• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈবাহিক ধৰ্ষণ বিচ্ছেদৰ বাবে অন্যতম প্ৰধান যুক্তি; কেৰেলা উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2021 4:52 pm
martial rape

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত ধৰ্ষণৰ বিষয়টোক লৈ কেৰেলা উচ্চ ন্যায়ালয়ে এক যুগান্তকাৰী ৰায় প্ৰদান কৰিছে। বিবাহিত জীৱনত ধৰ্ষণৰ নামান্তৰ বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন বিবাহ বিচ্ছেদৰ বাবে অন্যতম প্ৰধান কাৰণ হিচাপে গণ্য কৰা হ’ব।

প্ৰায় এক দশক ধৰি চলি থকা এটা গোচৰত দুয়োপক্ষৰ বিবাদৰ মাজত ইতিৰেখা টানি শনিবাৰে উচ্চ ন্যায়ালয়খনে জনায় যে ভাৰতীয় আইনে বৈবাহিক ধৰ্ষণক পৃথকভাৱে গণ্য নকৰে, কিন্তু আদালতে সেয়া কৰে।

Apply Now

সেইদৰে, বৈবাহিক ধৰ্ষণৰ দৰে ঘটনা বিবাহ বিচ্ছেদৰ অন্যতম প্ৰধান কাৰণ হ’ব পাৰে। ন্যায়াধীশ এ মহম্মদ মুস্তাক আৰু ন্যায়াধীশ কৌছৰ ইডাপ্পাগথক লৈ গঠিত বিচাৰপীঠখনে কয় যে বহু সময়ত বৈবাহিক জীৱনত ধৰ্ষণৰ ঘটনা তেতিয়াই ঘটিবলৈ লয় যেতিয়া স্বামীয়ে ভাৱে যে পত্নীৰ শৰীৰ তেওঁৰ সম্পত্তি আৰু ইয়াৰ ওপৰত তেওঁৰ অধিকাৰ আছে।

এনে যুক্তিতে পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে সেয়া ধৰ্ষণৰ বাহিৰে আন একো নহয়।

এই প্ৰসংগত আদালতে কয়,’’আইনে বৈবাহিক ধৰ্ষণৰ বাবে কোনো পৃথক শাস্তি ধাৰ্য কৰা নাই যদিও বিষয়টোৰ পৰা আমি কিন্তু মুখ অঁতৰাই ৰাখিব নোৱাৰো। আৰু বিবাহ বিচ্ছেদ পোৱাৰ বাবে এইটো অন্যতম কাৰণ হিচাপে বিবেচিত হোৱা উচিত।‘’

প্ৰায় দহ বছৰ পুৰণি এটা গোচৰত কেৰেলাৰ এখন পাৰিবাৰিক আদালতে পত্নীৰ আবেদনৰ ভিত্তিত বিচ্ছেদৰ নিৰ্দেশ দিছিল। কিন্তু ইয়াৰ বিৰুদ্ধে স্বামীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰে।

সেই আবেদন নাকচ কৰি আদালতে কয়, ‘’সম্পত্তি আৰু যৌনতাৰ বাবে স্বামীৰ অবাধ লালসাই সেই মহিলাগৰাকীক অৱহেলিত কৰি তোলাৰ বাবে তেওঁ বিচ্ছেদৰ আবেদন কৰে। আনকি তেওঁ কোনো আৰ্থিক সাহায্য বা ক্ষতিপূৰণৰো আবেদন কৰা নাই। এক দশকৰো অধিক কাল ধৰি আইনৰ মন্দিৰত তেওঁৰ আবেদনে অপেক্ষা কৰিছে। উপযুক্ত সুবিচাৰ পোৱাটো তেওঁৰ অধিকাৰ।‘’

আনহাতে, ১৯৯৫চনত বিবাহপাশত আৱদ্ধ হোৱা সেই দম্পতিৰ স্বামী শিক্ষাগতভাৱে চিকিৎসক হ’লেও কেতিয়াও কোনো বৃত্তিৰ প্ৰতি আগ্ৰহী নাছিল বুলি পত্নীয়ে অভিযোগ কৰিছিল।

তদুপৰি, বিয়াৰ সময়ত বহু সোণৰ অলংকাৰ, ফ্লেট, গাড়ীকে আদি কৰি যৌতুকো গ্ৰহণ কৰিছিল ব্যক্তিগৰাকীয়ে। এই সকলোবোৰ দিশ চালিজাৰি চাই কেৰেলা উচ্চ ন্যায়ালয়ে পাৰিবাৰিক আদালতৰ ৰায় বাহাল ৰাখি বিচ্ছেদৰ নিৰ্দেশে জাৰি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd