মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে গুজৰাটৰ মাধৱপুৰ মেলাত কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এতিয়াও ৰাজ্যখনৰ বহু দল-সংগঠনে তীব্ৰ বিৰোধীতা কৰি থকা পৰিলক্ষিত হৈছে।
উল্লেখ্যযোগ্য যে গুজৰাটৰ পোৰবন্দৰ জিলাৰ গিৰত অনুষ্ঠিত মাধৱপুৰ মেলাত মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা বিতৰ্কিত মন্তব্যক লৈ মণিপুৰ ষ্টুডেণ্টছ ফেডাৰেশ্যন চমুকৈ এম এছ এফৰ লগতে বহু ৰাজনৈতিক দল-সংগঠনে বীৰেন সিঙক ৰাজহুৱাভাবে ক্ষমা খোজাৰ দাবী তোলে।
গুজৰাটত অনুষ্ঠিত হোৱা মেলাত মুখ্য মন্ত্ৰীগৰাকীয়ে অংশ লৈ এক বিতৰ্কিত মন্তব্য কৰা দেখা গৈছিল। দ্বাপৰ যুগ তথা ভগৱান শ্ৰীকৃষ্ণৰ সময়ৰ পৰাই মণিপুৰ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংশ বুলি তেওঁ মেলাত এই বিতৰ্কিত মন্তব্যটো আগবঢ়াইছিল।
এই বিতৰ্কিত মন্তব্যটোৰ বিৰুদ্ধে ৰাজ্যখনৰ সৰ্বত্ৰে বিৰোধীতা হৈ থকাৰ সময়তে শণিবাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ও ইববী সিঙ আৰু কংগ্ৰেছৰ অন্য নেতৃবৃন্দই এখন সংবাদ মেল সম্বোধন কৰি মুখ্য মন্ত্ৰী বীৰেন সিঙক তীব্ৰ সমালোচনা কৰা দেখা যায়। মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দক সন্তুষ্ট কৰিবৰ বাবেই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰা বুলিও অভিহিত কৰে।
‘উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাস বিকৃত কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ মাজত ভূল তথ্য আগবঢ়াইছে, সেয়ে বীৰেন সিঙে সকলো ৰাইজৰ আগত ক্ষমা খুজিব লাগিব’, এনেদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী ইববী সিঙে।
তেওঁ লগতে কয়, ‘মুখ্য মন্ত্ৰী এজনৰ পৰা সৰ্বসাধাৰণ ৰাইজ তথা কংগ্ৰেছে এনেধৰণৰ ইতিহাস বিকৃত মন্তব্য কোনো দিনে আশা নকৰে’।
আনহাতে এই সম্পৰ্কত মুখ্য মন্ত্ৰী বীৰেন সিঙে মণিপুৰবাসীৰ আগত ক্ষমা খুজিব লাগিব বুলি মণিপুৰ পিপলছ পাৰ্টী চমুকৈ এম পি পিৰ নেতৃবৃন্দইও দাবী তোলে।
ইয়াৰ উপৰি এম পি পিৰ অধ্যক্ষ ঐনাম জুগিন্দ্ৰই বীৰেন সিঙক মণিপুৰৰ ইতিহাস অধ্যয়ন কৰিবলৈও পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয়।
উল্লেখ্য যে যোৱা শুকুৰবাৰে এম এছ এফৰ ছাত্ৰ নেতাৰ লগত হোৱা আলোচনাৰ সময়ত মুখ্য মন্ত্ৰী বীৰেন সিঙে এই সম্পৰ্কত অতি শীঘ্ৰে স্পষ্টীকৰণ প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল।