• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

লাভলীনা! মেখেলা চাদৰ পিন্ধাৰ ভয়ত বক্সিঙৰ ৰিঙত নমা ছোৱালীজনী

নাই নিজা পোচাক; সতীৰ্থ খেলুৱৈৰ প্ৰতাৰণা, তাৰ মাজতে পদক আজুৰি আনিছিল লাভলীনাই

দেৱজিৎ ফুকন by দেৱজিৎ ফুকন
July 20, 2021 9:14 pm
Lovlina_twitter-750x375

লাভলীনা বৰগোঁহাই।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

(লাভলীনাৰ সংগ্ৰামী জীৱনৰ কাহিনী -১)

প্ৰয়োজনতকৈ অধিক ওখ ছোৱালীজনী ৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ বিদ্যালয়ৰ নিয়ম অনুসৰি অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হলেই চাদৰ মেখেলা পিন্ধিব লাগে ৷ গতিকে বায়েকৰ মেখেলাচাদৰ পিন্ধি স্কুল যায় ৷

Apply Now

কিন্তু মেখেলাখনে কোনোমতেই ভৰিৰ কলাফুল নাপায়গৈ ৷ লাজ পায় তেনেদৰে স্কুল যাবলৈ ৷ ফলত পঢ়াশুনাত লাহে লাহে মনোযোগ কমি আহিল ৷ স্কুল খতি কৰিবলৈ ধৰিলে ৷

এনেদৰে গৈ গৈ ক্লাছ নাইনত পৰীক্ষাত ফেইল কৰি থাকিল ৷ স্কুল যোৱাতকৈ ঘৰত চাহ পুলি চেগুন পুলি ৰুই ভাল পোৱা হ’ল ৷ তাৰ মাজতে মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হ’ল ৷

প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত মোৱা-থাই প্ৰতিযোগিতাত প্ৰথম যোৰহাটত আৰু তাৰ পাছত ঝাৰখাণ্ডত প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হ’ল৷ একে সময়তে অসমৰ সোনাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লাভ কৰিলে সোনৰ পদক ৷

সেইয়া আছিল আজিৰ পৰা এটা দশকৰ আগৰ কথা ৷ ২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিলে ৷

তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷ ছাই কেন্দ্ৰত যোগদান কৰিবনে নাই তাক লৈ দোধোৰমোধোৰ অৱস্থাত থকাৰ সময়ত মাকে ক’লে যে তাই যদি ছাইত যোগদান কৰে তেতিয়া আৰুএনেদৰে মেখেলাচাদৰ পিন্ধাৰ দৰকাৰ নাই।

ছাইত যোগদান কৰিবলৈ মেখেলাচাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনীক আৰু বেলেগ অজুহাতৰ প্ৰয়োজন নাছিল ৷ মেখেলাচাদৰ পিন্ধাৰ পৰা ৰেহাই পোৱাৰ আশাতেই পাছদিনাই গুৱাহাটীৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিছিল ৷

আৰু আজি এটা দশকৰ পাছত মেখেলাচাদৰ পিন্ধাৰ ভয়ত ছাইত যোগ দিয়া ছোৱালীজনীয়ে অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে টকিঅ’ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷

আমাৰ ঘৰৰ পৰা মাথোঁ চাৰি কিলোমিটাৰ নিলগৰ বৰপথাৰ বাৰমূখীয়া গাঁৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই এই ভিতৰুৱা অঞ্চলটোৰ পৰা গৈ কিদৰে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হ’ল এই দীঘলীয়া যাত্ৰাৰ লগত বিভিন্ন ঘটনা পৰিঘটনা জড়িত হৈ আছে ৷

নাই নিজা পোচাক; সতীৰ্থ খেলুৱৈৰ প্ৰতাৰণা, তাৰ মাজতে পদক আজুৰি    আনিছিল লাভলীনাই

(লাভলীনাৰ সংগ্ৰামী জীৱনৰ কাহিনী- ২ )

আৰ্থিক অনাটনৰ মাজত ডাঙৰ দীঘল হোৱা লাভলীনাই স্কুলত পঢ়ি থাকোতে যিদৰে বায়েকহতৰ ইউনিফৰ্ম পিন্ধি স্কুল যাব লগীয়া হৈছিল ঠিক তেনেদৰে একেই অৱস্থাৰ সন্মুখীন হৈছিল বক্সিং ৰিঙতো ৷

সেইটা আছিল বক্সিং কেৰিয়াৰৰ আৰম্ভণিৰ সময়ৰ কথা ৷ কলিকতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত যোগদান কৰিবলৈ গৈছিল লাভলীনা ৷

কিন্তু নিজৰ বাবে নাছিল খেলৰ অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ ৷ আনকি নিজাকৈ এজোৰ খেলৰ পোচাকো নাছিল ৷ যাত্ৰাৰ সময়ত এগৰাকী সতীৰ্থ খেলুৱৈয়ে তাইৰ পোচাকযোৰ নিজে খেলাৰ পাছত লাভলীনাক দিবলৈ মান্তি হৈছিল ৷

কিন্তু অসমৰ সেই খেলুৱৈ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই প্ৰতিযোগিতাত প্ৰাৰম্ভিক পৰ্যায়তে পৰাজিত হৈছিল ৷ আচৰিত কথা খেলত পৰাজয়ৰ পাছত সেই খেলুৱৈ গৰাকীয়ে তাইৰ পোচাক লাভলীনাক দিবলৈ অমান্তি হ’ল ৷ হয়তো ঈৰ্ষাত ৷ যাৰ ফলত লাভলীনাৰ বাবে প্ৰতিযোগিতাত যোগদান সেই সময়ত অসম্ভৱ হৈ পৰিছিল ৷

অৱশ্যে এগৰাকী জেষ্ঠ খেলুৱৈয়ে তেনে অৱস্থাত তেওঁৰ নিজৰ এজোৰ পোচাক লাভলীনালৈ আগবঢ়াই দিয়ে ৷ তেতিয়া লাভলীনাৰ বয়স মাথোঁ ১৫ বছৰ ৷ গতিকে জেষ্ঠ খেলুৱৈ গৰাকীৰ পোচাকযোৰ বহুত ডাঙৰ আৰু জলহু ধৰণৰ হ’ল ৷ কিন্তু আন কোনো বিকল্পও নাছিল লাভলীনাৰ সন্মুখত ৷

প্ৰচুৰ আত্মবিশ্বাস আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হব পৰা যোগ্যতা থকা লাভলীনাক যেন কোনো প্ৰতিকুল পৰিৱেশেই বিচলিত কৰিব নোৱাৰে ৷ জ্যেষ্ঠ খেলুৱৈৰ জলহু পোছাক আৰু আনৰ পৰা লোৱা গ্লোৱেৰেই সেই প্ৰতিযোগিতাত পদক আজুৰি আনিছিল লাভলীনাই ৷

অভাৱ অনাটন বা আন কোনো সমস্যাই বাধা দিব নোৱাৰা লাভলীনা কিছুদিন পূৰ্বে ক’ভিডটো আক্ৰান্ত হৈছিল ৷  কিন্তু তাৰ মাজতো অব্যাহত ৰাখিছিল কঠোৰ প্ৰশিক্ষণ ৷

লাভলীনা এনে অলেখ কাহিনীৰ মাজেৰে এই অৱস্থাত উপনিত হৈছেগৈ ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় অসমৰ সংবাদ পত্ৰ আৰু ছ’ছিয়েল মিডিয়ত লাভলীনৰ কথাই যেনেদৰে গুৰুত্ব পাব লাগিছিল তেনেদৰে গুৰুত্ব লাভ নাই কৰা ৷

বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জপদক লাভ কৰাৰ পাছতো বিজ্ঞাপন জগতত ভৰি দিয়াৰ সলনি নিজৰ লগতে মাক-দেউতাকৰ সপোনবোৰ বাস্তৱিক কৰিবলৈ কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ৷ এইমুহূৰ্তত লাভলীনাক প্ৰয়োজন আপোনালোকৰ শুভকামনা আৰু আশীৰ্বাদৰ ৷

(লেখক গোলাঘাট ডি আৰ কলেজৰ সহযোগী অধ্যাপক )

দেৱজিৎ ফুকন

দেৱজিৎ ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd