অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহানৱমী ৰ পুৱা নামনি অসমৰ ইতিহাস প্ৰসিদ্ধ ধুবুৰী নগৰৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত অৱস্থিত শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত পদাৰ্পন কৰি প্ৰাৰ্থনা জনায়।
শিখ সকলৰ প্ৰথম গুৰু , গুৰু নানক ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহি থাকোঁতে এই ঠাইতে অসমীয়া জাতিৰ জনক তথা সাহিত্য , সংস্কৃতিৰ নিৰ্মাতা নৱবৈষ্ণৱ ধৰ্ম তথা একশৰণ ধৰ্ম প্ৰচাৰক মহান গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল ।
পিছলৈ ১৭ শতিকাত শিখ সকলৰ নৱম গুৰু গুৰু টেগ বাহাদুৰে এটা গুৰুদ্বাৰা স্থাপন কৰে । প্ৰতি বছৰে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা শিখ সকলৰ উপৰি বিভিন্ন ধৰ্মৰ লোক ইয়াত আহি সেৱা প্ৰাৰ্থনা জনায়।
মুখ্যমন্ত্ৰী শৰ্মাই নৱমীৰ দিনা এই গুৰুদ্বাৰাত আহি সেৱা প্ৰাৰ্থনা জনোৱাৰ লগতে লঙ্গৰতো অংশ গ্ৰহণ কৰে।
এই পবিত্ৰ স্থানত আহি তেখেতে ব্যক্ত কৰে যে গুৰু জনা তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ আৰু গুৰু নানক দেবৰ মিলন হৈছে আমাৰ বাবে এক গৌৰৱৰ বিষয়।
গুৰুদ্বাৰাত আহি মৰ্মে মর্মে গৌৰৱ তথা আনন্দ অনুভৱ কৰি কয় যে অসমীয়া আৰু শিখ সমাজৰ মাজত এটি নিবিড় সম্পৰ্ক আছে আৰু আগলৈ অটুট থাকিব।