DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৱেফা চেম্পিয়নচ্ লীগ: আজাক্স,এটলেটিকো মাদ্ৰিদ,দৰ্টমুণ্ড,পিএছজি,লিভাৰপুলৰ জয়; অঘটনৰ স্বীকাৰ ৰিয়েল মাদ্ৰিদ; পইণ্ট ভগালে ইণ্টাৰে

by
September 29, 2021 4:35 pm
UEFA Champions League
109
VIEWS
Share on FacebookShare on Twitter

উৱেফা চেম্পিয়নচ্ লীগত আজি জয়ৰ মুখ দেখিছে ফুটবল ক্লাৱ আজাক্স, এটলেটিকো মাদ্ৰিদ, বৰুছিয়া দৰ্টমুণ্ড, পিএছজি আৰু লিভাৰপুলে।

আজি আজাক্স বনাম বেচিক্টাচৰ খেলখনত আজাক্স দলে ২-০ ব্যৱধানত জয়ী হয়। দলৰ হৈ ষ্টিভেন বাৰগুইচ আৰু চেবাষ্টিয়ান হেলাৰে এটাকৈ গল স্ক’ৰ কৰে।

লীগৰ আন এখন খেলত এটলেটিকো মাদ্ৰিদে পৰাস্ত কৰে ইটালীয়ান ক্লাৱ এচি মিলানক। খেলখনত ৰাফায়েল লিয়াওৰ গলেৰে ২০ মিনিটতে মিলানে অগ্ৰগতি লাভ কৰিছিল যদিও খেলৰ ৮৪ মিনিটত এণ্টনিঅ’ গ্ৰিজমেনৰ গলেৰে মাদ্ৰিদে সমতা স্থাপন কৰে। পুনৰ খেলৰ ইনজুৰি টাইমত ছুৱাৰেজে এটা গল স্ক’ৰ কৰি মাদ্ৰিদৰ জয় নিশ্চিত কৰে।

পৰ্তুগীজ ক্লাব স্প’ৰ্টিঙক ১-০ গলত পৰাস্ত কৰে জাৰ্মানীৰ ক্লাব দৰ্টমুণ্ডে। খেলৰ ৩৭ মিনিটত দৰ্টমুণ্ডৰ দ’নিয়েল মালেনে নিৰ্ণায়ক গলটো দিয়ে।

তাৰকাসমৃদ্ধ পিএছজি দলেও এইবছৰৰ চেম্পিয়নচ্ লীগত নিজৰ প্ৰথম জয়ৰ মুখ দেখিছে। প্ৰিমিয়াৰ লীগৰ শক্তিশালী দল মানচেষ্টাৰ চিটিক ফৰাচী ক্লাবটোৱে পৰাস্ত কৰে ২-০ ব্যৱধানত। খেলৰ ৮ মিনিটতে পিএছজিৰ হৈ ইদ্ৰিছা গুৱেই দলৰ হৈ প্ৰথমটো গল কৰাৰ পিছত তাৰকা ফুটবলাৰ মেছিয়ে ৭৪ মিনিটত দলৰ হৈ দ্বিতীয়টো গল দিয়ে। উল্লেখ্য যে বাৰ্চিলোনা এৰি পিএছজিত যোগ দিয়াৰ পিছত আৰ্জেণ্টিনাৰ খেলুৱৈ গৰাকীৰ নতুন ক্লাবৰ হৈ এইটো প্ৰথমটো গল।

লীগৰ আন এখন খেলত পৰ্তুগীজ ক্লাব পৰ্তুক ৫-১ গলত বিধ্বস্ত কৰিছে লিভাৰপুলে। লিভাৰপুলৰ তাৰকা ষ্ট্ৰাইকাৰত্ৰয় মহম্মদ ছালাহ, চাডিঅ’ মানে আৰু ৰবাৰ্ট’ ফিৰ্মিন’- এ পৰ্তুৰ ডিফেঞ্চ লাইনক আজি থকাসৰকা কৰি তোলে। ছালাহ আৰু ফিৰ্মিন’ – এ দুটাকৈ গল স্ক’ৰ কৰাৰ লগতে এটা গল দিয়ে মানেই।

আনহাতে আজি অঘটনৰ স্বীকাৰ হৈ পৰাজয়ৰ মুখ দেখিছে শক্তিশালী ৰিয়েল মাদ্ৰিদে। দলটোক ২-১ গলত পৰাস্ত কৰে অখ্যাত মালডৌভিয়ান ক্লাব শ্বেৰিফে। শ্বেৰিফৰ হৈ য়াক্সিবয়েভ আৰু থিল- এ গল দুটা দিয়াৰ বিপৰীতে মাদ্ৰিদৰ হৈ পেনাল্টিত একমাত্ৰ গলটো স্ক’ৰ কৰে বেঞ্জিমাই।

চাখটাৰ ডনেটস্কৰ সৈতে গলশূন্য ড্ৰ খেলি পইণ্ট ভগাই লবলৈ বাধ্য হৈছে ইণ্টাৰ মিলানে। তুলনামূলকভাৱে দুৰ্বল চাখটাৰৰ বিৰুদ্ধে প্ৰায় নিষ্প্ৰভ দেখা গ’ল ছিৰি এ- ৰ চেম্পিয়ন দলটোক।

গ্ৰুপ Aৰ আন এখন খেলত ক্লাব ব্ৰুগে আৰবি লেইপজিগক ২-১ গলত পৰাস্ত কৰে।

Recent News

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd