• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰ ভয়ত ত্ৰস্তমান হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ?

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
September 8, 2021 9:51 pm
thumb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী ৰাজনৈতিক শক্তিক অকণো কেৰেপ নকৰা নৰেন্দ্ৰ মোদী চৰকাৰক ক্ৰমশঃ চেঁপি আনিছে দেশত অব্যাহত থকা এক অপ্ৰতিৰোধ্য আন্দোলনে।

মোদী চৰকাৰে দেশত বলৱৎ কৰা তিনি বিতৰ্কিত কৃষি আইনৰ বাতিলৰ দাবীত যোৱা ৯ টা মাহে আন্দোলন অব্যাহত ৰাখিছে দেশৰ কৃষকে।

Apply Now

উত্তৰ ভাৰতৰ হিন্দী বলয় কৃষকে অব্যাহত ৰখা অদমী য় কৃষক আন্দোলনৰ প্ৰতি মহাৰাষ্ট্ৰসহ দক্ষিণ ভাৰতৰ কৃষকে সমৰ্থন জনোৱাৰ লগতে অংশগ্ৰহণ কৰি আহিছে।

যোৱা ফেব্ৰুৱাৰিতে দিল্লী চলো অভিযানেৰে আৰম্ভ কৰা কৃষক আন্দোলনক অতি নিষ্ঠুৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিও বিফল হৈছিল কেন্দ্ৰীয় চৰকাৰ।

গণৰাজ্যৰ দিৱসত প্ৰতিবাদী কৃষকে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে লালকিল্লাত উৰুৱাইছিল সংযুক্ত কিষাণ মৰ্চাৰ পতাকা। দিল্লী আৰক্ষীয়ে লাঠিচালনা, কন্দুৱা গেছ, পানী হিলৈৰে অতি কঠোৰভাৱে দমন কৰিছিল প্ৰতিবাদী কৃষকক।

কৃষকৰ ওপৰত দানৱীয় আক্ৰমণ কৰি দেশে বিদেশ তীব্ৰ সমালোচিত হয় বিশ্বগুৰু ভাৰত চৰকাৰ। বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু দেশসমূহে টুইটাৰ যোগে ভাৰতৰ কৃষক আন্দোলনৰ প্ৰতি মুকলি সমৰ্থন কৰি ভাৰত চৰকাৰ ভৎসৰ্না কৰে। আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ বিশ্বগুৰুৰ মুখাখন খোল খাই পৰে।

অবিৰত কৃষক আন্দোলনৰ বিগত ৯ টা মাহত প্ৰায় ৪৭৭ গৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু হৈছে। বিগত ৯ মাহত ভাৰত বন্ধ, দেশজুৰি ৰে’ল অৱৰোধ, দিল্লী সীমান্ত আৰু পথ অৱৰোধ কৰে প্ৰতিবাদী কৃষকে।

তথাপিও গা নলৰিল গঁড় চালৰসদৃশ ভাৰত চৰকাৰৰ। বৰং আলোচনাৰ নামত আলোচনা কৰি চৰকাৰে কৃষকৰ দাবীক উপলুঙা কৰিহে আহিল শাসকীয় দল আৰু চৰকাৰে।

ইপিনে মাৰ্চ-এপ্ৰিল মাহৰ পৰা দেশত কৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হয়। কৰোনাৰ প্ৰভাৱত দিল্লীৰ কৃষক আন্দোলন স্তিমিত হ’ব বুলি চৰকাৰে ধাৰণা কৰিছিল যদিও সেয়া ভুল প্ৰমাণিত হ’ল।

কৃষি কৰ্মৰ সময় আৰু কৰোনাকালীন পৰিস্থিতিৰ মাজতো সংসদৰ গ্ৰীষ্মকালীন অধিবেশনত সংসদত ভৱনৰ বাহিৰত প্ৰতিদিনে ২০০ গৰাকীকৈ প্ৰতিবাদী কৃষকে প্ৰতিবাদ সাৱ্যস্ত কৰে।

ইমানৰ পিছতো চৰকাৰে তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ পৰিৱৰ্তে সংশোধনীৰ প্ৰস্তাৱহে দিয়ে। কিন্তু চৰকাৰৰ এই প্ৰস্তাৱক পোনচাটে প্ৰত্যাখ্যান কৰি বাতিলৰ দাবীত দৃঢ় হৈ আছে সংযুক্ত কিষাণ মৰ্চা।

দেশত কৰোনাৰ সংক্ৰমণ হ্ৰাস আৰু কৃষি কৰ্মৰ বতৰ পাৰ হৈ যোৱাৰ পিছতে পুনৰ সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্ব কৃষকসকলে আন্দোলনত প্ৰত্যক্ষভাৱে উবুৰি খাই পৰিছে।

যোৱা ৫ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সংযুক্ত কিষাণ মৰ্চাই বিতৰ্কিত তিনি কৃষি আইন বাতিলৰ দাবীত আয়োজন কৰে বিশাল কৃষক মহাপঞ্চায়ত।

লক্ষাধিক প্ৰতিবাদী কৃষকে উক্ত মহাপঞ্চায়তত উপস্থিত হৈ ভাৰত চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ সকীয়নি প্ৰদান কৰিছে। বিশেষকৈ উত্তৰ প্ৰদেশৰ পৰা বিজেপিৰ বিদায় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে।

ইফালে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনতো সংযুক্ত কিষাণ মৰ্চাই বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিছিল আৰু ইয়াৰ বাবেই পশ্চিমবংগত বিজেপি বিধ্বস্ত হোৱা বুলি দাবী কৰিছে মৰ্চাই।

মুজাফ্ফৰনগৰ কৃষক মহাপঞ্চায়তৰ সফলতাৰ পিছতে কঁপনি উঠিছে দিল্লীৰ দুৰ্গত। সেয়ে চলে বলে কৌশলে সংযুক্ত কিষাণ মৰ্চাই হাৰিয়ানাত আয়োজন কৰা কৃষক মহাপঞ্চায়তক অগণতান্ত্ৰিকভাৱে বন্ধ কৰিলে চৰকাৰে।

মংগলবাৰে হাৰিয়ানাৰ কৰ্ণালত সংযুক্ত কিষাণ মৰ্চাই দ্বিতীয়খন কৃষক মহাপঞ্চায়ত আয়োজন কৰিছিল। কিন্তু এই মহাপঞ্চায়ত আৰম্ভ হোৱাৰ কেইঘণ্টামানৰ পূৰ্বে হঠাতে মংগলবাৰ নিশালৈকে হাৰিয়ানাৰ বিজেপি চৰকাৰে কৰ্ণালসহ কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ আৰু পানীপট জিলাত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়ে।

সোমবাৰে দুপৰীয়া পৰা মংগলবাৰৰ নিশা ১২.৩০ বজালৈকে হাৰিয়ানাৰ গৃহমন্ত্ৰালয়ে কৰ্ণালসহ ৫ জিলাত Temporary Suspension of Telecom Services (Public Emergency or Public Safety) Rules, 2017ৰ নিয়মৰ ২ অধীনত ৰাজহুৱা সুৰক্ষা, আইন-শৃংখলাত ব্যাঘাত হ’ব পৰা SMS আৰু ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ ইন্টাৰনেট সেৱা বন্ধ কৰি ১৪৪ ধাৰা বলৱৎ কৰা বুলি ঘোষণা কৰিছিল।

মাত্ৰ ২৪ ঘন্টাৰ বাবে উক্ত ৫ জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰি ১৪৪ ধাৰা জাৰিৰ দ্বাৰা হাৰিয়ানা চৰকাৰে কৃষক মহাপঞ্চায়তক বন্ধ কৰি দিয়াৰ পৰাই প্ৰমাণ হৈছে যে সংযুক্ত কিষাণ মৰ্চাৰ ভয়ত ত্ৰস্তমান হৈয়ে ভাৰত চৰকাৰে এনে হঠকাৰী আৰু অগণতান্ত্ৰিক পন্থা লৈছে।

সংযুক্ত কিষাণ মৰ্চাৰ ভয়ত ত্ৰস্তমান হৈয়ে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰণাত হাৰিয়ানাৰ মনোহৰ লালৰ বিজেপি চৰকাৰে কৰ্ণালৰ কৃষক মহাপঞ্চায়ত আয়োজন বন্ধ কৰা বুলি এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

অৰ্থাৎ প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কিষাণ মৰ্চাৰ আন্দোলনৰ প্ৰতি শংকিত হৈ এনে পন্তা লোৱা বুলি ধাৰণা কৰা হৈছে।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd