(লাভলীনাৰ সংগ্ৰামী জীৱনৰ কাহিনী -১)
প্ৰয়োজনতকৈ অধিক ওখ ছোৱালীজনী ৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ বিদ্যালয়ৰ নিয়ম অনুসৰি অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হলেই চাদৰ মেখেলা পিন্ধিব লাগে ৷ গতিকে বায়েকৰ মেখেলাচাদৰ পিন্ধি স্কুল যায় ৷
কিন্তু মেখেলাখনে কোনোমতেই ভৰিৰ কলাফুল নাপায়গৈ ৷ লাজ পায় তেনেদৰে স্কুল যাবলৈ ৷ ফলত পঢ়াশুনাত লাহে লাহে মনোযোগ কমি আহিল ৷ স্কুল খতি কৰিবলৈ ধৰিলে ৷
এনেদৰে গৈ গৈ ক্লাছ নাইনত পৰীক্ষাত ফেইল কৰি থাকিল ৷ স্কুল যোৱাতকৈ ঘৰত চাহ পুলি চেগুন পুলি ৰুই ভাল পোৱা হ’ল ৷ তাৰ মাজতে মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হ’ল ৷
প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত মোৱা-থাই প্ৰতিযোগিতাত প্ৰথম যোৰহাটত আৰু তাৰ পাছত ঝাৰখাণ্ডত প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হ’ল৷ একে সময়তে অসমৰ সোনাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লাভ কৰিলে সোনৰ পদক ৷
সেইয়া আছিল আজিৰ পৰা এটা দশকৰ আগৰ কথা ৷ ২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিলে ৷
তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷ ছাই কেন্দ্ৰত যোগদান কৰিবনে নাই তাক লৈ দোধোৰমোধোৰ অৱস্থাত থকাৰ সময়ত মাকে ক’লে যে তাই যদি ছাইত যোগদান কৰে তেতিয়া আৰুএনেদৰে মেখেলাচাদৰ পিন্ধাৰ দৰকাৰ নাই।
ছাইত যোগদান কৰিবলৈ মেখেলাচাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনীক আৰু বেলেগ অজুহাতৰ প্ৰয়োজন নাছিল ৷ মেখেলাচাদৰ পিন্ধাৰ পৰা ৰেহাই পোৱাৰ আশাতেই পাছদিনাই গুৱাহাটীৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিছিল ৷
আৰু আজি এটা দশকৰ পাছত মেখেলাচাদৰ পিন্ধাৰ ভয়ত ছাইত যোগ দিয়া ছোৱালীজনীয়ে অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে টকিঅ’ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷
আমাৰ ঘৰৰ পৰা মাথোঁ চাৰি কিলোমিটাৰ নিলগৰ বৰপথাৰ বাৰমূখীয়া গাঁৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই এই ভিতৰুৱা অঞ্চলটোৰ পৰা গৈ কিদৰে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হ’ল এই দীঘলীয়া যাত্ৰাৰ লগত বিভিন্ন ঘটনা পৰিঘটনা জড়িত হৈ আছে ৷
নাই নিজা পোচাক; সতীৰ্থ খেলুৱৈৰ প্ৰতাৰণা, তাৰ মাজতে পদক আজুৰি আনিছিল লাভলীনাই
(লাভলীনাৰ সংগ্ৰামী জীৱনৰ কাহিনী- ২ )
আৰ্থিক অনাটনৰ মাজত ডাঙৰ দীঘল হোৱা লাভলীনাই স্কুলত পঢ়ি থাকোতে যিদৰে বায়েকহতৰ ইউনিফৰ্ম পিন্ধি স্কুল যাব লগীয়া হৈছিল ঠিক তেনেদৰে একেই অৱস্থাৰ সন্মুখীন হৈছিল বক্সিং ৰিঙতো ৷
সেইটা আছিল বক্সিং কেৰিয়াৰৰ আৰম্ভণিৰ সময়ৰ কথা ৷ কলিকতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত যোগদান কৰিবলৈ গৈছিল লাভলীনা ৷
কিন্তু নিজৰ বাবে নাছিল খেলৰ অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ ৷ আনকি নিজাকৈ এজোৰ খেলৰ পোচাকো নাছিল ৷ যাত্ৰাৰ সময়ত এগৰাকী সতীৰ্থ খেলুৱৈয়ে তাইৰ পোচাকযোৰ নিজে খেলাৰ পাছত লাভলীনাক দিবলৈ মান্তি হৈছিল ৷
কিন্তু অসমৰ সেই খেলুৱৈ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই প্ৰতিযোগিতাত প্ৰাৰম্ভিক পৰ্যায়তে পৰাজিত হৈছিল ৷ আচৰিত কথা খেলত পৰাজয়ৰ পাছত সেই খেলুৱৈ গৰাকীয়ে তাইৰ পোচাক লাভলীনাক দিবলৈ অমান্তি হ’ল ৷ হয়তো ঈৰ্ষাত ৷ যাৰ ফলত লাভলীনাৰ বাবে প্ৰতিযোগিতাত যোগদান সেই সময়ত অসম্ভৱ হৈ পৰিছিল ৷
অৱশ্যে এগৰাকী জেষ্ঠ খেলুৱৈয়ে তেনে অৱস্থাত তেওঁৰ নিজৰ এজোৰ পোচাক লাভলীনালৈ আগবঢ়াই দিয়ে ৷ তেতিয়া লাভলীনাৰ বয়স মাথোঁ ১৫ বছৰ ৷ গতিকে জেষ্ঠ খেলুৱৈ গৰাকীৰ পোচাকযোৰ বহুত ডাঙৰ আৰু জলহু ধৰণৰ হ’ল ৷ কিন্তু আন কোনো বিকল্পও নাছিল লাভলীনাৰ সন্মুখত ৷
প্ৰচুৰ আত্মবিশ্বাস আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হব পৰা যোগ্যতা থকা লাভলীনাক যেন কোনো প্ৰতিকুল পৰিৱেশেই বিচলিত কৰিব নোৱাৰে ৷ জ্যেষ্ঠ খেলুৱৈৰ জলহু পোছাক আৰু আনৰ পৰা লোৱা গ্লোৱেৰেই সেই প্ৰতিযোগিতাত পদক আজুৰি আনিছিল লাভলীনাই ৷
অভাৱ অনাটন বা আন কোনো সমস্যাই বাধা দিব নোৱাৰা লাভলীনা কিছুদিন পূৰ্বে ক’ভিডটো আক্ৰান্ত হৈছিল ৷ কিন্তু তাৰ মাজতো অব্যাহত ৰাখিছিল কঠোৰ প্ৰশিক্ষণ ৷
লাভলীনা এনে অলেখ কাহিনীৰ মাজেৰে এই অৱস্থাত উপনিত হৈছেগৈ ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় অসমৰ সংবাদ পত্ৰ আৰু ছ’ছিয়েল মিডিয়ত লাভলীনৰ কথাই যেনেদৰে গুৰুত্ব পাব লাগিছিল তেনেদৰে গুৰুত্ব লাভ নাই কৰা ৷
বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জপদক লাভ কৰাৰ পাছতো বিজ্ঞাপন জগতত ভৰি দিয়াৰ সলনি নিজৰ লগতে মাক-দেউতাকৰ সপোনবোৰ বাস্তৱিক কৰিবলৈ কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ৷ এইমুহূৰ্তত লাভলীনাক প্ৰয়োজন আপোনালোকৰ শুভকামনা আৰু আশীৰ্বাদৰ ৷
(লেখক গোলাঘাট ডি আৰ কলেজৰ সহযোগী অধ্যাপক )