• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টেষ্ট ক্ৰিকেটক বিদায় জনালে মঈন আলীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2021 4:30 pm
England All-Rounder Moeen Ali Retires From Test Cricket
138
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ অলৰাউণ্ডাৰ মঈন আলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে (ECB) সোমবাৰে এক বিজ্ঞপ্তিত এই কথা সদৰী কৰে।

বৰ্তমান চেন্নাই চুপাৰ কিংছৰ সৈতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২১ ত খেলি থকা মঈন আলীয়ে কয় যে যদিও তেওঁ টেষ্ট ক্ৰিকেট উপভোগ কৰিছিল, তেওঁ বৰ্তমান ইয়াৰ পৰা অব্যাহতি ল’ব বিচাৰে।

তেওঁ এতিয়া ক্ৰিকেটক উপভোগ কৰিব বিচাৰে আৰু যিমান সময় পাৰে সিমান সময় খেলিব বিচাৰে। টেষ্ট ক্ৰিকেটত তেওঁ যি প্ৰদৰ্শন আগবঢ়ালে তাত তেওঁ “সুখী আৰু সন্তুষ্ট” আছিল বুলিও মন্তব্য কৰে ৩৪ বৰ্ষীয় খেলুৱৈ গৰাকীয়ে।

“মোৰ বয়স এতিয়া ৩৪ বছৰ আৰু মই যিমান সময় পাৰোঁ খেলিব বিচাৰো আৰু মই কেৱল মোৰ ক্ৰিকেট উপভোগ কৰিব বিচাৰো।” ইচিবিৰ বিবৃতিত এই দৰে মঈন আলীৰ বক্তব্য উদ্ধৃত কৰা হয়।

২০১৪ চনত শ্ৰীলঙ্কাৰ বিৰুদ্ধে নিজৰ টেষ্ট কেৰিয়াৰ আৰম্ভ কৰা মঈন আলীয়ে ৬৪ খন টেষ্টত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰি ২৮.২৯ গড়ে ২,৯১৪ ৰাণ সংগ্ৰহ কৰিছিল। দীৰ্ঘতম ফৰ্মেটটোত বাঁওহতীয়া বেটছমেনজনৰ নামত আছে পাঁচটা শতক আৰু ১৪ টা অৰ্ধ-শতক।

সোঁহাতীয়া অফ স্পিনাৰ হিচাপেও অলৰাউণ্ডাৰ গৰাকীয়ে ব্যাপক প্ৰভাৱ পেলাইছিল । টেষ্টত সৰ্বমুঠ ১৯৫ টা উইকেট লাভ কৰিছিল মঈন আলীয়ে। টেষ্ট ক্ৰিকেটত পাঁচবাৰ পাঁচ বা তাতকৈ অধিক উইকেট দখল কৰা মঈন আলীৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৬/৫৩, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লৰ্ডছত তেওঁ এই সফলতা পাইছিল।

মইন আলীয়ে তেওঁৰ টেষ্ট কেৰিয়াৰত তেওঁলোকৰ সমৰ্থনৰ বাবে তেওঁৰ প্ৰশিক্ষক, অধিনায়ক আৰু তেওঁৰ পৰিয়ালৰ সকলোকে ধন্যবাদ জনায়।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd