• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ প্ৰধানমন্ত্ৰীৰ ভাতৃৰ! কিয় এই হুংকাৰ দিলে প্ৰহ্লাদ মোদীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2021 10:46 am
Prahlad Modi

প্ৰহ্লাদ মোদী।

425
VIEWS
Share on FacebookShare on Twitter

এইবাৰ একেলগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ তথা অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ ডিলাৰ্ছ এছ’চিয়েশ্যনৰ উপ সভাপতি প্ৰহ্লাদ মোদীয়ে।

প্ৰহ্লাদ মোদীয়ে ৰেচন ব্যৱসায়ীসকলক তেওঁলোকৰ দাবী চৰকাৰৰ ওচৰত সটিকভাৱে দাঙি ধৰিবলৈ পৰামৰ্শ দিছে। তাৰপাছতো যদি চৰকাৰে তেওঁলোকৰ দাবী নামানে তেতিয়াহ’লে তেওঁলোকক জিএছটি দিবলৈ বাৰণ কৰিছে।

প্ৰধানমন্ত্ৰীৰ ভাতৃৰ এই বিদ্ৰোহে স্বাভাৱিকতে কেন্দ্ৰৰ বিজেপি চৰকাৰক অস্বস্তিত পেলাইছে।

মহাৰাষ্ট্ৰ ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনৰ এক অনুষ্ঠানত শুকুৰবাৰে প্ৰহ্লাদ মোদীয়ে ৰেচন ব্যৱসায়ীসকলৰ পক্ষ লৈ একপ্ৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে।

প্ৰহ্লাদ মোদীয়ে কয়,’’সঠিকভাৱে প্ৰতিবাদ কৰক। নৰেন্দ্ৰ মোদীয়েই হওক বা উদ্ধৱ থাকৰেই হওক সকলোৱে আপোনালোকৰ কথা শুনিব লাগিব। আমি গণতান্ত্ৰিক দেশত বাস কৰো, কাৰো গোলামি নকৰো।‘’

দৰাচলতে লকডাউনৰ ফলত মহাৰাষ্ট্ৰৰ বহু ব্যৱসায়ী ক্ষতিগ্ৰস্ত হৈছে। প্ৰহ্লাদ মোদীয়ে তেওঁলোকৰ দাবী-আপত্তিক লৈ সৰৱ হৈ পৰিছে।

অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ ডিলাৰ্ছ এছ’চিয়েশ্যনৰ উপ সভাপতি প্ৰহ্লাদ মোদী। সমগ্ৰ দেশতে প্ৰায় চাৰে ছয় লাখ ফেয়াৰ প্ৰাইচ চপ ডিলাৰ তেওঁৰ সংগঠনটোৰ সৈতে জড়িত।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদীয়ে পূৰ্বৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ একাধিক নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে।

ইয়াৰ আগেয়ে তেওঁ কেন্দ্ৰৰ বিৰুদ্ধে কৰা আন্দোলনৰ বাবে গ্ৰেপ্তাৰো হ’বলগীয়া হৈছিল।

বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ‘জেল ভৰো’ আন্দোলনৰ হুংকাৰ দিছিল প্ৰহ্লাদ মোদীয়ে। সেইবাৰ তেওঁ ৰেচন ডিলাৰ সংগঠনৰ পৰা কেন্দ্ৰীয় চৰকাৰক সকীয়নি দিছিল।

প্ৰহ্লাদ মোদীয়ে অভিযোগ কৰিছিল যে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বাবেই দেশত ৰাজহুৱা আৱন্টন ব্যৱস্থা উঠি যাব ধৰিছে। খাদ্যৰ অধিকাৰ সংবিধান স্বীকৃত যদিও কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বাবে দেশৰ এক বৃহৎ সংখ্যক লোক এনে অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd