• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৱেফা চেম্পিয়নচ্ লীগ: আজাক্স,এটলেটিকো মাদ্ৰিদ,দৰ্টমুণ্ড,পিএছজি,লিভাৰপুলৰ জয়; অঘটনৰ স্বীকাৰ ৰিয়েল মাদ্ৰিদ; পইণ্ট ভগালে ইণ্টাৰে

by
September 29, 2021 4:35 pm
UEFA Champions League
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৱেফা চেম্পিয়নচ্ লীগত আজি জয়ৰ মুখ দেখিছে ফুটবল ক্লাৱ আজাক্স, এটলেটিকো মাদ্ৰিদ, বৰুছিয়া দৰ্টমুণ্ড, পিএছজি আৰু লিভাৰপুলে।

আজি আজাক্স বনাম বেচিক্টাচৰ খেলখনত আজাক্স দলে ২-০ ব্যৱধানত জয়ী হয়। দলৰ হৈ ষ্টিভেন বাৰগুইচ আৰু চেবাষ্টিয়ান হেলাৰে এটাকৈ গল স্ক’ৰ কৰে।

Apply Now

লীগৰ আন এখন খেলত এটলেটিকো মাদ্ৰিদে পৰাস্ত কৰে ইটালীয়ান ক্লাৱ এচি মিলানক। খেলখনত ৰাফায়েল লিয়াওৰ গলেৰে ২০ মিনিটতে মিলানে অগ্ৰগতি লাভ কৰিছিল যদিও খেলৰ ৮৪ মিনিটত এণ্টনিঅ’ গ্ৰিজমেনৰ গলেৰে মাদ্ৰিদে সমতা স্থাপন কৰে। পুনৰ খেলৰ ইনজুৰি টাইমত ছুৱাৰেজে এটা গল স্ক’ৰ কৰি মাদ্ৰিদৰ জয় নিশ্চিত কৰে।

পৰ্তুগীজ ক্লাব স্প’ৰ্টিঙক ১-০ গলত পৰাস্ত কৰে জাৰ্মানীৰ ক্লাব দৰ্টমুণ্ডে। খেলৰ ৩৭ মিনিটত দৰ্টমুণ্ডৰ দ’নিয়েল মালেনে নিৰ্ণায়ক গলটো দিয়ে।

তাৰকাসমৃদ্ধ পিএছজি দলেও এইবছৰৰ চেম্পিয়নচ্ লীগত নিজৰ প্ৰথম জয়ৰ মুখ দেখিছে। প্ৰিমিয়াৰ লীগৰ শক্তিশালী দল মানচেষ্টাৰ চিটিক ফৰাচী ক্লাবটোৱে পৰাস্ত কৰে ২-০ ব্যৱধানত। খেলৰ ৮ মিনিটতে পিএছজিৰ হৈ ইদ্ৰিছা গুৱেই দলৰ হৈ প্ৰথমটো গল কৰাৰ পিছত তাৰকা ফুটবলাৰ মেছিয়ে ৭৪ মিনিটত দলৰ হৈ দ্বিতীয়টো গল দিয়ে। উল্লেখ্য যে বাৰ্চিলোনা এৰি পিএছজিত যোগ দিয়াৰ পিছত আৰ্জেণ্টিনাৰ খেলুৱৈ গৰাকীৰ নতুন ক্লাবৰ হৈ এইটো প্ৰথমটো গল।

লীগৰ আন এখন খেলত পৰ্তুগীজ ক্লাব পৰ্তুক ৫-১ গলত বিধ্বস্ত কৰিছে লিভাৰপুলে। লিভাৰপুলৰ তাৰকা ষ্ট্ৰাইকাৰত্ৰয় মহম্মদ ছালাহ, চাডিঅ’ মানে আৰু ৰবাৰ্ট’ ফিৰ্মিন’- এ পৰ্তুৰ ডিফেঞ্চ লাইনক আজি থকাসৰকা কৰি তোলে। ছালাহ আৰু ফিৰ্মিন’ – এ দুটাকৈ গল স্ক’ৰ কৰাৰ লগতে এটা গল দিয়ে মানেই।

আনহাতে আজি অঘটনৰ স্বীকাৰ হৈ পৰাজয়ৰ মুখ দেখিছে শক্তিশালী ৰিয়েল মাদ্ৰিদে। দলটোক ২-১ গলত পৰাস্ত কৰে অখ্যাত মালডৌভিয়ান ক্লাব শ্বেৰিফে। শ্বেৰিফৰ হৈ য়াক্সিবয়েভ আৰু থিল- এ গল দুটা দিয়াৰ বিপৰীতে মাদ্ৰিদৰ হৈ পেনাল্টিত একমাত্ৰ গলটো স্ক’ৰ কৰে বেঞ্জিমাই।

চাখটাৰ ডনেটস্কৰ সৈতে গলশূন্য ড্ৰ খেলি পইণ্ট ভগাই লবলৈ বাধ্য হৈছে ইণ্টাৰ মিলানে। তুলনামূলকভাৱে দুৰ্বল চাখটাৰৰ বিৰুদ্ধে প্ৰায় নিষ্প্ৰভ দেখা গ’ল ছিৰি এ- ৰ চেম্পিয়ন দলটোক।

গ্ৰুপ Aৰ আন এখন খেলত ক্লাব ব্ৰুগে আৰবি লেইপজিগক ২-১ গলত পৰাস্ত কৰে।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd