• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যজুৰি কোভিড সঁহাৰি হেল্পলাইন নম্বৰ মুকলি, প্লাজমা বেংক স্থাপনৰো ব্যৱস্থা অজাপৰ

কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত জাতীয় দায়বদ্ধতাৰে কাম কৰাৰ অঙ্গীকাৰ জাতীয় পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 6:34 am
AJP press meet

সোমবাৰে গুৱাহাটীত অজাপৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিৰ প্ৰতি থকা দায়বদ্ধতা পালনৰ উদ্দেশ্যে অসম জাতীয় পৰিষদে সাম্প্ৰতিক কোভিড-সৃষ্ট পৰিস্থিতিত ৰাইজক সহায় কৰাৰ এলানি কার্যসূচী হাতত লৈছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সোমবাৰে এক সংবাদ মেলত এই কার্যসূচীৰ সৱিশেষ দাঙি ধৰে।

গগৈ আৰু ভূঞাই প্ৰকাশ কৰা মতে, কোভিড আক্ৰান্ত লোকসকলৰ লগতে কোভিড-পৰিস্থিতিত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলক দলৰ স্বেচ্ছাসেৱকসকলে সেৱা আগবঢ়াব।

Apply Now

‘জাতীয় সেৱক’ নামেৰে পৰিচিত হ’বলগীয়া দলৰ এই সদস্যসকলে ৰাইজক দৰৱ, খাদ্য তথা অন্য নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগানত সহায় কৰিব৷ যিসকল লোক নিজে ৰোগত আক্ৰান্ত হৈছে, যিসকলৰ ঘৰত চিকিৎসা বা অন্য প্ৰয়োজনীয় সামগ্ৰী আনি দিয়া লোক নাই, তেনে লোকৰ বাবে জিলা তথা জিলাৰ অন্তৰ্গত এলেকা ভিত্তিত কিছুমান হেল্পলাইন নম্বৰ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ মুকলি কৰে।

তেওঁ কয় যে উক্ত নম্বৰত ফোন কৰিলে ‘জাতীয় সেৱক’সকলে সংশ্লিষ্ট ব্যক্তিৰ সেই অভাৱ পূৰণৰ হকে অগ্ৰসৰ হ’ব৷ এই ক্ষেত্ৰত বিশেষকৈ কোভিড আক্ৰান্ত লোক, বৃদ্ধ, শিশু আৰু অসহায় মহিলা তথা কন্টেইনমেন্ট জোনৰ ভিতৰত পৰা লোকসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত জাতীয় সেৱকসকলে অগ্ৰাধিকাৰ দিব৷

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, “কোভিড মহামাৰী এতিয়া মহানগীৰৰ লগতে সৰু চহৰ আৰু গ্ৰাম্যাঞ্চললৈয়ো প্ৰসাৰিত হৈছে৷ এনে অৱস্থাত এনে বহু লোক আছে যাৰ হাতত প্ৰয়োজনীয় ধন আছে যদিও সান্ধ্য আইন বলৱৎ হৈ থকা বাবে বা উপযুক্ত লোকৰ অভাৱৰ হেতু দৰকাৰী কামটো সম্পাদন কৰিব পৰা নাই৷ আমাৰ জাতীয় সেৱকদকলে ৰাইজৰ এনে ধৰণৰ অভাৱসমূহ পূৰণ কৰিব৷”

আনহাতে, ইতিপূর্বে কোভিডত আক্ৰান্ত হৈ যিসকল লোকে সুস্থ হোৱাৰ পিছত এতিয়া প্লাজমা দান কৰিব বিচাৰে, তেনে লোকৰ নাম পঞ্জীয়নেৰে এটি ‘প্লাজমা বেংক’ স্থাপন কৰি দলে প্লাজমা সেৱাৰ কামো আৰম্ভ কৰিছে৷ এই সংক্ৰান্তত দলে  www.plasmafinder.assamjatiyaparishad.org  নামেৰে এটা ৱেবছাইট মুকলি কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে প্লাজমা দান কৰিব বিচৰা লোকসকলে উক্ত ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰিলে ‘জাতীয় সেৱক’সকলে এই ক্ষেত্ৰত প্লাজমা দানৰ ক্ষেত্ৰত প্ৰয়োজনীয় সেৱা আগবঢ়াব আৰু প্লাজমাৰ প্ৰয়োজন হোৱা লোকক দাতাৰ তথ্য় যোগানৰ লগতে প্ৰয়োজন অনুসৰি প্লাজমা দানৰ ক্ষেত্ৰতো সহায় কৰিব৷

গগৈয়ে প্ৰকাশ কৰা জিলা ভিত্তিক কোভিড সঁহাৰি নম্বৰসমূহ হ’ল: কামৰূপ (ম) জিলা- ৯১০১৩২১৬৭৯, ৯৪৩৫৭৩১৮২০; শিৱসাগৰ জিলা- ৮৮২২০৯১৫৭২, ডিব্ৰুগড় জিলা- ৮৮১২৮৭৬৪০৪, দৰং জিলা- ৬৯১০৯৯৭০০১, ধেমাজি জিলা- ৯৯৫৪৩৩২৪৩০, ৯১০১৭৩০২৬৮, ৮৬৩৮২৪০০৭৪, তিনিচুকীয়া জিলা- ৭৫৭৫৯৬৯৫৫৭, নলবাৰী জিলা- ৯৯৫৭৪৪৩০৫২, ৯৮৬৪৬৯৯০৫৮, ৮০১১৪৩০৫১৮, ৯৯৫৪৯০৬০১৩, ৮৬৩৮৫৭৪৬৩৬, হোজাই জিলা- ৯৮৬৪২২২০২৮, ৭০০২৮৩৫৫৮৯, যোৰহাট- ৭০০২৭৯৫২২৭, বঙাইগাঁও জিলা- ৮৬৩৮১৮২১২৯, লখিমপুৰ জিলা- ৯৭০৬০৬৮৯৭১, শোণিতপুৰ জিলা- ৬০২৬৫৫৬৫০৭, মৰিগাঁও জিলা- ৭০০২৩১৯২৮৪, বাক্সা জিলা- ৯৩৬৫১০৬৬৯১, বিশ্বানাথ জিলা- ৯৩৯৪১০৪৯২৯,, শদীয়া মহকুমা- ৮৮২২৫৮৭১৫৬, ধুবুৰী জিলা- ৮৬৩৮২৭৩০৬১, বজালী জিলা- ৮০১১৪৩৪৩৬৮, ৯৯৫৭৭০৯১৭৩, কামৰূপ জিলা- ৯৮৬৪২৯৪২৯৩৷

সংবাদ মেলত দলৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানো উপস্থিত থাকে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd