• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

আৰক্ষীৰ অভিযোগ যে প্ৰায় এটা দশক ধৰি কৌলে কাশ্মীৰী পণ্ডিতৰ পৰিত্যক্ত সম্পত্তি ব্যৱহাৰ কৰি সম্ভাৱ্য ক্ৰেতাক মাটি বিক্ৰী কৰাৰ প্ৰস্তাৱ দি আহিছিল। কেতিয়াবা মাটিৰ মালিক, কেতিয়াবা প্ৰকৃত মালিকৰ ‘অধিবক্তা’ বা প্ৰতিনিধি বুলি পৰিচয় দিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2026 1:32 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ৮০ বছৰীয়া ব্যক্তিক। আৰক্ষীৰ অভিযোগ যে বছৰ বছৰ ধৰি তেওঁ সোমনাথ কৌল, ব্ৰিজনাথ ভাট, মোহনলাল ধৰ বা হাদীনাথ ধৰৰ দৰে একাধিক পৰিচয় ব্যৱহাৰ কৰি কাশ্মীৰী পণ্ডিতৰ পৰিত্যক্ত মাটি বিক্ৰীৰ নামত প্ৰতাৰণা কৰিছিল। আৰক্ষীয়ে দিয়া এই পৰিচয়বোৰৰ বাবেই তেওঁ তদন্তকাৰীৰ মাজত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’ নামেৰে পৰিচিত হৈ পৰিছিল।

শ্ৰীনগৰৰ জেৱান অঞ্চলত সংঘটিত এই ঘটনা। ২৪ ছেপ্টেম্বৰত যেতিয়া আৰক্ষীয়ে তাত এটা ঘৰত অভিযান চলাইছিল, তেতিয়া প্ৰথমে খবৰ পোৱা গৈছিল যে অভিযুক্ত ঘৰত নাই। কিন্তু ঘৰত প্ৰৱেশ কৰাৰ পাছত আৰক্ষীৰ চকুত পৰিল ক্ষীণ পোহৰৰ কোঠা এটাত বহি উৰ্দু বাতৰি কাকত পঢ়ি থকা এজন বৃদ্ধ লোক। তাৰ পৰাই দীৰ্ঘদিন ধৰি পলাতক হৈ থকা এজন অভিযুক্তৰ পৰিচয় আৰু প্ৰৱঞ্চনাৰ ৰহস্য পোহৰলৈ আহিবলৈ ধৰিলে।

আৰক্ষীৰ অভিযোগ যে প্ৰায় এটা দশক ধৰি কৌলে কাশ্মীৰী পণ্ডিতৰ পৰিত্যক্ত সম্পত্তি ব্যৱহাৰ কৰি সম্ভাৱ্য ক্ৰেতাক মাটি বিক্ৰী কৰাৰ প্ৰস্তাৱ দি আহিছিল। কেতিয়াবা মাটিৰ মালিক, কেতিয়াবা প্ৰকৃত মালিকৰ ‘অধিবক্তা’ বা প্ৰতিনিধি বুলি পৰিচয় দিছিল। অভিযোগ অনুসৰি তেওঁ ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি চুক্তি কৰিছিল আৰু তাৰ পিছত টকা লৈ নিজকে আত্মগোপন কৰি ৰাখিছিল।

Apply Now

আৰক্ষীয়ে মাটিৰ চুক্তিত কৌলৰ ছবি পোৱাৰ পিছত এই গোচৰৰ তদন্ত আৰম্ভ হৈছিল। জানুৱাৰী মাহত সেই সূত্ৰ পোৱাৰ পিছত ক্ৰাইম ব্ৰাঞ্চে প্ৰায় ৯ মাহ ধৰি তেওঁক বিচাৰিছিল। তদন্তত ২০১৭ চনৰ পৰা ভূমি সম্পৰ্কীয় জালিয়াতিৰ একাধিক অভিযোগ উন্মোচিত হৈছে।

তদন্তকাৰীৰ মতে তেওঁৰ বিৰুদ্ধে মুঠ ৫টা গোচৰ আছে। ইয়াৰ ভিতৰত ইকনমিক অফেন্স উইং (ই অ’ ডব্লিউ) আৰু বিশেষ অপৰাধ শাখাত পঞ্জীয়ন হোৱা গোচৰত কাশ্মীৰী প্ৰব্ৰজনকাৰীৰ নকল নথি-পত্ৰ ব্যৱহাৰ কৰি প্ৰৱঞ্চনা, জালিয়াতি আৰু সম্পত্তি বিক্ৰী কৰাৰ অভিযোগ জড়িত হৈ আছে। তদন্তকাৰীয়ে দাবী কৰিছে যে কৌলে দীৰ্ঘদিন ধৰি আৰক্ষীৰ পৰা হাত সাৰি আছিল।

তেওঁৰ একাধিক পৰিচয়েও তদন্তকাৰীক আচৰিত কৰি তুলিছে। আৰক্ষীয়ে জনোৱা মতে, অৱসৰপ্ৰাপ্ত আয়ুৰ্বেদিক চিকিৎসক কৌলৰ চাৰ্ভিছ ৰেকৰ্ডত ব্ৰিজনাথ ভাট নাম আছে। তদন্তত তেওঁৰ নামত দুখন ভোটাৰ কাৰ্ড আৰু দুখন আধাৰ কাৰ্ডো পোৱা গৈছে – আৰক্ষীৰ মতে, যিবোৰত চাৰিটা বেলেগ বেলেগ নাম আছে।

অভিযোগ কৰা হৈছে যে তেওঁ কেৱল নাম সলনি কৰাতেই থমকি ৰোৱা নাছিল। তদন্তকাৰীয়ে দাবী কৰিছে যে তেওঁৰ আঙুলিৰ মূৰটো ক্ষতিগ্ৰস্ত, যাৰ ফলত বায়’মেট্ৰিক চিনাক্তকৰণৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। তেওঁ আৰক্ষীক জনোৱা মতে, দুৰ্ঘটনাত তেওঁৰ আঙুলি জ্বলি গৈছিল। এই দাবীৰ সন্দৰ্ভতো তদন্ত চলি আছে।

অৱশ্যে তেওঁক শেষত বিচাৰি পোৱাৰ সূত্ৰটো আৰু আচহুৱা আছিল। জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে কৌলে নিয়মিতভাৱে বাতৰি কাকত পঢ়ে আৰু কিছুমান বিশেষ বাতৰি কাকতৰ গ্ৰাহক আছিল। সেই উৎসৰ ভিত্তিত তদন্তকাৰীয়ে তেওঁ পঢ়া বাতৰি কাকতৰ চাবস্ক্ৰিপচন অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে। শেষত সেই পথেই পুলিচক জেৱানৰ এটা ঘৰলৈ লৈ গ’ল।

তদন্তত একাধিক মাটিৰ লেনদেনৰ অভিযোগো পোহৰলৈ আহিছে। এটা গোচৰত এজন ব্যক্তিয়ে দাবী কৰিছিল যে পুলৱামাৰ দ্ৰুছু অঞ্চলৰ এবিঘা মাটি আৰু বিজবেহাৰাত পপলাৰ গছ থকা মাটিৰ বাবে তেওঁক মুঠ ৯৩ লাখ টকা প্ৰতাৰণা কৰা হৈছিল। পিছত যেতিয়া তেওঁ আদালতত চুক্তিখন বৈধতাৰ চেষ্টা কৰিছিল তেতিয়া তেওঁ গম পাইছিল যে মাটিখিনি বিক্ৰেতা হিচাপে নাম উল্লেখ কৰা ব্যক্তিজনৰ নহয়।

আন এটা গোচৰত আৰক্ষীয়ে দাবী কৰিছে যে শ্ৰীনগৰৰ গুলাব বাগ পাণ্ডচ অঞ্চলত মাটি বিক্ৰীৰ নামত ৪৭ লাখ টকা লোৱা হৈছে। আকৌ একেখন মাটি হুমহামা অঞ্চলত দুজন ক্ৰেতাক বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন হৈছে। ক্ৰেতা দুজনৰ পৰা মুঠ প্ৰায় এক কোটি টকা লোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে।

কাশ্মীৰৰ অৰ্থনৈতিক অপৰাধ শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আব্দুল ৱাহিদ শ্বাহে কয় যে সাধাৰণ পৰিয়ালে সঞ্চয়ৰ এক বৃহৎ অংশ মাটি ক্ৰয়ৰ বাবে ব্যয় কৰে। যদি সেই ধন প্ৰৱঞ্চনাৰ জৰিয়তে হেৰাই যায়, তেন্তে ইয়াৰ ফলত পৰিয়ালটোৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰে। যদি গোচৰৰ লগত মধ্যভোগী বা আন কোনো লোক জড়িত থাকে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

সম্প্ৰতি শ্ৰীনগৰ কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত আছে সোমনাথ কৌল। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত এতিয়াও অব্যাহত আছে। ফলত তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সমগ্ৰ ভূমি জালিয়াতিৰ চক্ৰটোৰ লগত আৰু কোন জড়িত আৰু তেওঁৰ নাম আন কিমান লেনদেনৰ সৈতে জড়িত সেয়া নিশ্চিত নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd