• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: বিজেপি চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী জাতীয় মহাসভাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 15, 2021 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আন পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কাৰ্যকৰী কৰাত পূৰ্বৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দৰে বৰ্তমান কেন্দ্ৰ আৰু অসমত থকা বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনৰো যে মুঠেও সদিচ্ছা নাই সেই কথা পুনৰায় ১৩ চেপ্টেম্বৰত গুৱাহাটীত সংবাদমেল যোগে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অধ্যয়ন কৰি থকা বাবে বিলম্ব হ’ব বুলি কৰা বক্তব্যৰ পৰাই প্ৰমাণিত হ’ল ৷

এই মন্তব্য কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাাছু)ৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ ৷

মঙলবাৰে এক প্ৰেছ বিবৃতি যোগে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি ৰায়ে কেন্দ্ৰ আৰু অসমত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰক জনজাতিকৰণক লৈ হেতালি খেলা বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে গৰিহণা দি কয় যে বিগত ২০১৪ চনৰে পৰা অনুষ্ঠিত প্ৰতিটো অসম বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনত বিজেপি দলে কোচ ৰাজবংশীৰ লগতে অসমৰ পাঁচ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিম বুলি নিৰ্বাচনী ইস্তাহাৰ, নিৰ্বাচনী ঘোঘণা পত্ৰ, নিৰ্বাচনী সভা সমূহত উদাত্ত ভাষণেৰে ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়াতেই ক্ষান্ত নেথাকি বাতৰি কাকতত হৰফেৰে বিজ্ঞাপন দিছিল যে অসম আৰু কেন্দ্ৰত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হলেই কংগ্ৰেছ চৰকাৰে ৬০ বছৰে সমাধান নকৰা দাবী বিজেপি চৰকাৰে ছয় মাহত সমাধা কৰিব৷

Apply Now

কিন্তু দুৰ্ভাগ্যৰ কথা ছয় মাহ দূৰৰে কথা কেন্দ্ৰ আৰু অসমত শাসন কৰা বিজেপি নেতৃত্বাধীন উভয় চৰকাৰৰ পাঁচ বছৰ কাল উকলি দ্বিতীয়টো কাৰ্যকালত ভৰি দিলে যদিও জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। বিশ্বজিৎ ৰায়ে বিজেপি চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰি কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে কোচ ৰাজবংশী আৰু আন পাঁচ জনগোষ্ঠীক নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ মিছা প্ৰতিশ্ৰুতিৰে আঁভুৱা ভাঁৰি প্ৰতাৰণা কৰিছিল, একেদৰে বিজেপি চৰকাৰেও কোচ ৰাজবংশী আৰু আন পাঁচ জনগোষ্ঠীৰ আবেগক লৈ হেতালি খেলিলে। বিগত ২০১৪ চনৰ ১৯ এপ্ৰিলত বঙাইগাঁও জিলাৰ কাকৈজনা আৰু মংগলদৈত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ আহি মুকলিভাৱে উদাত্ত কণ্ঠৰে কৈছিল অসমক প্ৰতিনিধিত্ব কৰি ড° মনমোহন সিং ভাৰতৰ প্ৰধান মন্ত্ৰী হ’ল, কিন্তু অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ আহৰি নাপালে।

বিজেপিক এবাৰ সুযোগ দিয়ক কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ। বিজেপি যদি কেন্দ্ৰত চৰকাৰ গঠন কৰে অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা দিব বুলি। কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া ধোঁৱাচাঙত পৰিণত হ’ল। অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে কেতিয়াবা এজনীয়া আৰ্হি প্ৰস্তুত কমিটি, কেতিয়াবা পাঁচ জনীয়া কমিটি গঠন কৰি, কেতিয়াবা কয় বিষয়টো গৃহমন্ত্ৰীৰ টেবুলত বিবেচনাধীন হৈ আছে, কেতিয়াবা কয় জনজাতিকৰণ বিষয়টো ৯০ শতাংশ সমাপ্ত হৈছে, কেতিয়াবা কয় জনজাতি মন্ত্ৰণালয়ত বিধেয়ক প্ৰস্তুত হৈ আছে। কাৰো কথাৰ কোনো সংগতি নাই। ইয়াৰ উপৰি ২০১৯ চনত ততাতৈয়াকৈ ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক দাখিল কৰিছিল আৰু তাৰ পৰৰ্ৱতী সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সমাধা কৰিবলৈ অসম মন্ত্ৰীসভাৰ তদানীন্তন স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাবে লৈ পাঁচ জনীয়া মন্ত্ৰী গোট গঠন কৰি দিছিল।

উক্ত কমিটিয়ে ছয় জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰে আনুষ্ঠানিক বৈঠক কৰি কেন্দ্ৰীয় চৰকাৰলৈ আৰ্হি প্ৰস্তুত কৰি প্ৰেৰণৰ কথা ঘোষণা কৰিছিল যদিও অসমত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুণৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ’ল যদিও চৰকাৰ গঠন হোৱা আজি চাৰিমাহ পাৰ হ’ল আৰু আজিকোপতি জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ মন্ত্ৰীগোটে প্ৰতিবেদনেই দাখিল নকৰিলে৷ শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ ৰাজহুৱা বক্তব্যই প্ৰমাণ কৰিলে ২০১৯ চনত ৰাজ্য সভাত উত্থাপন কৰা জনজাতিকৰণ বিধেয়ক ভুৱা আৰু অসমত ‘কা’ বিৰোধী আন্দোলনক মষিমূৰ কৰাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ আছিল। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মনত ৰখা ভাল কোচ ৰাজবংশী সকলোক জনজাতিকৰণৰ সকলো বৈশিষ্ট্য আছে বুলি ভাৰতৰ ৰাষ্ট্ৰীয় মহাপঞ্জীয়ক, অনুসূচিত জনজাতিকৰণ ৰাষ্ট্ৰীয় আয়োগ, অসমৰ চৰকাৰৰ জনজাতি গবেষণা কেন্দ্ৰ আৰু অসম চৰকাৰৰ অনুমোদনৰ ভিত্তিত ১৯৯৬ চনত ভাৰতৰ তদানীন্তন মহামহিম ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশ যোগে  অসমৰ কোচ ৰাজবংশী সকলোক ভৈয়াম জনজাতি হিচাবে স্বীকৃতি প্ৰদান কৰিছিল৷

গতিকে অসমৰ কোচ ৰাজবংশী সকলোক ভৈয়াম জনজাতিৰ মৰ্যাদা দিবলৈ নতুনকৈ কোনো গবেষণা বা অনুমোদনৰ প্ৰয়োজন নাই। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰী গোটৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ কোচ ৰাজবংশীৰ লগতে পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে অসম চৰকাৰৰ স্থিতি ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আহ্বান জনায়।

বিশ্বজিৎ ৰায়ে স্পষ্ট কৰি দিয়ে য়ে বিজেপি চৰকাৰে যদি কোচ ৰাজবংশী সকলোক আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে জনজাতিকৰণ নকৰে, তেতিয়াহলে লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হ’ব বুলি সকীয়াই দিয়াই নহয় জাতিৰ স্বাৰ্থত প্ৰয়োজন বোধে বিশ্বজিৎ ৰায়ে জংঘললৈ যাবলৈ প্ৰস্তুত বুলি দোহাৰে।

সেইদৰে জাতিৰ নিজৰ স্বাৰ্থত চৰকাৰৰে হাত উজান দি  সুবিধাবাদী স্থিতি গ্ৰহণ কৰি জনজাতিকৰণৰ কাম ৯০ শতাংশ হোৱা বুলি দম্ভালি মৰা নেতাসকলক নিজৰ ব্যক্তি স্বাৰ্থ ত্যাগ কৰি জাতিৰ স্বাৰ্থত চৰকাৰৰ প্ৰতাৰণা, বঞ্চনাৰ বিৰুদ্ধে আৰু জাতিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজপথত ওলায় আহি আন্দোলন কৰিবলৈ আহ্বান জনায়। অন্যাথা সেই সকল নেতা এদিন ৰাইজৰ কাঠগৰাত বিচাৰৰ সন্মুখীন হ’ব লাগিব বুলিও কয় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd