• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদ ভৱনতে অসমীয়াক গুলীওৱাৰ হুংকাৰ দিয়া মিজো সাংসদক গ্ৰেপ্তাৰ কৰাৰ সাহস হ’বনে অসম আৰক্ষীৰ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 'আমাক গুলীয়ালেও গুলীয়াওক' জাতীয় মন্তব্যৰ পিছত লক্ষ্যণীয় হ'ব অসম আৰক্ষীৰ ভূমিকা

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2021 7:11 am
Mizoram-MP-Vanlalvena
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-মিজোৰাম সীমান্তত ৭ জনকৈ লোকক মিজো আৰক্ষীয়ে হত্যা কৰাৰ পিছত এইবাৰ সংসদ ভৱনৰ বাকৰিৰ পৰাই অসমীয়াক গুলীওৱাৰ হুংকাৰ প্ৰদান কৰিছে মিজোৰামৰ এগৰাকী সাংসদে।

সাংসদগৰাকীয়ে পুনৰ অসমীয়াক গুলীওৱাৰ হুংকাৰ দিয়াৰ কথাই সকলোৰে চকু থৰ লগাইছে। মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰ দি থকাৰ সময়তে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীক গুলীয়াই হত্যা কৰাৰ কথা স্বীকাৰ কৰে।সাংসদ ভানলালভেনাই কয় —’ আমি তাত তেওঁলোকক গুলীয়াইছিলো। তেওঁলোকে পুনৰ আমাৰ সীমা অতিক্ৰম কৰিলেই আকৌ গুলীয়াম।ভাগ্য ভাল যে আমি আটাইবোৰকে মাৰি নেপেলালো, তেওঁলোকে যদি পুনৰ আহে আমি এইবাৰ সকলোকে হত্যা কৰিম’।

Apply Now

অসম আৰক্ষীক এনেদৰে মুকলি প্ৰত্যাহ্বান জনোৱা সাংসদগৰাকীৰ ভাষ্যই এতিয়া দেশ জুৰি তোলপাৰ লগাইছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অহিংস নীতি’ গ্ৰহণ কৰি কৈছিল যে মিজোৱে গুলীয়ালেও অসম আৰক্ষীক গুলী ফুটাবলৈ দিয়া নহ’ব।

Tweets by gpsinghips

এতিয়া খোদ সংসদ ভৱনৰ পৰাই মিজো সাংসদে সকলো আইন ভৰিৰে মোহাৰি আৰক্ষীক গুলীয়াব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাই কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হৈ পৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল সাংসদ কে ভানলালভেনাই সংসদ ভৱনৰ পৰাই তেনে স্পৰ্শকাতৰ মন্তব্য কৰাৰ পিছতে অসম চৰকাৰৰ চিআইডিৰ দল এটা দিল্লীলৈ ৰাওনা হৈছে।

জানিব পৰা মতে চিআইডিৰ দলটোৱে সাংসদগৰাকীক তেওঁ কৰা মন্তব্য সন্দৰ্ভত প্ৰশ্ন কৰিব। কিন্তু সচেতন মহলৰ মাজত এতিয়া এইবুলি চৰ্চা চলিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ সময়তো ‘কোনোৱাই গুলীয়ালেও আমি একো নকৰো ‘জাতীয় মন্তব্য কৰাৰ পিছত অসমৰ চিআইডিৰ দলক জানো সাংসদ কে ভানলালভেনা গুৰুত্ব দিব?

ইপিনে অসমৰ স্পেচিয়েল ডিজিপি জিপি সিঙে প্ৰকাশ কৰা মতে সন্দৰ্ভত ধলাই থানাত গোচৰ ৰুজু কৰা হৈছে ৷

সীমান্তত অসম আৰক্ষীৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত অস্ত্ৰ আইন 25(1-A) আৰু ৰাজহুৱা সম্পত্তি ধ্বংস প্ৰতিৰোধ আইনৰ ৩ নং ধাৰাৰ অধীনতো ভাৰতীয় দণ্ডবিধিৰ 120B, 447, 336, 379, 333, 307, 302ত ধলাই থানাত ২৭ জুলাইত গোচৰ ৰুজু কৰা হৈছে ৷

অসম আৰক্ষীয়ে সীমান্তত  গুলীচালনা কৰা লোকৰ সন্ধান দিব পৰা জনক পাঁচ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে। এতিয়া সাংসদগৰাকীয়ে নিজে গুলীচালনাৰ ঘটনাটোত তেওঁলোক জৰিত বুলি কোৱাৰ পিছত সাংসদ কে ভানলালভেনাক গ্ৰেপ্তাৰ কৰাৰ সাহস হ’বনে অসম আৰক্ষীৰ?

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd