ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিং বিতৰ্কই সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষকো জোকাৰি গৈছিল।
পেগাছাছ স্পাইৱেৰ সন্দৰ্ভত উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কালি গঠন কৰি দিয়া তিনিজনীয়া সমিতিত দৰাচলতে কাক কাক অন্তৰ্ভূক্ত কৰা হৈছে বাৰু?
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰনৰ নিৰীক্ষণত পৰিচালিত হ’বলগীয়া তিনিজনীয়া সমিতিখনত আছে নবীন কুমাৰ চৌধুৰী,প্ৰবাহৰণ পি আৰু অশ্বিনী অনিল গুমাস্তে।
বিভিন্ন ক্ষেত্ৰৰ সৈতে জৰিত এই তিনিগৰাকী ব্যক্তিৰে গঠিত সমিতিয়ে পেগাছাছকলৈ উত্থাপিত অভিযোগ সন্দৰ্ভত আঠ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
সমিতিত অন্তৰ্ভূক্ত হোৱা নবীন কুমাৰ চৌধুৰী গান্ধীনগৰস্থিত নেছনেল ফৰেনচিকছায়েন্স বিশ্ববিদ্যালয়ৰ চাইবাৰ ছিকিউৰিটি আৰু ডিজিটেল ফৰেনচিক বিভাগৰ অধ্যাপক তথা ডীন।
চাইবাৰ ছিকিউৰিটিৰ বিষয়ত প্ৰায় দুই দশক জোৰা অভিজ্ঞতাৰে পুষ্ট চৌধুৰী।সমিতিত স্থান লাভ কৰা আন এগৰাকী সদস্য প্ৰবাহৰণ পি কেৰালাৰ অমৃতা বিশ্ব বিদ্যাপীঠমৰ এগৰাকী অধ্যাপক।
চাইবাৰ ছিকিউৰিটি, মালৱেৰ, কৃত্ৰিম বুদ্ধিমত্তা আদি বিষয়ত প্ৰবাহৰণ পি কুৰি বছৰীয়া অভিজ্ঞতাৰে অভিজ্ঞ ব্যক্তি।
সমিতিৰ তৃতীয়গৰাকী সদস্য গুমাস্তে মুম্বাই আইআইটিৰ অভিযান্ত্ৰিক আৰু কম্পিউটাৰ বিভাগৰ এগৰাকী সহযোগী অধ্যাপক।
আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰকাশিত বিশ্ব বিখ্যাত বিজ্ঞান পত্ৰিকাত গুমাস্তেই ১৫০ ৰো অধিক গৱেষণাধৰ্মী লেখা প্ৰকাশ কৰিছে।
বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে গুমাস্তে শান্তি স্বৰূপ ভাটনাগৰ বঁটাকে ধৰি আন বহু বঁটাৰে সন্মানিত হৈছে।
এই তিনিওগৰাকী বিশিষ্ট ব্যক্তিৰে গঠিত তিনিজনীয়া সমিতিয়ে পেগাছাছ ফোন টেপিঙৰ ৰহস্য ফাদিল কৰিব পাৰিব বুলি আশা কৰা হৈছে।
উল্লেখ্য উচ্চতম ন্যায়ালয়ে বুধবাৰে পেগাছাছ ছফ্টৱেৰ ব্যৱহাৰৰ অনুমোদিত নিৰীক্ষণৰ অভিযোগৰ তদন্তৰ বাবে এক বিশেষজ্ঞ সমিতি নিয়োগ কৰে।
ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীৰে গঠিত তিনিজনীয়া বিচাৰপীঠে কয় যে সমিতিখনৰ কাম-কাজ উচ্চতম ন্যায়ালয়ে তদাৰক কৰিব।
পেগাছাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি মৌলিক অধিকাৰৰ বিষয়ত এক প্ৰভাৱ পেলাব পাৰে বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।
“আমি চৰকাৰক জাননী জাৰি কৰিছিলো। আমি চৰকাৰক বিষয়টোত লোৱা সকলো পদক্ষেপৰ বিৱৰণ দিবলৈ পৰ্যাপ্ত সুযোগ দিছিলো। কিন্তু বাৰে বাৰে সম্ভাৱনা থকা স্বত্বেও তেওঁলোকে সীমিত শপতনামা দিছিল যিয়ে স্পষ্টতা নিদিয়ে।প্ৰতিবাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি ৰাষ্ট্ৰই মুক্তভাৱে যিকোনো বিষয় এৰাই চলিব নোৱাৰে।” উচ্চতম ন্যায়ালয়ে কয়।
বিচাৰপীঠে লগতে কয়, “আদালতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত হস্তক্ষেপ নকৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কেন্দ্ৰই নিজৰ স্থিতি স্পষ্ট নকৰি যাতে আদালতক মূক দৰ্শক কৰিব। অভিযোগৰ প্ৰকৃতি মৌলিক অধিকাৰ উলংঘনৰ বিষয়ে। ইয়াৰ প্ৰভাৱ থাকিব পাৰে। বিদেশী সংস্থাসমূহজড়িত থকাৰ অভিযোগও আছে।”
আদালতে কৈছিল যে চৰকাৰৰ পৰা পোৱা অস্পষ্ট অস্বীকাৰ বিষয়টো আওকাণ কৰিবলৈ পৰ্যাপ্ত নহয়। সেয়েহে অভিযোগবোৰৰ তদন্ত কৰা প্ৰয়োজন বুলি ন্যায়ালয়ে উল্লেখ কৰে।
উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তত্বাৱধান কৰা বিশেষজ্ঞ সমিতিয়ে পেগাচাছ অভিযোগৰ তদন্ত কৰিব।
তিনিজন কাৰিকৰী সদস্য অন্তৰ্ভুক্ত থকা সমিতিখন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰনৰ তত্বাৱধানত থাকিব ।
এই সমিতিয়ে অভিযোগবোৰ ভালদৰে পৰীক্ষা কৰিব আৰু আদালতৰ সন্মুখত প্ৰতিবেদন এখন ৰাখিব। আঠ সপ্তাহৰ পিছত বিষয়টোৰ পুনৰ শুনানি হ’ব।