অৱশেষত গোলাঘাটত উদ্ধাৰ হোৱা বৃহৎ সংখ্যক কম্বলৰ তদন্ত কৰিবলৈ বৃহস্পতিবাৰে গোলাঘাটত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ এটা দল।
গোলাঘাটত যোৱা এসপ্তাহে অবিৰতভাৱে সন্দেহজনকভাৱে গুডামে গুডামে উদ্ধাৰ হৈ আছে মজুত কৰি ৰখা কম্বল।
গোলাঘাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত চলা এক অভিযানত চহৰ খনৰ দাঁতি কাষৰীয়া অঞ্চল কছাৰীহাট ,আহোম গাঁওত প্ৰায় ২০ হাজাৰ কম্বল উদ্ধাৰ কৰা পিছত পুনৰ বুধবাৰে চলোৱা অভিযানত কছাৰীহাট চিনাতলী গাঁৱৰ ম: ববী আলিৰ ঘৰৰ গুদামৰ পৰা উদ্ধাৰ কৰে প্ৰায় ১৫ হাজাৰ কম্বল।
ইতিমধ্যে অবৈধভাৱে মজুত ৰখা কৰি ৰখা ইটোৰ পিছত সিটো গুদাম ছীল কৰিছে গোলাঘাট আৰক্ষীয়ে।
অবৈধ ভাৱে মজুত ৰখা বহু লাখ টকাৰ এই কম্বল সমূহ ক’ৰ পৰা কেনেকৈ আহিল, এই লৈ সৃষ্টি হৈছে ৰহস্য।
জানিব পৰা মতে, কছাৰীহাটৰ এই আলি উপাধিৰ ব্যক্তিজনে মজুত কৰি ৰাখিছিল এই কম্বল সমূহ।
অৱশেষত এই বৃহৎ কম্বল কেলেংকাৰী উদ্ঘাটনৰ বাবে কালি গুৱাহাটীৰ দিশপুৰ আৰক্ষীৰ দল এটাও গোলাঘাটত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।
তদন্তৰ খাতিৰত আৰক্ষীয়ে এইপৰ্যন্ত সাংবাদিকৰ আগত কম্বলৰ উৎসৰ বিষয়ে একো কথাই প্ৰকাশ কৰিব বিচৰা নাই।
সন্দেহ কৰা হৈছে যে উদ্ধাৰ হৈ থকা এই কম্বলসমূহ চৰকাৰী আঁচনিভুক্ত কম্বল। কিন্তু গোলাঘাটলৈ কেনেকৈ আহিল এই বৃহৎ পৰিমাণৰ কম্বল, ইয়াক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্য। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে সকলো কথা স্পষ্ট হ’ব।