• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজাৰত বিক্ৰী কৰিবলৈ সাজু কৰা এফচিআইৰ ১লাখ বস্তা চাউল জব্দ কৰিলে অসম আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2021 11:28 am
Rice-laden-truck-1140x570

চাউল ভৰ্তি ট্ৰাক। ফাইল ফটো।

326
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় খাদ্য নিগমৰ (এফচিআই) মেঘালয়ৰ বাবে অনা ১লাখ বস্তা চাউল কামৰূপ গ্ৰাম্য জিলাৰ এটা ব্যক্তিগত গুদামৰ পৰা অসম আৰক্ষীয়ে জব্দ কৰিছে। অত্যাৱশ্যকীয় এই সামগ্ৰীখিন বজাৰত বিক্ৰী কৰিবলৈ সাজু কৰা হৈছিল।

বাতৰি অনুসৰি, অসম আৰক্ষী আৰু কামৰূপ (গ্ৰাম্য) জিলা প্ৰশাসনৰ দ্বাৰা চলোৱা এক যৌথ অভিযানত চাউলৰ বস্তাসমূহ জব্দ কৰা হয়।

জানিব পৰা মতে, অলপতে কামৰূপ গ্ৰাম্য জিলাৰ বকো থানাৰ অন্তৰ্গত ছাটাবাৰীৰ ছয়গাঁও ঔদ্যোগিক উন্নয়ন কেন্দ্ৰত থকা এটা ব্যক্তিগত কোম্পানীৰ গুদামৰ পৰা এফচিআইৰ চাউলসমূহ উদ্ধাৰ কৰা হৈছিল।

নদীয়াৰ পাৰ গাঁওৰ বাসিন্দাসকলে এখন চাউল ভৰ্তি ট্ৰাকৰ সন্দেহজনক গতিবিধি প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাৰ পাছতে এই অবৈধ কাৰ্যৰ কথা পোহৰলৈ আহে।

বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত ৰায় আৰু ছয়গাঁওৰ চক্ৰ বিষয়া জয়ন্ত বৰাৰ নেতৃত্বৰ এটা দলে চাউলৰ বস্তাসমূহ জব্দ কৰে।

ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডীমেনক জেৰা কৰাৰ পাছত ব্যক্তিগত কোম্পানীটোৰ গুদামত সংঘটিত ব্যাপক অনিয়মৰ কথা পোহৰলৈ আহে।

ব্যক্তিগত গুদামটোত ৫০ কেজিৰ বস্তাৰ ১লাখ বস্তা এফচিআইৰ চাউল জব্দ কৰা হৈছে বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে জনায় যে ব্যক্তিগত কোম্পানীটোৱে নিজৰ ব্ৰেণ্ডৰ নামত চাউল ৰিপেকেজিং কৰি মেঘালয়লৈ পঠিয়াইছিল।

এই খাদ্য সামগগ্ৰীসমূহ কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰা মুঠ ১৩খন ট্ৰাকো অভিযানকাৰী দলটোৱে গুদামটো তথা ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা জব্দ কৰিছে।

বাতৰি অনুসৰি, অসমৰ বিষয়াসকলে জানিবলৈ দিয়ে যে প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে ব্যক্তিগত কোম্পানীটোৱে ৰিপেকেজিং কৰাৰ পাছত চাউলসমূহ মেঘালয়ৰ আছাম ৰাইফলছলৈকে পঠিয়ায়।

কোম্পানীটোৱে আন ঠাইলৈও চাউল প্ৰেৰণ কৰে আৰু ইয়াত এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে।

ৰিকেকেজিঙৰ সৈতে জড়িত কোম্পানীটো মাৰুতি কোৱালিটি প্ৰডাক্টছ প্ৰাইভেট লিমিটেড (MQPPL) বুলি চিনাক্ত কৰা হৈছে। কোম্পানীটোৰ তথা গুদামটোৰ মালিক দীপক আগৰৱালা বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে।

Recent News

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd