• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গো সুৰক্ষা আইনৰ নামত দুখীয়াক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ চলিছে: অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2021 6:30 pm
rhinoo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গো সুৰক্ষাআইনৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।

এই আইন খনৰ জৰিয়তে দুখীয়া লোকসকলক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ চলিছে বুলিও বিধায়ক গগৈয়ে স্পষ্ট অভিযোগ উত্থাপন কৰে।

Apply Now

আইন খনে ৰাজ্যৰ বহু কৃষকৰ আয়ৰ উৎসত কুঠাৰাঘাত কৰা বুলিও তেওঁ মন্তব্য কৰে।গো সুৰক্ষা আইন বাতিলৰ দাবীত ৰাইজৰ দলে অচিৰেই ৰাজ্যব্যাপী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বিধায়ক গগৈয়ে মন্তব্য কৰে।

কেৱল আৰএছএছক সন্তুষ্ট কৰাৰ বাবেই অসমত থকা বিজেপি চৰকাৰ খনে গো সুৰক্ষা আইনৰ দৰে আইন প্ৰৱৰ্তন কৰা বুলিও গগৈয়ে মন্তব্য কৰে।

উল্লেখ্য যোৱা ১৩ আগষ্টত  অসম বিধানসভাত আনুষ্ঠানিক ভাবে গৃহীত কৰা হৈছিল বহু চৰ্চিত তথা বহু বিতৰ্কিত গো-সুৰক্ষা আইন,২০২১। লগে লগে জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰে বিধানসভাৰ মজিয়া।

বিজেপিৰ বিধায়কসকলে জয়শ্ৰীৰাম ধ্বনি দি থকাৰ মাজতে বিধেয়ক খনৰ বিৰোধিতা কৰি বিৰোধীয়ে সদন ত্যাগ কৰিছিল।

আইন খন গৃহীত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৈছিল-

‘ আপোনালোকে য’ত আছে তাত খাওক ৷ কিন্তু হিন্দু, জৈন, বৌদ্ধিষ্টলোক থকা ঠাইত নাখাব ৷ ভাল মুছলমানে কেতিয়াও তেনে কাম নকৰে। মন্দিৰ নামঘৰ থকা ঠাইৰ পৰা পাঁচ কিলোমিটাৰ দূৰত খাওক’ ৷ গো-মাংস খোৱাত মুছলমান লোকক কেতিয়াও চৰকাৰে বাধা নিদিয়ে বুলি মুখ্যমন্ত্ৰীয়ে কয়।তেওঁ কয় যে মন্দিৰৰ পৰা কমেও পাঁচ কিলোমিটাৰ দূৰত গো-মাংস খোৱাৰ বিষয়টোত হয়তো কোনো মুছলমান লোকে আপত্তি নকৰিব।

বিধেয়কখনত যিবোৰ অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছে তাৰে কেইটামান চমুকৈ এনেধৰণৰ-

অনুচ্ছেদ ৪: পশুবধ নিষেধ : অন্য কোনো আইনত উল্লেখ থাকিলেও বা ইয়াৰ বিপৰীত কোনো উপযোগ থাকিলেও কোনো লোকে  পশু হত‍্যা কৰিব নোৱাৰিব।

অনুচ্ছেদ ৫: সক্ষম অধিকাৰীৰ প্ৰমাণপত্ৰ নোহোৱাকৈ পশু বধ নিষেধ: যিটো অঞ্চলত পশুবধ কৰিবলৈ বিচৰা হ’ব সেই অঞ্চলৰ পশুপালন বিভাগৰ পঞ্জীয়নকৃত পশু চিকিৎসা অধিকাৰীৰ লিখিত প্ৰমাণপত্ৰ নোহোৱাকৈ কোনো লোকে পশুবধ কৰিব নোৱাৰিব। তদুপৰি পশু চিকিৎসা অধিকাৰীয়ে প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত নিশ্চিত হ’ব লাগিব যে বধ কৰিবলৈ বিচৰা পশুটোৰ (গৰু নহয়) বয়স ১৪ বছৰ হৈছে। তদুপৰি পশুটো (গৰু, চেউৰী বা দামুৰী হ’ব নোৱাৰিব) কাম কৰিবলৈ বা প্ৰজনন কৰিবলৈ স্থায়ীভাৱে অক্ষম হৈ পৰিব লাগিব আৰু এনে অক্ষমতা কোনো দুৰ্ঘটনাজড়িত আঘাত বা আভঁজা অৱস্থা (deformity)ৰ বাবে হ’ব লাগিব।

অনুচ্ছেদ ৬: পশু বধ গৃহৰ বাদে অন্য স্থানত বধ বাৰণ।

অনুচ্ছেদ ৫ৰ অধীনত কোনোলোকে যদি পশু  হত্যা  বা বধৰ অনুজ্ঞা লাভ কৰে তেন্তে তেনে পশু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা অনুজ্ঞা থকা পশুবধ গৃহতহে বধ কৰিব পাৰিব। অৱশ্যে ৰাজ্য চৰকাৰে  উপাসনাৰ কিছু স্থান বা কোনো উৎসৱ পাৰ্বনত (occasions) ধৰ্মীয় কাৰণত পশুবধ কৰিবলৈ ৰেহাই দিবও পাৰে।

অনুচ্ছেদ ৭: পশুৰ পৰিৱহন নিষেধ:  এই অনুচ্ছেদৰ জৰিয়তে বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ পশু পৰিবহন সম্পূৰ্ণভাৱে নিষেধ কৰা হৈছে। ৭(১) নং অনুচ্ছেদ অনুযায়ী কোনো লোকে বৈধ অনুজ্ঞা নোহোৱাকৈ অসমৰ বাহিৰৰ ৰাজ্যৰপৰা অসমৰ মাজেৰে অসমৰ বাহিৰলৈ পশু পৰিবহন কৰিব নোৱাৰিব। তদুপৰি অসমৰ বাহিৰৰ কোনো স্থানত য’ত পশুবধ আইনৰ দ্বাৰা নিয়ন্ত্ৰিত নহব তালৈকেও পশু পৰিবহন কৰিব পৰা নাযাব।

অনুচ্ছেদ ৭(২) অনুযায়ী কোনো লোকে আন ৰাজ্যৰ কোনো স্থানৰ পৰা এই বিধিৰ দ্বাৰা পশুবধ শাস্তিযোগ‍্য বুলি ঘোষণা দিয়া ৰাজ্যৰ কোনো স্থানলৈ পশু পৰিবহন কৰিব নোৱাৰিব। একেদৰে এই বিধিৰদ্বাৰা পশুবধ শাস্তিযোগ‍্য বুলি ধৰা ৰাজ্যৰ এঠাইৰ পৰা আনঠাইলৈ  পশু পৰিবহন কৰিব নোৱাৰিব। কেৱল কৃষি আৰু পশুপালন কাৰ্য্যত প্ৰকৃতাৰ্থত প্ৰয়োজনীয় পশু পৰিবহন ; চৰণীয়া পথাৰলৈ নিয়া; জিলা খনৰ ভিতৰতে কৃষি আৰু পশুপালনৰ বাবে পশু পৰিবহন কাৰ্যক এই বিধেয়কে ৰেহাই দিছে। পঞ্জীয়নকৃত পশু বজাৰৰ বাবে জিলাৰ ভিতৰতে পশু পৰিবহন কাৰ্যকো এই বিধেয়ক জৰিয়তে ৰেহাই প্ৰদান কৰা হৈছে।

অনুচ্ছেদ ৮:  গো-মাংস আৰু গো-মাংসজাত খাদ্য সামগ্ৰীৰ বিক্ৰীত নিষেধ* : এই অনুচ্ছেদৰ জৰিয়তে কেৱল সক্ষম প্ৰাধিকাৰীৰ দ্বাৰা অনুমতি দিয়া স্থানৰ বাদে আন স্থানত কোনো গো-মাংস বা গো-মাংসজাত সামগ্ৰী পৰোক্ষ বা প্ৰত‍্যক্ষ ভাৱে বিক্ৰী কৰিব নোৱাৰিব বুলি কোৱা হৈছে। তদুপৰি হিন্দু, জৈন, শিখ আৰু অন্যান্য গো-মাংস নোখোৱা লোকৰ প্ৰধানত বসবাস থকা এলেকাত তথা মন্দিৰ, সত্ৰ আৰু হিন্দু ধৰ্মৰ আন অনুষ্ঠান থকা স্থানৰ ৫ কি:মি  ব্যাসাৰ্ধৰ ভিতৰত এনে অনুমতি প্ৰদান কৰা নহ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd