026 7:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)-ৰ ৩,৮৯৭ গৰাকী গ্ৰাহকৰ ব্যক্তিগত তথ্য ফাদিল হোৱা ঘটনাক লৈ উদ্বেগৰ সৃষ্টি হৈছে। এই ঘটনাত প্ৰভাৱিত গ্ৰাহকসকলক বেংক কৰ্তৃপক্ষই পৃথকে পৃথকে ই-মেইল আৰু হোৱাটছএপযোগে সতৰ্ক কৰিছে। সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা পোষ্টযোগে বেংকটোৱে এই কথা সদৰী কৰিছে।

বেংক কৰ্তৃপক্ষৰ মতে, ছাইবাৰ আক্ৰমণৰ সৈতে জড়িত তথ্য ফাদিলৰ ঘটনাত প্ৰভাৱিত গ্ৰাহকসকলক ইতিমধ্যে ব্যক্তিগতভাৱে অৱগত কৰা হৈছে। অৱশ্যে, গ্ৰাহকৰ বেংক একাউণ্টত জমা থকা ধন সুৰক্ষিত আছে বুলি দাবী কৰিছে এছ বি আয়ে। এই ঘটনাৰ ফলত গ্ৰাহকৰ জমা ধনৰ কোনো ক্ষতি হোৱা নাই বুলিও বেংকটোৱে স্পষ্ট কৰিছে।

Apply Now

ইফালে, অনলাইন বেংকিং ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে বেংক কৰ্তৃপক্ষই। কোনো লোকৰ সৈতে অ’টিপি (OTP), পিন (PIN) বা পাছৱৰ্ড ভাগ-বতৰা নকৰিবলৈ আহ্বান জনোৱাৰ লগতে সন্দেহজনক ফোনকল, বাৰ্তা আৰু ই-মেইলৰ প্ৰতি সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

এছ বি আয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এই ছাইবাৰ আক্ৰমণৰ ফলত মুঠ ৩,৮৯৭ গৰাকী গ্ৰাহকৰ ব্যক্তিগত তথ্য উন্মুক্ত হৈছিল। ফাদিল হোৱা তথ্যৰ ভিতৰত গ্ৰাহকৰ নাম, ই-মেইল ঠিকনা, ফোন নম্বৰ আৰু ঋণ-সম্পৰ্কীয় বিভিন্ন তথ্যও আছিল। ‘ছিৰিয়াছিম’ (Siriusim) নামৰ এটা হেকাৰ দলে এছ বি আইৰ ব্যৱস্থা হেক কৰাৰ দাবী কৰি এই তথ্যসমূহ ডাৰ্ক ৱেবত বিক্ৰীৰ বাবে আগবঢ়োৱাৰ কথা পোহৰলৈ আহিছিল। অৱশ্যে, এই আক্ৰমণৰ আঁৰত কোন জড়িত, সেই সন্দৰ্ভত বেংকটোৱে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই।

বেংকটোৱে জনোৱা মতে, যোৱা ১৬ অক্টোবৰত ডিফেন্স ছাইবাৰ এজেঞ্চী আৰু ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল (CERT-In)-ৰ পৰা লাভ কৰা ভাবুকি-সম্পৰ্কীয় তথ্যৰ ভিত্তিত সম্ভাৱ্য তথ্য ফাদিলৰ বিষয়ে প্ৰথমে সতৰ্ক হৈছিল এছ বি আই।

ইয়াৰ পিছতে প্ৰকাশ কৰা এক বিবৃতিত বেংকটোৱে দাবী কৰিছিল যে এই ঘটনাই ইয়াৰ তথ্য-প্ৰযুক্তি ব্যৱস্থা, মূল বেংকিং কাৰ্যকলাপ, আৰ্থিক প্ৰদৰ্শন অথবা ব্যৱসায়ৰ ধাৰাবাহিকতাত কোনো নেতিবাচক প্ৰভাৱ পেলোৱা নাই। গ্ৰাহকৰ ধন আৰু ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ লগতে বেংকৰ প্ৰতি থকা বিশ্বাস অটুট ৰখাটো সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰিছিল কৰ্তৃপক্ষই।

আনহাতে, সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত বিতং তদন্ত অব্যাহত আছে। হেকাৰ দলটোৱে পূৰ্বে দাবী কৰিছিল যে তেওঁলোকৰ হাতত CSV বিন্যাসত প্ৰায় ৩.৭৫ লাখ শাৰীৰ তথ্য আৰু সংবেদনশীল ব্যক্তিগত তথ্য থকা ২,৭২২টা PDF ফাইলৰ প্ৰৱেশাধিকাৰ আছে। অৱশ্যে, হেকাৰ দলটোৰ এই দাবীৰ সত্যতা আৰু তথ্য ফাদিলৰ প্ৰকৃত পৰিসৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm
ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm
গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd