• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত খালেদা জিয়াৰ পুত্ৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2021 2:31 pm
Bangladesh communal unrest Case
222
VIEWS
Share on FacebookShare on Twitter

বিগত দুৰ্গোৎসৱৰ সময়ত বাংলাদেশত সংঘটিত সাম্প্ৰদায়িক হিংসাত নাম সাঙুৰ খাইছে বেগম খালেদা জিয়াৰ পুত্ৰ আৰু বি এন পিৰ উপাধ্যক্ষ তাৰেক ৰহমানৰ নাম।

লণ্ডনৰ প্ৰবাসী তাৰেকৰ বিৰুদ্ধে দুৰ্নীতিকে ধৰি অসংখ্য গোচৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে। মৌলবাদী দল জামাত এই ক্ষেত্ৰত বি এন পিৰ অংশীদাৰ আছিল।

ৰাজশাহী চাৰ্কিট হাউচত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা আৱামী লীগৰ যুটীয়া সাধাৰণ সম্পাদক ড০ হাছান মাহমুদে এই কথা সদৰী কৰিছে।

বাংলাদেশৰ গৃহমন্ত্ৰী আসাদুজ্জমান খান কামালেও কয় যে এই আক্ৰমণত কেইজনমান প্ৰখ্যাত ৰাজনৈতিক নেতা জড়িত আছিল। তেওঁ কৈছিল যে ঘটনাটোত গ্ৰেপ্তাৰ কৰা সকলে জেৰাৰ সময়ত তেওঁলোকৰ নাম উল্লেখ কৰিছে। এই বিষয়ত অধিক নিশ্চিতকৰণৰ পিছত সোনকালে মুকলি কৰা হ’ব।

তথ্য মন্ত্ৰীগৰাকীয়ে কয় যে বি এন পিৰ উপাধ্যক্ষ তাৰেক ৰহমানৰ পৰিকল্পনাৰ অধীনত সমগ্ৰ দেশতে সাম্প্ৰদায়িক হিংসা বিয়পি পৰিছিল।

হাছান মাহমুদে কয় যে এমাহ ধৰি লণ্ডনত কুমিলা কাণ্ডৰ পৰিকল্পনা কৰা হৈছিল। বি এন পি-জামাতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল আৰু গোপনে ষড়যন্ত্ৰ কৰিছিল। সেই ষড়যন্ত্ৰৰ এটা অংশ হৈছে সাম্প্ৰদায়িক সম্প্ৰীতি ধ্বংস কৰা। এই উদ্দেশ্যে, তেওঁলোকে দুৰ্গা পূজাৰ সময়ত পূজা মণ্ডপআক্ৰমণ কৰিছিল।

হিংসাত জড়িত সকলোকে সোনকালে বিচাৰি উলিওৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁৰ কয়, “এই দেশত সাম্প্ৰদায়িকতাৰ বিষয়ে ৰাজনীতি কোনে কৰে? বি এন পি-জামাত, ধৰ্মান্ধ আৰু উগ্ৰপন্থীসকলে সাম্প্ৰদায়িকতাক লৈ ৰাজনীতি কৰে। বাংলাদেশৰ যিকোনো সম্প্ৰদায়ৰ লোকৰ আনৰ শাস্ত্ৰক অপমান কৰাৰ মানসিকতা নাই।”

তেওঁ লগতে কয় যে কোনে টকা দিয়া অভিযুক্ত যুৱকজনক চিটাগং হৈ কক্সবজাৰলৈ পলাই যাবলৈ প্ৰেৰণ কৰিছিল সকলো বোৰ ওলাই আহিব। চৰকাৰে এই সন্দৰ্ভত ১০২ টা গোচৰ ৰুজু কৰিছে। এতিয়ালৈকে ৭০০ জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে।

নোৱাখালি জিলাৰ চৌমুহানীত সাম্প্ৰদায়িক হিংসাত উচতনি দিয়াৰ অভিযোগত অভিযুক্ত বি এন পিৰ শাখা সংগঠন জিলা স্বেচ্ছাসেৱক গোটৰ যুটীয়া আহ্বায়ক ফৈজল ইমাম ওৰফে কামাল (৩৯)য়ে স্বীকাৰোক্তি প্ৰদান কৰে।

আৰক্ষী অধীক্ষক মো. শ্বাহিদুল ইছলামে কৈছিল যে ফৈজল ইনাম ওৰফে কামালে সাম্প্ৰদায়িক আক্ৰমণৰ উচতনি দিয়াৰ ক্ষেত্ৰত বি এন পিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ উপ-সভাপতি বৰকত উল্লাহ বুলু আৰু নোৱাখালি-৩ সমষ্টিৰ প্ৰাক্তন সাংসদকে ধৰি ১৫ জন বি এন পি-জামাত নেতাৰ জড়িত থকাৰ বিষয়ে অৱগত কৰিছে।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd