পুনেত অনুষ্ঠিত হোৱা ষষ্ঠ ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতা ২০২১ আৰু স্কুল গেম অৰিয়েন্তেচন শিবিৰ অল ইণ্ডিয়া কুংফু ফেডাৰেছনৰ বোৰ্ড অফ কমিটীৰ উদ্যোগত যোৱা ২৫ আৰু ২৯ অক্টোবৰত ল’ৰা- ছোৱালী উভয়তে চাব-জুনিয়ৰ ,জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত প্ৰতিযোগিতখন অনুষ্ঠিত হয়।
উক্ত প্ৰতিযোগিতাত কুংফু স্পোৰ্টচ এচোছিয়েশ্যন অসমৰ ৫০ জনীয়া ছাত্ৰ- ছাত্ৰী আৰু ১১ জন প্ৰশিক্ষকে অংশগ্ৰহণ কৰে ৷
প্ৰতিযোগিতাত অসমৰ দলটোৱে ১৭ টা সোণৰ , ৯ টা ৰূপৰ, ২ ব্ৰঞ্জৰ মুঠ ২৮ টা পদক লাভ কৰি ৰাজ্য খনলৈ সুনাম কঢ়িয়াই আনে আৰু প্ৰথম শ্ৰেষ্ঠ দল হয় ৷
সোণৰ পদক লাভ কৰা খেলুৱৈ সকল হল অন্নিশা ভৰদ্বাজ , গৌতম চাংমাই , সপুন দুৱাৰা ,ৰূপম হাজৰিকা ,মঞ্জিল আহমেদ , ৰূপচিখা ডেকা, পূৰবী বৰা , মঞ্জিল বৰা , আত্ৰেয় কাশ্যপ , ইৰফান আহমেদ , ৰঘুনন্দন কুমাৰ ,এচ্ স্বপন সিংহা , টাওলু ইভেন্তত প্ৰাঞ্জল দাস, কৈলাশ বৰ্মণ , প্রতিক্ষা ৰাভা,জাৰ্নেলিম কলিতা, টাইচী ইভেন্তত কৈলাশ বৰ্মণ ।
ৰূপৰ পদক লাভ কৰা খেলুৱৈ সকল হল চাহিল কুমাৰ ঠাকুৰ ,ঋষভ ফুকন,কৰমজিৎ ৰামচিয়াৰী , কৃষ্ণা গোস্বামী , চিম্পি ৰাণী মোহন , স্নিগ্ধা কোঁৱৰ, জাৰ্নেলিম কলিতা , এচ্ বিনিতা সিংহা ,টাওলু ইভেণ্টত প্ৰাঞ্জল দাস।
ব্ৰঞ্জৰ পদক পদক লাভ কৰা খেলুৱৈ সকল হল ৰোহন চাহ , হৰেশ্বৰ নাৰ্জাৰী ।
স্কুল গেম অৰিয়েন্তেচন শিবিৰত ভাগ লোৱা প্ৰশিক্ষক সকল হ’ল জালালুদ্দিন আহমেদ,গৌতম দাস , নেকিবুৰ ৰহমান, ৰিঙ্কু শৰ্মা , স্মৃতি বৰা, ৰাজেন ৰামচিয়াৰী , চুৰেন বৰ্মন , সত্যজিত মোহন ,ইবুনঙ্গবি সিংহা ,অৰুণজ্যোতি হাজৰিকা আৰু কুংফু স্পোটচ্ এচোছিয়েশ্যনৰ অসমৰ সম্পাদক তথা প্ৰশিক্ষক আজহাৰুল আমিন , সভাপতি তথা গ্ৰেণ্ডমাষ্টাৰ চিফু ৰাজকুমাৰ উপস্থিত থাকি লাইফ টাইম এচিভ্মেন্ট এৱাৰ্ড লাভ কৰে ।