• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ ফুডছ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডত ৫২ জন নিহত; এতিয়াও সন্ধানহীন বহু কৰ্মী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2021 7:33 am
0737e144dc4fe509fe53984ed5308793f45fc34a762d0dc19face049b67ef8f5
355
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ নাৰায়নগঞ্জৰ ৰূপগঞ্জত সজীৱ গ্ৰুপৰ শাখা প্ৰতিষ্ঠান হাছেম ফুড এণ্ড বিভাৰেজৰ ফুডছ ফেক্টৰীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ৫২জন লোক নিহত হৈছে।

অগ্নিকাণ্ড সংঘটিত হোৱা ভৱনটোৰ প্ৰথমৰ পৰা চতুৰ্থ মহলাৰ ভিতৰৰ পৰা এই মৃতদেহসমূহ উদ্ধাৰ কৰা হৈছে। ভৱনটোৰ পঞ্চম তথা ষষ্ঠ মহলাত উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু তাতো মৃতদেহ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, মৃতসকলৰ মাজত বহু শিশু শ্ৰমিকো আছে। উদ্ধাৰ হোৱা মৃতদেহৰ মাজত তালিকা অনুসৰি বহুতৰে বয়স ১৮ বছৰৰ তলত।

হাছেম ফুডছ ফেক্টৰীত চেজান জ্যুচ, চানাচুৰ, চকলেটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয়।

বৃহস্পতিবাৰে বিয়লি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত সেই শ্বিফটত কৰ্মৰত শ্ৰমিকসকলৰ অধিকাংশই প্ৰাণ হেৰুৱায়।

বাতৰি অনুসৰি, এতিয়াও কমেও ৫১জন শ্ৰমিক সন্ধানহীন হৈ আছে। ফায়াৰ চাৰ্ভিছৰ সূত্ৰই জানিবলৈ দিয়া মতে ভৱনটোৰ এটা চিৰি বন্ধ থকাৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে অন্যথা বহুকেইজনৰ প্ৰাণ ৰক্ষা কৰিব পৰা গ’লহেঁতেন।

অগ্নিকাণ্ডৰ ঘটনাৰ পাছত বৃহস্পতি নিশা ৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শুকুৰবাৰে বিয়লিলৈকে আৰু ৪৯টা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত মৃতকৰ সংখ্যা ৫২জনলৈ বৃদ্ধি পায়।

বাতৰি অনুসৰি, ফেক্টৰীটোৰ ভিতৰত প্ৰচুৰ মিঠাতেল থকাৰ বাবে বেছি সময় ধৰি জুই জ্বলি আছিল বুলি অনুমান কৰা হৈছে। তদুপৰি, তাত প্ৰচুৰ প্লাষ্টিক আৰু কাগজৰ কাৰ্টনো আছিল। উদ্ধাৰ কাৰ্যত নিয়োজিত কেইবাজনো ফায়াৰ চাৰ্ভিছৰ লোকো আহত হৈছে।

বৃহস্পতিবাৰে বিয়লি ৫বজাত অগ্নিকাণ্ড ঘটা হাছেম গ্ৰুপৰ ফেক্টৰীৰ জুই শুকুৰবাৰে দুপৰীয়ালৈকে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাছিল।

বাতৰি অনুসৰি, ফেক্টৰীটোৰ সপ্তম মহলাৰ এটা কেমিকেল গুডাউন থকাৰ বাবে অগ্নিকাণ্ডটোৰ ব্যাপকতা অধিক হোৱাৰ অনুমান কৰা হৈছে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd