• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰতিক্ৰিয়া! ‘ইতিহাসৰ সৰ্বাধিক প্ৰৱঞ্চনাকাৰী বাজেট’: ৰিপুন বৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2021 7:23 am
RipunBora-1140x570-750x375

ৰিপুন বৰা। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট ইতিহাসৰ সৰ্বাধিক প্ৰৱঞ্চনাকাৰী বাজেটৰ বাহিৰে আন একো নহয়। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰাৰ।

বাজেটখন কেবল অলংকাৰযুক্ত শব্দ, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হীৰেন ভট্টাচাৰ্যৰ দৰে অসমীয়া স্বাভিমানৰ প্ৰতীকসকলৰ কবিতা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা, বেদৰ সংস্কৃত শ্লোক ইত্যাদিৰে ভৰপূৰ বুলি অভিহিত কৰে বৰাই।

Apply Now

ৰিপুন বৰাই কয় যে বাজেটত কেইগৰাকীমান সখী সৃষ্টি কৰাৰ বাহিৰে আন একো নাই। সেইসকল সখী হৈছে -বেংকসখী, পশুসখী, কৃষিসখী আৰু জীৱিকাসখী। কিন্তু আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰা অসমৰ জনগণ, নিবনুৱা সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত যুৱক-যুৱতীসকল আৰু কোভিড মহামাৰীত জুৰুলা হোৱা ৰাইজৰ বাবে বাজেটত একো নতুনত্ব নাই।

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুন বৰাই দাঙি ধৰা তেওঁৰ বক্তৱ্যসমূহ হ’লঃ-

১. অসম চুক্তিৰ দৰে আটাইতকৈ গুৰুত্বপূর্ণ বিভাগ, যি বিভাগক আমি সকলোৱে অসম আৰু অসমবাসীৰ ৰক্ষাকবচ হিচাপে গণ্য কৰো সেই বিভাগত মাত্ৰ ২.৭কোটি টকা ধাৰ্য কৰাৰ পৰা সহজে অনুমেয় এই চৰকাৰৰ অসম আৰু অসম চুক্তিৰ প্ৰতি দায়ৱদ্ধতা কিমান।

২. কোভিড মহামাৰীত যিসকলে কৰ্মসংস্থাপন হেৰুৱালে, সমাজৰ অসংগঠিত শ্ৰেণীৰ খাটি খোৱা লোক সকল যেনে ৰিক্সাচালক, অটোচালক, ব্যক্তিগত গাড়ীৰ ড্ৰাইভাৰ, দিন হাজিৰা কৰা লোক, পদপথত ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায় চলাই থকা লোকসকল, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, ইলেকট্ৰিচিয়ান, প্লাম্বাৰ, নাপিত, ধুবী, দৰ্জি,  মুচি, ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী-কৰ্মী, বেণ্ডপাৰ্টিৰকৰ্মী, পাচলি বেপাৰী, মৎস্যজীৱি আদি লোকসকলৰ বেহা-বেপাৰ- জীৱিকা এই কোভিড মহামাৰীৰ সময়ত সম্পূর্ণৰূপে বন্ধ হোৱাত এতিয়া তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এইসকললোকৰ সাহায্যৰ বাবে বাজেটত ফুটাকড়ি এটাও নধৰিলে।

৩. বৰ্তমান পেট্ৰ’ল-ডিজেল- ৰন্ধনগেছ, বিভিন্ন অত্যাৱশ্যকীয় সামগ্রী আৰু জীৱনদায়িনী ঔষধৰ যি আকাশলংঘী মূল্য হৈছে ইয়াক নিয়ন্ত্রণৰ বাবে বাজেটত এটাও শব্দ উল্লেখ নকৰিলে।

৪.মাইক্ৰফাইনেন্সৰ সকলো ঋণী মহিলাৰ ঋণ মাফ কৰি দিয়া হব বুলি নিৰ্বাচনত প্ৰতিশ্ৰুতি দি এতিয়া এই বাজেটত ঋণ মাফৰ বাবে প্ৰয়োজনীয় ১২,৫০০কোটি টকাৰ বিপৰীতে ৭,৫০০কোটি টকা ধাৰ্য কৰা হৈছে বুলি বাজেটত উল্লেখ কৰিছে যদিও বিত্তমন্ত্রীয়ে ভাষাৰ পাক লগাই ঋণ লোৱা মহিলাসকলক নিয়মিতভাৱে ঋণ পৰিশোধ কৰিলে ২৫,০০০টকাৰ সাহায্য দিয়াতহে অধিক গুৰুত্ব দিছে। মাইক্ৰফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক তিনি ভাগত বিভক্ত কৰি ১২,৫০০কোটিৰ পৰা ৭,৫০০কোটিলৈ ঋণ পৰিশোধ কৰিবলগীয়া টকাৰ পৰিমাণ কমাই আনি বিত্তমন্ত্রীগৰাকীয়ে বহুহাজাৰ মহিলাক বঞ্চিত কৰিব বিচাৰিছে।

৫.অৰুণোদয় আঁচনিত মাহিলী ৮৩০টকাৰ পৰিবৰ্তে ৩০০০টকালৈ বৃদ্ধি কৰা হব বুলি দিয়া প্ৰতিশ্ৰুতিৰ ঠাইত এতিয়া বাজেটত ১০০০টকালৈ বৃদ্ধি কৰাটো আন এক চৰম বিশ্বাসঘাতকতা।

৬. অসমৰ ৩৮লাখ নিবনুৱা যুৱক-যুৱতীৰ বিপৰীতে মাত্ৰ ১লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিয়োগ কৰা হব বুলি দিয়া প্ৰতিশ্ৰুতি এপাচি শাকত এটা জালুকতকৈও নগণ্য। ভেন্সাৰ স্কুল আৰু কলেজসমূহ প্ৰাদেশীকৰণ কৰা সম্পৰ্কত আৰু স্বাস্থ্যবিভাগকে ধৰি বিভিন্ন বিভাগত ঠিকাভিত্তিত যিসকল যুৱক-যুৱতীয়ে বছৰ বছৰ ধৰি কাম কৰি আহিছে সেইসকলৰ নিয়মীয়াকৰণ সম্পৰ্কত বাজেটত কোনো উল্লেখ নথকাটো এইচৰকাৰৰ আন এক চৰম বিশ্বাসঘাতকতা।

৭.এনডিএফবি আত্মসমর্পণকাৰীসকলৰ পুনৰ সংস্থাপনৰ বাবে বাজেটত পুঁজি ধাৰ্য কৰাটো প্ৰশংসনীয়। কিন্তু অসমৰ বাকীবিলাক উগ্ৰপন্থী সংগঠনৰ আত্মসমর্পণকাৰীসকলৰ বাবে বাজেটত এটাও পইচা ধাৰ্য নকৰাটো চৰকাৰখনৰ এক দায়িত্বহীনতাৰপৰিচায়ক।

যোৱা পাঁচটা বছৰত বিজেপি চৰকাৰে দাখিল কৰা বাজেটসমূহৰ প্ৰতিশ্ৰুতি যেনেকৈ ধোৱাচাঙত উঠিল, এইবাৰৰ বাজেটখনো তাৰ ব্যতিক্ৰম নহ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd