• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ, দল-সংগঠনৰ শোক প্ৰকাশ

মুৰলী বৰুৱা by মুৰলী বৰুৱা
May 12, 2021 5:48 pm
Untitled-1-copy-8-750x375
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক, প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ নগাঁও জিলাত গভীৰ শোকৰ ছাঁ পৰিছে। জিলাখনৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, বিশিষ্ট ব্যক্তি সকল তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে মৰ্মাহত হৈ পৰে।

অসমৰ সাহিত্য, সংবাদ ক্ষেত্ৰখনৰ মহীৰূহ  স্বৰূপ হোমেন বৰগোহাঞিৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰি কয়- অসমৰ সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ’ল।

Apply Now

তেওঁ অসমৰ জাতীয় জীৱনৰ অভিভাৱক আছিল। জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা আৰু সম্পাদক ৰেৱত হাজৰিকাই সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। নগাঁও জিলা সাহিত্য সভাই তিনিদিনৰ বাবে সাহিত্য সভাৰ পতাকা অবনমিত কৰি ৰাখে।

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম গৌৰৱ হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- বৰগোহাঞিৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবেএক অপূৰণীয় ক্ষতি। তেওঁৰ মৃত্যুৱে অসমীয়া সাহিত্য আৰু সংবাদ ক্ষেত্ৰত দীৰ্ঘকালীন গভীৰ শূণ্যতাৰ সৃষ্টি কৰিব।

বৰগোহাঞিৰ মৃত্যুত বিশিষ্ট গৱেষক, পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰ ড° নৰেন কলিতা, সমালোচক প্ৰভাত বৰা, সাহিত্যিক উপেন্দ্ৰ বৰকটকী, শিৱানন্দ কাকতি, ভদ্ৰেশ্বৰ ৰাজখোৱা আদি বিভিন্নজন বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি কয়- হোমেন‌ বৰগোহাঞি এগৰাকী প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী  ব্যক্তি আছিল। প্ৰজ্ঞাৰ সাধক হিচাপে বৰগোহাঞিয়ে অসমৰ সমাজ জীৱনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই গৈছে। তেওঁ মৃত্যুত অসমে এগৰাকী অভিভাবক হেৰুৱালে।

অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি তথা নগাঁও কলেজৰ অধ্যক্ষৰ ড°শৰৎ বৰকটকীয়ে কয়- বৰগোহাঞিৰ মৃত্যু আমাৰ বাবে অসহনীয়। এই গৰাকী মহীৰূহৰ মৃত্যু আমাৰ বাবে ডাঙৰ ক্ষতি। তেওঁ সদায় অসমীয়া সাহিত্যৰ আকাশত তৰা হৈ জিলিকি থাকিব।

সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, উত্তৰ পূব শিশু গ্ৰন্থ মেলা পৰিচালনা সমিতি, কল্লোল সাংস্কৃতিক গোষ্ঠী, কিশলয়, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, গ্ৰাম বিকাশ পৰিষদ, নগাঁও জিলা চৰ-চাপৰি সাহিত্য পৰিষদ, নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনী, নগাঁও জিলা বাৰ্তা জীৱি সংঘ, আপকু, নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও জিলা কবি সন্মিলন, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতি, নগাঁও জিলা ভাৰতীয় গণ নাট্য সংঘ, নগাঁও জিলা মইনা পাৰিজাত, সুৰৰ পানচৈ শিল্পী সমাজ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখা, অসম নাট্য সন্মিলন, সংগীত শিল্পী মঞ্চ, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন, নগাঁও গ্ৰন্থ মেলা পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, সম্পাদক দ্বয় চন্দন জ্যোতি বৰা আৰু ভাস্কৰজ্যোতি মেধিয়ে অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ মহিৰূহ হোমেন বৰগোহাঞিৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে। তেওঁ অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগতে অসমৰ জাতীয় জীৱনৰ গুৰি ধৰিছিল।

তেওঁৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সৎগতি কামনা কৰে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, ৰকিবুল হুছেইন, বিধায়ক জিতু গোস্বামী, প্ৰাক্তন বিধায়ক ড° দুৰ্লভ চমুৱা, আদিয়ে বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- তেওঁ আছিল অসমৰ মাগ দৰ্শক।

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা ড° থুনু কলিতাই হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- অসম আৰু অসমীয়াৰ অভিভাৱক স্বৰূপ, সমাজ সংস্কাৰক হোমেন বৰগোহাঞিৰ মৃত্যু সকলোৰে কাৰণে অপুৰণীয় ক্ষতি। সমিতিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সৎগতি কামনা কৰে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd