বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত ধৰ্ষণৰ বিষয়টোক লৈ কেৰেলা উচ্চ ন্যায়ালয়ে এক যুগান্তকাৰী ৰায় প্ৰদান কৰিছে। বিবাহিত জীৱনত ধৰ্ষণৰ নামান্তৰ বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন বিবাহ বিচ্ছেদৰ বাবে অন্যতম প্ৰধান কাৰণ হিচাপে গণ্য কৰা হ’ব।
প্ৰায় এক দশক ধৰি চলি থকা এটা গোচৰত দুয়োপক্ষৰ বিবাদৰ মাজত ইতিৰেখা টানি শনিবাৰে উচ্চ ন্যায়ালয়খনে জনায় যে ভাৰতীয় আইনে বৈবাহিক ধৰ্ষণক পৃথকভাৱে গণ্য নকৰে, কিন্তু আদালতে সেয়া কৰে।
সেইদৰে, বৈবাহিক ধৰ্ষণৰ দৰে ঘটনা বিবাহ বিচ্ছেদৰ অন্যতম প্ৰধান কাৰণ হ’ব পাৰে। ন্যায়াধীশ এ মহম্মদ মুস্তাক আৰু ন্যায়াধীশ কৌছৰ ইডাপ্পাগথক লৈ গঠিত বিচাৰপীঠখনে কয় যে বহু সময়ত বৈবাহিক জীৱনত ধৰ্ষণৰ ঘটনা তেতিয়াই ঘটিবলৈ লয় যেতিয়া স্বামীয়ে ভাৱে যে পত্নীৰ শৰীৰ তেওঁৰ সম্পত্তি আৰু ইয়াৰ ওপৰত তেওঁৰ অধিকাৰ আছে।
এনে যুক্তিতে পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে সেয়া ধৰ্ষণৰ বাহিৰে আন একো নহয়।
এই প্ৰসংগত আদালতে কয়,’’আইনে বৈবাহিক ধৰ্ষণৰ বাবে কোনো পৃথক শাস্তি ধাৰ্য কৰা নাই যদিও বিষয়টোৰ পৰা আমি কিন্তু মুখ অঁতৰাই ৰাখিব নোৱাৰো। আৰু বিবাহ বিচ্ছেদ পোৱাৰ বাবে এইটো অন্যতম কাৰণ হিচাপে বিবেচিত হোৱা উচিত।‘’
প্ৰায় দহ বছৰ পুৰণি এটা গোচৰত কেৰেলাৰ এখন পাৰিবাৰিক আদালতে পত্নীৰ আবেদনৰ ভিত্তিত বিচ্ছেদৰ নিৰ্দেশ দিছিল। কিন্তু ইয়াৰ বিৰুদ্ধে স্বামীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰে।
সেই আবেদন নাকচ কৰি আদালতে কয়, ‘’সম্পত্তি আৰু যৌনতাৰ বাবে স্বামীৰ অবাধ লালসাই সেই মহিলাগৰাকীক অৱহেলিত কৰি তোলাৰ বাবে তেওঁ বিচ্ছেদৰ আবেদন কৰে। আনকি তেওঁ কোনো আৰ্থিক সাহায্য বা ক্ষতিপূৰণৰো আবেদন কৰা নাই। এক দশকৰো অধিক কাল ধৰি আইনৰ মন্দিৰত তেওঁৰ আবেদনে অপেক্ষা কৰিছে। উপযুক্ত সুবিচাৰ পোৱাটো তেওঁৰ অধিকাৰ।‘’
আনহাতে, ১৯৯৫চনত বিবাহপাশত আৱদ্ধ হোৱা সেই দম্পতিৰ স্বামী শিক্ষাগতভাৱে চিকিৎসক হ’লেও কেতিয়াও কোনো বৃত্তিৰ প্ৰতি আগ্ৰহী নাছিল বুলি পত্নীয়ে অভিযোগ কৰিছিল।
তদুপৰি, বিয়াৰ সময়ত বহু সোণৰ অলংকাৰ, ফ্লেট, গাড়ীকে আদি কৰি যৌতুকো গ্ৰহণ কৰিছিল ব্যক্তিগৰাকীয়ে। এই সকলোবোৰ দিশ চালিজাৰি চাই কেৰেলা উচ্চ ন্যায়ালয়ে পাৰিবাৰিক আদালতৰ ৰায় বাহাল ৰাখি বিচ্ছেদৰ নিৰ্দেশে জাৰি কৰিছে।