• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Pegasus spy software: উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া তিনিজনীয়া সমিতিত আছে কোন কোন ব্যক্তি ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 28, 2021 8:56 am
SC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিং বিতৰ্কই সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষকো জোকাৰি গৈছিল।

পেগাছাছ স্পাইৱেৰ সন্দৰ্ভত উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কালি গঠন কৰি দিয়া তিনিজনীয়া সমিতিত দৰাচলতে কাক কাক অন্তৰ্ভূক্ত কৰা হৈছে বাৰু?

Apply Now

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰনৰ নিৰীক্ষণত পৰিচালিত হ’বলগীয়া তিনিজনীয়া সমিতিখনত আছে নবীন কুমাৰ চৌধুৰী,প্ৰবাহৰণ পি আৰু অশ্বিনী অনিল গুমাস্তে।

বিভিন্ন ক্ষেত্ৰৰ সৈতে জৰিত এই তিনিগৰাকী ব্যক্তিৰে গঠিত সমিতিয়ে পেগাছাছকলৈ উত্থাপিত অভিযোগ সন্দৰ্ভত আঠ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

সমিতিত অন্তৰ্ভূক্ত হোৱা নবীন কুমাৰ চৌধুৰী গান্ধীনগৰস্থিত নেছনেল ফৰেনচিকছায়েন্স বিশ্ববিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি আৰু ডিজিটেল ফৰেনচিক বিভাগৰ অধ্যাপক তথা ডীন।

চাইবাৰ ছিকিউৰিটিৰ বিষয়ত প্ৰায় দুই দশক জোৰা অভিজ্ঞতাৰে পুষ্ট চৌধুৰী।সমিতিত স্থান লাভ কৰা আন এগৰাকী সদস্য প্ৰবাহৰণ পি কেৰালাৰ অমৃতা বিশ্ব বিদ্যাপীঠমৰ এগৰাকী অধ্যাপক।

চাইবাৰ ছিকিউৰিটি, মালৱেৰ, কৃত্ৰিম বুদ্ধিমত্তা আদি বিষয়ত প্ৰবাহৰণ পি কুৰি বছৰীয়া অভিজ্ঞতাৰে অভিজ্ঞ ব্যক্তি।

সমিতিৰ তৃতীয়গৰাকী সদস্য গুমাস্তে মুম্বাই আইআইটিৰ অভিযান্ত্ৰিক আৰু কম্পিউটাৰ বিভাগৰ এগৰাকী সহযোগী অধ্যাপক।

আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰকাশিত বিশ্ব বিখ্যাত বিজ্ঞান পত্ৰিকাত গুমাস্তেই ১৫০ ৰো অধিক গৱেষণাধৰ্মী লেখা প্ৰকাশ কৰিছে।

বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে গুমাস্তে শান্তি স্বৰূপ ভাটনাগৰ বঁটাকে ধৰি আন বহু বঁটাৰে সন্মানিত হৈছে।

এই তিনিওগৰাকী বিশিষ্ট ব্যক্তিৰে গঠিত তিনিজনীয়া সমিতিয়ে পেগাছাছ ফোন টেপিঙৰ ৰহস্য ফাদিল কৰিব পাৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য উচ্চতম ন্যায়ালয়ে বুধবাৰে পেগাছাছ ছফ্টৱেৰ ব্যৱহাৰৰ অনুমোদিত নিৰীক্ষণৰ অভিযোগৰ তদন্তৰ বাবে এক বিশেষজ্ঞ সমিতি নিয়োগ কৰে।

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীৰে গঠিত তিনিজনীয়া বিচাৰপীঠে কয় যে সমিতিখনৰ কাম-কাজ উচ্চতম ন্যায়ালয়ে তদাৰক কৰিব।

পেগাছাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি মৌলিক অধিকাৰৰ বিষয়ত এক প্ৰভাৱ পেলাব পাৰে বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।
“আমি চৰকাৰক জাননী জাৰি কৰিছিলো। আমি চৰকাৰক বিষয়টোত লোৱা সকলো পদক্ষেপৰ বিৱৰণ দিবলৈ পৰ্যাপ্ত সুযোগ দিছিলো। কিন্তু বাৰে বাৰে সম্ভাৱনা থকা স্বত্বেও তেওঁলোকে সীমিত শপতনামা দিছিল যিয়ে স্পষ্টতা নিদিয়ে।প্ৰতিবাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি ৰাষ্ট্ৰই মুক্তভাৱে যিকোনো বিষয় এৰাই চলিব নোৱাৰে।” উচ্চতম ন্যায়ালয়ে কয়।

বিচাৰপীঠে লগতে কয়, “আদালতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত হস্তক্ষেপ নকৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কেন্দ্ৰই নিজৰ স্থিতি স্পষ্ট নকৰি যাতে আদালতক মূক দৰ্শক কৰিব। অভিযোগৰ প্ৰকৃতি মৌলিক অধিকাৰ উলংঘনৰ বিষয়ে। ইয়াৰ প্ৰভাৱ থাকিব পাৰে। বিদেশী সংস্থাসমূহজড়িত থকাৰ অভিযোগও আছে।”

আদালতে কৈছিল যে চৰকাৰৰ পৰা পোৱা অস্পষ্ট অস্বীকাৰ বিষয়টো আওকাণ কৰিবলৈ পৰ্যাপ্ত নহয়। সেয়েহে অভিযোগবোৰৰ তদন্ত কৰা প্ৰয়োজন বুলি ন্যায়ালয়ে উল্লেখ কৰে।

উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তত্বাৱধান কৰা বিশেষজ্ঞ সমিতিয়ে পেগাচাছ অভিযোগৰ তদন্ত কৰিব।

তিনিজন কাৰিকৰী সদস্য অন্তৰ্ভুক্ত থকা সমিতিখন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰনৰ তত্বাৱধানত থাকিব ।
এই সমিতিয়ে অভিযোগবোৰ ভালদৰে পৰীক্ষা কৰিব আৰু আদালতৰ সন্মুখত প্ৰতিবেদন এখন ৰাখিব। আঠ সপ্তাহৰ পিছত বিষয়টোৰ পুনৰ শুনানি হ’ব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd