• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত পূজাৰ বাবে নতুন SOP : কেনেদৰে উদযাপন কৰিব পাৰিব পূজা?

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 16, 2021 10:18 am
puja SOP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এতিয়া শাৰদীয় দূৰ্গাপূজা, কালীপূজা, দীপাৱলীৰ উৎসৱৰ বতৰো আহিছে। আগন্তুক উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সময়ছোৱাত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে কেতবোৰ জৰুৰী সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণেৰে আগন্তুক দূৰ্গাপূজা তথা শাৰদীয় বতৰৰ উৎসৱক সামৰাকৈ এখন নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) কাৰ্যকৰী কৰিছে।

◆ দূৰ্গাপূজা, কালীপূজা আদিৰ অনুমতি: জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব।

(১) প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দূৰ্গাপূজা পালন কৰি অহা পূজা কমিতি/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক’ভিড প্ৰট’কলৰ বিষয়ে অৱগত কৰিব।

Apply Now

(২) জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব। একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব।

◆ পূজামণ্ডপ-পূজাস্থলীত ল’ব লগা বিশেষ ব্যৱস্থাৱলী:

(১) পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব।  যিকোনো দুগৰাকী লোক/দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিড বিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী/পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।

(২) পূজাস্থলী/পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক (Signage) দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।

(৩) পূজাস্থলী/পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ’বলৈ দিব নোৱাৰিব।

(৪) দৰ্শনাৰ্থীয়ে ক’ভিড প্ৰট’কল মানি পূজাস্থলী/পূজামণ্ডপত সুশৃংখলিত ভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব।

(৫) পূজাস্থলী/মণ্ডপত কোনো লোকৰ শৰীৰত সন্দেহজনক ক’ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ’লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক’ভিড পৰীক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰিব লাগিব।

◆ আয়োজক, স্বেচ্ছাসেৱক, পূজাৰী, ভক্ত/দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী:

(১) আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা হ’ব লাগিব। এপালিও প্ৰতিষেধক নোলোৱা কোনো লোকেই (বিষয়ববীয়া, স্বেচ্ছাসেৱক, পূজাৰী বা দৰ্শনাৰ্থী) জৰিত হ’ব নোৱাৰিব।

(২) জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো Random Checkingৰ দ্বাৰা সুনিশ্চিত কৰিব। অন্যথা অনুমতি দিব নোৱাৰিব।

(৩) কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ/পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত  ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।

(৪) প্ৰতিখন পূজাস্থলী/পূজামণ্ডপৰ প্ৰতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব।

পূজামণ্ডপৰ ভিতৰ ভাগ আৰু স্বেচ্ছাসেৱকৰ বাবে নিয়মসমূহ:

(১) আয়োজক/পূজা সমিতিসমূহে ক’ভিড প্ৰতিষেধক লোৱা যথেষ্ট সংখ্যক স্বেচ্ছাসেৱকক মণ্পৰ ভিতৰে-বাহিৰে নিয়োজিত কৰিব লাগিব। দৰ্শনাৰ্থীসকলে মাস্ক পৰিধান কৰা, হাত ছেনিটাইজ কৰা আৰু ন্যূনতম শাৰীৰিক ব্যৱধান ৰক্ষা কৰাৰ ক’ভিড বিধি মানি চলাটো  স্বেচ্ছাসেৱকসকলে সুনিশ্চিত কৰিব আৰু নিজেও এই বিধি মানি চলিব।

(২) আয়োজকসকলে অঞ্জলি অৰ্পণ , প্ৰসাদ বিতৰণ, সান্ধ্য আৰতিৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল ৰক্ষা হোৱাকৈ অতি কম সংখ্যক লোকৰ সৰু সৰু গোটত ভাগ কৰি এনে কাৰ্য সম্পন্ন কৰিব।

৩) মণ্ডপৰ ভিতৰত দৰ্শনাৰ্থীসকল যাতে একেস্থানতে ৰৈ নাথাকি এটা দিশত আগবাঢ়ি গৈ থাকে, সেয়া স্বেচ্ছাসেৱকৰ জৰিয়তে আয়োজকে নিশ্চিত কৰিব।

(৪) ‘কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে কেৱল পূজামণ্ডপত প্ৰৱেশৰ অনুমতি’ শীৰ্ষক ফলক পূজামণ্ডপসমূহৰ সকলো ফালেই লগাই ৰাখিব লাগিব।

◆ মাস্ক পৰিধান, হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ:

(১) দৰ্শনাৰ্থী, আয়োজক, স্বেচ্ছাসেৱক সকলোৰে বাবেই মাস্ক পৰিধান বাধ্যতামূলক।

(২) পূজাস্থলী/মণ্ডপৰ প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব আয়োজকে।

(৩) প্ৰতিদিনে দৰ্শনাৰ্থীৰ প্ৰৱেশৰ পূৰ্বে আৰু নিশা দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধৰ পাছত আয়োজকে পূজাস্থলী/মণ্ডপ দুবাৰ ভালকৈ ছেনিটাইজ কৰিব লাগিব।

◆ পূজাৰ দিনকেইটাত ভক্ত-দৰ্শনাৰ্থীৰ আহ-যাহ বিষয়ক নিয়মাৱলী:

(১) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এএছডিএমএ)-এৰ  সান্ধ্য আইনৰ সময়সীমা সকলোৱেই মানি চলিব লাগিব।

(২) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজামণ্ডপ দৰ্শনাৰ্থীৰ বাবে মুকলি ৰখাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা সকলো আয়োজক/পূজা সমিতিয়ে কঠোৰ ভাৱে মানি চলিব লাগিব। নিশা নিৰ্ধাৰিত সময়ত পূজা মণ্ডপৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি আয়োজক সমিতি সেইদিনাৰ বাবে পূজামণ্ডপৰ কাৰ্যসূচী সামৰাটো জিলা প্ৰশাসনে সুনিশ্চিত কৰিব।

◆ পূজাত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন আদি বিষয়ত প্ৰযোজ্য হ’ব লগা নিয়ম:

(১) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দূৰ্গাপূজাৰ আগে-পাছে বা পূজাৰ কেইদিনত সাংস্কৃতিক সন্ধিয়া আদি কাৰ্যসূচীৰ আয়োজনত কঠোৰ বাধানিষেধ প্ৰযোজ্য হ’ব।

(২) আয়োজক সমিতি বা আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব।

(৩)  পূজামণ্ডপৰ সমীপৰ পথত দোকান আদি খুলিবলৈ জিলা প্ৰশাসনৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব। ক’ভিড বিধি কাৰ্যকৰী কৰিহে প্ৰশাসনে অনুমতি দিব।

◆ পূজা মণ্ডপ মুকলি অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন সম্পৰ্কীয় নিয়মাৱলী:

(১) আয়োজক সমিতিয়ে ক’ভিড প্ৰট’কল ৰক্ষা কৰি দূৰ্গাপূজা মণ্ডপৰ উদ্বোধনী অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন পৰ্ব তেনেই সাধাৰণ ভাৱে সম্পন্ন কৰিব লাগিব। পৰাপক্ষত ভাৰ্চুৱেল পদ্ধতিৰেই মণ্ডপ উদ্বোধন কৰাটোৱেই হ’ব সুৰক্ষিত পন্থা।

(২) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অনুমতি দিয়া সীমিত সংখ্যক লোকৰ দ্বাৰা দাঙিব পৰাকৈ প্ৰতিমাৰ আকাৰো যথাসম্ভৱ সীমিত কৰি ৰাখিব লাগিব আয়োজক সমিতিয়ে।

(৩) প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটসমূহ আগতীয়াকৈ ছেনিটাইজ কৰি ৰাখিব লাগিব আৰু আয়োজক সমিতিয়ে মণ্ডপৰ প্ৰতিমা উলিয়াই নি আন ক’তো নৰখোৱাকৈ পোনে পোনে নিৰ্দিষ্ট ঘাটতত বিসৰ্জন দিব লাগিব।

(৪) বিসৰ্জনৰ বাবে জিলা প্ৰশাসনে আগতীয়াকৈ যথোচিত পৰিকল্পনা প্ৰস্তুত কৰিব আৰু প্ৰত্যেক আয়োজক সমিতিক আগতীয়াকৈ বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰি দিব। পূজা মণ্ডপৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজন হ’লে বিসৰ্জন পৰ্ব দুদিন বা ততোধিক দিনত সম্পন্ন কৰাৰ বাবে আগতীয়া সিদ্ধান্ত ল’ব প্ৰশাসনে।

(৫) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজা আয়োজক সমিতিসমূহৰ বাবে ধাৰ্য কৰা সীমিত সংখ্যক লোকেহে প্ৰতিমা বিসৰ্জনত ভাগ ল’ব পাৰিব।

(৬) বিসৰ্জনস্থলীত নিয়োজিত স্বেচ্ছাসেৱক আৰু শ্ৰমিকসকলৰ সকলোৱেই ক’ভিড প্ৰতিষেধক লোৱা লোক হ’ব লাগিব।

◆ ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ প্ৰতি আহ্বান:

(১) দূৰ্গা পূজাৰ সময়ছোৱাত ক’ভিড প্ৰট’কল মানি চলা আৰু ক’ভিড প্ৰতিষেধক গ্ৰহণৰ প্ৰয়োজনীয়াৰ বিষয়ে জনসজাগতা বৃদ্ধিৰ বাবে সঘনাই প্ৰচাৰ কৰিলে জনসাধাৰণ উপকৃত হ’ব।

Also read : বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা, ব্যস্ত মৃৎ শিল্পী

(২) পূজা মণ্ডপৰ ভিতৰত বা পূজাস্থলীত অনাৱশ্যক আৰু মাত্ৰাধিক জনসমাগম/ভীৰ সৃষ্টিৰ পৰা বিৰত থাকিবলৈ ৰাইজক সচেষ্ট কৰাৰ প্ৰয়োজন।

(৩) পূজাৰ সময়ছোৱাত আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত উৰা বাতৰি, ভুল তথ্যৰ প্ৰচাৰ তথা অপপ্ৰচাৰৰ পৰা সকলোৱেই বিৰত থকাৰ লগতে এনে উৰা বাতৰি, অপপ্ৰচাৰ আদিত বিশ্বাস নকৰি নিজাকৈ তথ্য সুনিশ্চিত কৰাৰ বাবে উৎসাহিত কৰিবলৈ ৰাইজৰ মাজত প্ৰচাৰৰ আহ্বান।

অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ ‘মেগা ক’ভিড ভেক্সিনেছন’  কাৰ্যসূচী হাতত ল’ব স্বাস্থ্য বিভাগে। সেইদিনা কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা ।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd