ম্যানমাৰৰ দেপাইন চহৰত ২৫জন যুৱকক হত্যা কৰিছে দেশখনৰ সামৰিক বাহিনীয়ে। ৰাজধানী নেপিড’ৰ পৰা ৩০০কিলোমিটাৰ উত্তৰে ছাংগাই অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
জুন্টা চৰকাৰৰ বিৰোধীসকলৰ সৈতে সামৰিক বাহিনীৰ সংঘৰ্ষৰ সময়ত সামৰিক বাহিনীয়ে এই বৰ্বৰ হত্যাকাণ্ড সংঘটিত কৰে।
আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে সামৰিক বাহিনীয়ে এইসম্পৰ্কত কোনো বক্তৱ্য প্ৰকাশ কৰা নাই।
কিন্তু দেশৰখনৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যম ‘গ্ল’বেল নিউ লাইট অফ ম্যানমাৰ’ত প্ৰকাশ পোৱা মতে অঞ্চলটোত টহলদাৰী সামৰিক বাহিনীৰ লোকৰ ওপৰত বিদ্ৰোহীসকলে গেৰিলা পদ্ধতিত আক্ৰমণ চলায়।
বিদ্ৰোহীৰ আক্ৰমণত এজন সেনা নিহত হোৱাৰ লগে ছয়জন আহত হয়। তাৰ পাছতেই সামৰিক বাহিনীয়ে প্ৰত্যাক্ৰমণ চলাই ২৫জন বিদ্ৰোহী যুৱকক হত্যা কৰে।
সংবা প্ৰতিষ্ঠানৰ বাতৰি মতে যোৱা শুকুৰবাৰে পুৱা চাৰিখন সামৰিক ট্ৰাক চহৰখনত প্ৰৱেশ কৰি সেনাৰ দল নমাই থৈ যায়। তেওঁলোকৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ স্থানীয় জুন্টা বিৰোধী পিপলছ ডিফেন্স ফ’ৰ্চৰ যুৱ সদস্যসকলে অৱস্থান গ্ৰহণ কৰিছিল।
যুৱকসকলৰ লগত শক্তিশালী অস্ত্ৰ-শস্ত্ৰ নাছিল আৰু অত্যাধুনিক অস্ত্ৰেৰে সজ্জিত সামৰিক বাহিনীয়ে তেওঁলোকক দমন কৰি খেদি পঠিয়াবলৈ সক্ষম হয়।
সংঘৰ্ষ শেষ হোৱাৰ পাছত বিদ্ৰোহী যুৱ সদস্যসকলৰ ২৫জনৰ মৃতদেহ উদ্ধাৰ হয়।