বোকাখাতৰ ধনশিৰিমুখ মথাউৰিৰ কাষৰ পানী যুঁৱলিত আজি পুৱা এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷
উদং গাৰে পানী যুঁৱলিত উপঙি থকা মৃতদেহটোৱে পুৱাতে ধনশিৰিমুখত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ স্থানীয় লোকে খবৰ দিয়াৰ পাছতে বোকাখাতৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় ৷
আৰক্ষীৰ উপস্থিতিত সমীপৰ যুগলআটি গাওঁৰ সাধ মুণ্ডাই মৃতদেহটো তেওঁৰে পুত্ৰ অবিনাশ মুণ্ডাৰ বুলি চিনাক্ত কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হোৱা সংগীতা মুণ্ডাই মৃতদেহটো তেওঁৰ পুত্ৰ পংকজ মুণ্ডাৰ বুলি দাবী কৰে ৷
পিছত আৰক্ষীৰ তদন্তত ম়তদেহটো পংকজ মুণ্ডাৰ বুলি নিশ্চিত হয় ৷
উল্লেখ্য যে অবিনাশ মুণ্ডা আৰু কুমুদ মুণ্ডা নামৰ দুজন সমনীয়াৰ লগত শনিবাৰৰ দিনাই ঘৰৰ পৰা ওলাই আহিছিল পংকজ মুণ্ডা ৷
ধনশিৰিমুখত তেওঁলোকৰ লগ এৰি এজন অচিনাক্ত লোকৰ সৈতে পংকজ মুণ্ডা গুচি যোৱা বুলি অবিনাশ মুণ্ডা আৰু কুমুদ মুণ্ডাই অৱগত কৰে ৷
ইয়াৰ পিছতেই পংকজ মুণ্ডাৰ মৃতদেহ আজি পুৱা ধনশিৰিমুখৰ পানী যুঁৱলিত উদ্ধাৰ হয় ৷
পংকজ মুণ্ডাৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে বোকাখাত আৰক্ষীয়ে ৷