• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সভ্য সমাজত মানুহক হত্যা কৰি বেদখলমুক্ত কেতিয়াও কৰিব নোৱাৰি’ :লুৰীণজ্যোতি গগৈ

ছিপাঝাৰৰ ঢলপুৰত উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপনৰ দাবী লুৰীণজ্যোতি গগৈৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
September 25, 2021 7:40 pm
193
VIEWS
Share on FacebookShare on Twitter

‘সভ্য সমাজৰ কাৰণে মানুহক হত্যা কৰি বেদখলমুক্ত কেতিয়াও কৰিব নোৱাৰে। মৃতদেহৰ ওপৰত অতি বৰ্বৰভাৱে গুৰিয়াই, লাঠিচালনা কৰি সমগ্ৰ পৃথিৱীৰ সন্মুখত অসমীয়া লোকক লজ্জিত কৰিলে’। ছিপাঝাৰৰ ঢলপুৰত চলা উচ্ছেদক লৈ এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ইপিনে, ছিপাঝাৰৰ ঢলপুৰত উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপনৰ দাবী লুৰীণজ্যোতি গগৈৰ।

তেওঁ কয় ‘উচ্ছেদিত লোকসকল যদি ভাৰতীয় নাগৰিক হয় তেন্তে তেওঁলোকক পুনৰ সংস্থাপিত কৰিব লাগিব। এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা। তেওঁলোক এতিয়ালৈকে বিদেশী বুলি প্ৰমাণিত হোৱা নাই। বিদেশী ঘোষণা বিদেশী ন্যায়াধীকৰণ আৰু NRC য়ে কৰিব।‘

তাৰোপৰি, উচ্ছেদৰ সময়ত কোনো লোক যাতে সমস্যাৰ সন্মুখীন নহয় বা মৃত্যুমুখত নপৰে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলিও গগৈয়ে কয়।

‘কিন্তু ঢলপুৰৰ গৰুখুঁটিত ২ গৰাকী লোকৰ মৃত্যু আৰু আৰক্ষী আহত হোৱাটোৱে চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা উদঙাই দিছে’। গগৈয়ে এইদৰে কয়।

ইপিনে, খোদ মুখ্যমন্ত্ৰীয়ে উচ্ছেদিত লোকক ৬-৭ বিঘা মাটি দিব বুলি ঘোষণা কৰিছিল বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় ‘অৰ্থাৎ চৰকাৰৰ মতে তেওঁলোক বিদেশী হয় নে নহয় প্ৰমাণিত হোৱা নাই। কিন্তু সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি এক ভাঙোনমুখী পৰিবেশৰ সৃষ্টি কৰিবলৈ প্ৰায়বোৰ লোক উঠি পৰি লাগিছে।‘

বৃহস্পতিবাৰৰ দিনটোত ৬০০ মানুহ থকা অঞ্চলত ১০ হাজাৰ লোক কেনেকৈ সমবেত হ’ল তাৰো এক উচ্চ পৰ্য্যায়ৰ তদন্ত হ’ব লাগে বুলি লুৰীণজ্যোতি গগৈয়ে দাবী তোলে।

গগৈয়ে আৰু কয় ‘উচ্ছেদিত মাটিসমূহত কাৰোবাৰ ৰঙা চকু আছে নেকি? এই প্ৰশ্নও মানুহৰ মাজলৈ আহিছে। কোনোবাই ছ’চাইটিৰ হতুৱাই মাটি দখল কৰিব নেকি? য’ত বেদখল হৈছে তাত উচ্ছেদ হ’ব লাগিব। এইখিনি ঠাইতে উচ্ছেদ কৰি কেৱল যাতে থমকি নৰয়’।
তদুপৰি, সত্ৰৰ মাটি বেদখলমুক্ত কিমান হ’ল তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী তুলি লগতে কয় ‘তিনিচুকীয়া জিলাতো ৪ লাখ বিঘাতকৈ অধিক মাটি বেদখল হৈ আছে সেইখিনি কেতিয়া উচ্ছেদ কৰিব?’

Recent News

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd