মেট্ৰিক আৰু হায়াৰ চেকেণ্ডৰী পৰীক্ষা কেনেকৈ অনুষ্টিত হব ! নে পৰীক্ষা বাতিল কৰা হ’ব, তাকে লৈ আজি জনতা ভৱনত অনুষ্ঠিত হোৱা এক বৈঠকত আলোচনা কৰা হয়।
আজিৰ বৈঠকত অংশ লয় ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, ছেবা, শিক্ষা সাংসদৰ প্ৰতিনিধি, আছু আৰু এবছুৰ প্ৰতিনিধিৰ লগতে অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন জিলাৰ উপায়ুক্তসকল।
আজিৰ বৈঠকত হোৱা আলোচনা মৰ্মে জুলাই মাহত অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা।
স্বাস্থ্য বিভাগে আগষ্টত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।
পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যখনত ৮৮০ টা চেণ্টাৰ ছেবাই নিৰ্ধাৰণ কৰিছে। প্ৰয়োজন সাপেক্ষে পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হব।
বৈঠকত আছুৱে তিনিটা বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।
অন্য ৰাজ্যৰ নিচিনা পৰীক্ষা অনুষ্ঠিত নকৰাকৈ মাৰ্কিং কোনো পদ্ধতি নাই ছেবা আৰু শিক্ষা সংসদৰ। সেইকাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব লাগিবই বুলি মতপোষণ কৰে আছুৱে।
আনহাতে, পৰীক্ষা বাতিল কৰাৰ কোনো পৰ্যায় নাই,পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব বুলি মত আগবঢ়ায় সদৌ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে।
অহা ৫ ছেপ্টেম্বৰৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ চেকেণ্ডৰী পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিব লাগিব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয়।
এবছুৰ ফালৰ পৰা ক’ভিডৰ সকলো নীতি-নিৰ্দেশনা মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বিষয় কমাই পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰা হয়। তিনিটা বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰি তিনিদিনত শেষ কৰাৰ কথা কোৱা হৈছে।
সেইদৰে, ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰি ৫ ছেপ্টেম্বৰৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে এবছুৱে।
বিশেষ এছ অ’ পি প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে এবছুৱে।
যিটো বিষয়ত সৰ্বাধিক নম্বৰ পায়, তাৰ লাভ হিচাপে আন তিনিটা বিষয়ত মাৰ্কিং কৰাৰ পোষকতা কৰা হৈছে বৈঠকত।
মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সিদ্ধান্ত চূড়ান্ত কৰিব বুলি বৈঠকত জনাইছে শিক্ষা মন্ত্ৰীয়ে।পৰীক্ষা নপতাকৈ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ কৰিব পৰা নাযাব, গতিকে পৰীক্ষা পাতিবই লাগিব বুলিও কয় শিক্ষামন্ত্ৰীগৰাকীয়ে।
ছাত্ৰ-ছাত্ৰীয়ে তিনিটা বিষয়ত ১০০ নম্বৰকৈ পৰীক্ষা দিয়াৰ পোষকতা কৰে আছুৱে। নিজ ইচ্ছা অনুসৰি তিনিটা বিষয় লব পৰাকৈ পৰামৰ্শ দিয়া হৈছে।
যিটো বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰিব, সেয়া পৰীক্ষা নিদিয়া বিষয় সমূহৰ নম্বৰ হিচাপে গণ্য কৰা হব।
সেই সূত্ৰটোয়ে উচিত সূত্ৰ বুলি মত দিয়ে আছুৰ উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই।
মুখ্যমন্ত্ৰীৰ লগত কথা পাতি অহা ১০ দিনৰ ভিতৰতে চৰকাৰে চুড়ান্ত সিদ্ধান্ত লব। পৰীক্ষা হবই, বিকল্প কোনো ব্যৱস্থা নাই।
আনহাতে, উচ্চতৰ মাধ্যমিক পৰীক্ষা কেনেকৈ অনুষ্ঠিত হব, এই বিষয়ে একো জনোৱা নাই যদিও দুই এদিনৰ ভিতৰতে আছু আৰু এবছুৰ লগত বহিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।