• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাম্প্ৰদায়িক ঘৃণাক প্ৰতিৰোধ কৰিবলৈ এটা চিৰসেউজ গানৰ তালত নাচি উঠিছে অসংখ্য লোক, ক’ত?

by
April 13, 2021 6:54 pm
3k
VIEWS
Share on FacebookShare on Twitter

কেইদিনমান পূৰ্বে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল।

ভিডিঅ’টোত দেখা গৈছিল যে কেৰেলাৰ থ্ৰিচ্চুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে জনপ্ৰিয় জাৰ্মান সংগীতগোষ্ঠী ‘বনী এম’ৰ (Boney M) চিৰসেউজ এটা গান ‘ৰাস্পুটিন’ৰ (Rasputin) তালত নাচি নাচি আপোনপাহৰা হৈ পৰিছে।

 

View this post on Instagram

 

A post shared by Naveen K Razak (@naveen_k_razak)

ভিডিঅ’টো মিলিয়নসংখ্যক দৰ্শকে চাই মন্ত্ৰমুগ্ধ হৈ পৰিছে।

কিন্তু ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ এই আনন্দৰ মুহূৰ্তকণো চকুত পৰে সাম্প্ৰদায়িক গেৰুৱা বাহিনীৰ।

ইয়াৰ কাৰণ হৈছে ভিডিঅ’টোত থকা নবীন ৰাজ্জাক নামৰ ছাত্ৰজন এজন ইছলাম ধৰ্মী যুৱক, আনহাতে জানকী ওমকুমাৰ নামৰ ছাত্ৰীগৰাকী এগৰাকী হিন্দু যুৱতী।

গেৰুৱা বাহিনীয়ে ইয়াক ‘লাভ জেহাদ’ৰ স’তে সাঙুৰি নিজৰ ঘৃণনীয় প্ৰপাগাণ্ডাক প্ৰকট কৰিছে।

কিন্তু সাম্প্ৰদায়িক শক্তিটোৰ এই প্ৰপাগাণ্ডাক প্ৰতিৰোধ কৰিবলৈ সামাজিক মাধ্যমত সচেতন লোকসকলে #ResistHate নামেৰে এটা ট্ৰেণ্ডৰ সৃষ্টি কৰিছে।

সংবাদমাধ্যমক চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে জনাইছে যে তেওঁলোকৰ ভিডিঅ’টোক লৈ কৰা সাম্প্ৰদায়িক মন্তব্যসমূহে তেওঁলোকক অলপো বিচলিত কৰা নাই।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে মিলিয়ন সংখ্যক লোকে ভিডিঅ’টোক সমৰ্থন কৰাৰ বিপৰীতে ১০-১২ জন লোকে ইয়াক সাম্প্ৰদায়িক ৰহণ সানিবলৈ চেষ্টা কৰিছে।

Kerala against hate!
Divisive communal hate fueled forces have no place in Kerala#StepAgainstHatred ♥️ pic.twitter.com/2qjGhDSPx4

— Dr. Jonathan👨‍⚕️⚕️ (@just1doctorwala) April 11, 2021

আনহাতে, ভিডিঅ’টোক লৈ সাম্প্ৰদায়িক প্ৰপাগাণ্ডা চলোৱাৰ বিষয়টোক ক’চিন ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’ল’জীৰ ষ্টুডেণ্ট ফেডাৰেচন ইণ্ডিয়াৰ (এছএফআই) এটা শাখাই গুৰুত্বসহকাৰে লৈছে।

এছএফআইৰ শাখাটোৱে সামাজিক মাধ্যমত #resisthate হেশ্বটেগেৰে বনী এমৰ উক্ত গানটোৰে এটা ভাৰ্চুৱেল নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

#StepAgainstHatred
Context – after a fun dance by 2 doctors from Kerala went viral earlier this month, radicals jumped in to target the guy’s religion & spout the love jihad theory again (FOR A DANCE, mind you)

Well, the docs r back. And they’ve got friends too this time.
Enjoy. pic.twitter.com/nxLHQcMvdz

— Doctor Roshan R 🌍 (@pythoroshan) April 10, 2021

এই #resisthate হেশ্বটেগটোৱে ইতিমধ্যে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।

৬০টাতকৈও অধিক প্ৰতিযোগী দলে ইনষ্টাগ্ৰামযোগে ইয়াত চামিল হৈছে।

ছাত্ৰীগৰাকীয়ে কয় যে নৃত্য তেওঁৰ বাবে নতুন নহয়।

ABCD – Anybody can Dance

ABCD – AndhBhakt Challenging Dance #Rasputin #rasputinchallenge pic.twitter.com/j288YTXpE5

— ✌️PeaceMongerᴾᵃʳᵒᵈʸ ᴴᵃᵗᵉ (@PeaceMonger143) April 11, 2021

শিশু অৱস্থাৰে পৰা তেওঁ নৃত্যত ভাগ লোৱা বুলি জনায়।

তেওঁ কয় যে তেওঁলোকৰ নৃত্যৰ ভিডিঅ’টোৱে এনেদৰে সমাদৰ লাভ কৰাটো এটা অভাৱনীয় ঘটনা।

”আমি সাধাৰণভাৱেই এনেধৰণৰ ভিডিঅ’ তৈয়াৰ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰো।”- তেওঁ কয়।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd