NORTHEAST NOW (Assamese)
অসম

বহলপুৰত দহ বিধ উন্নত জাতৰ ধানৰ কঠিয়া ৰোপণেৰে কৃষকক উপকৃত কৰাৰ প্ৰয়াস

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ July 26, 2021 8:20 pm
bak

ক্ৰপ কেফেটেৰিয়া তথা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ আঁচনিৰ যোগেদি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা কৃষি বিভাগৰ প্ৰচেষ্টাত সোমবাৰে চাপৰ থানাৰ অন্তৰ্গত বহলপুৰ  গাওঁ পঞ্চায়ত এলেকাৰ যোগীপাৰা (নাথপাৰা)১ ম খণ্ডত কৃষক হৰিশ চন্দ্ৰ নাথ ‘ ৰ প্ৰায় ডেৰ বিঘা কৃষি ভূমিত (নিৰ্বাচিত কৰি) পৰীক্ষা মূলক ভাবে দহ বিধ ধানৰ কঠীয়া ৰোপন কৰা হয়।

অনুষ্ঠান ২৭ নং বি বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক চামসুল হুদাই  শুভ উদ্বোধন কৰে।

কৃষি বিভাগৰ বিভিন্ন বিষযা  , কৰ্মচাৰী আৰু একাংশ কৃষক ৰাইজৰ অংশগ্ৰহণত প্ৰখৰ ৰদক নেওচি ভূই ৰোৱা তথা এই কঠিয়া ৰোপণ কাৰ্যসূচী সম্পাদন কৰা হয়।

বিলাসীপাৰা মহকুমা কৃষি কাৰ্যালয়ৰ অধীনত ”    “ধানৰ জাতৰ সমাহাৰ ” আঁচনিৰ কঠিয়া ৰোপন কাৰ্যসূচীত মহকুমা জ্যেষ্ঠ কৃষি বিষযা  ৱাজেদ আলী , কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ বিভাগৰ (বিলাসীপাৰা ) ডেপুটী  প্ৰজেক্ট ডাইৰেক্টৰ মাফিদুল ইছলামৰ লগতে কৃষি বিভাগৰ বিভিন্ন পয্যাযৰ    বিষযা কৰ্মচাৰী ক্ৰমে নুৰ আলম সৰকাৰ , দীপাংকৰ দাস , মেহতাব উদ্দীন আহমেদ , আব্দুৰ ৰেজ্জাক আৰু লগতে আঞ্চলিক পঞ্চায়ত ৰ সদস্যা বিউটী সিংহ আদি  উপস্থিত আছিল।

দহ বিধ ধানৰ কঠিয়া ক্ৰমে স্বৰ্ণ চাব -১ , ৰঞ্জিত চাব-১ , বাহাদুৰ চাব -১ , কলা জহা , আইজং , বিনা ধান -১১, বৰ্ণী ,ৰঞ্জিত , জলশ্ৰী আৰু যমুনা ৰোপন কৰা হয়।ধান বিজ্ঞান সন্মত ভাবে উৎপাদন কৰি এই অঞ্চলৰ বাবে উপযোগী ধানৰ জাত নিৰ্বাচন কৰাটো এই আঁচনিৰ মূল লক্ষ্য বুলিকৃষি বিষযা ৱাজেদ আলীয়ে কয় ।

এই অনুষঠানটিত  কণিষ্ঠ গৱেষক বিজ্ঞানী অক্ষয় ভৰদ্বাজ আৰু  বিষয় বস্তু বিশেষজ্ঞ বিপুল দাসো উপস্থিত থাকে।