দেশৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মান লাভ কৰা গোলাঘাটৰ সু-সন্তান ড০ বিনয় কুমাৰ শইকীয়ালৈ সম্বৰ্ধনা গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ।
৬ টাকৈ বিষয়ত গৱেষণা কৰি বিজ্ঞানৰ ক্ষেত্ৰখনত অৱদান আগবঢ়াই অহা যোৰহাট NEIST ৰ বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াই শেহতীয়াকৈ লাভ কৰিছিল শান্তিস্বৰূপ ভাটনাগৰ বঁটা-২০২১।
তেখেতে অধ্যয়ন কৰি যোৱা মহাবিদ্যালয়,দেৱৰাজ ৰয় মহাবিদ্যালয় কৰ্তৃপক্ষই আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে প্ৰাক্তন ছাত্র তথা গোলাঘাটৰ সু-সন্তান ড০ বিনয় কুমাৰ শইকীয়ালৈ আগবঢ়ায় এই সম্বৰ্ধনা।
Latest News:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ গুৰুতৰ অভিযোগ
নিজ মহাবিদ্যালয়ত সম্বৰ্ধিত হৈ আবেগিক হৈ পৰে ড০ শইকীয়া।
প্ৰাক্তন ছাত্রজনৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষও।