শেহতীয়াকৈ পাৰস্পৰিক আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে চৰ্চাত থকা কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত শাম কাটিছে অঁৰিয়াঅঁৰি।
আজি আগন্তুক গোৱা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ক পৰাস্ত কৰাৰ স্বাৰ্থত কংগ্ৰেছক তৃণমূল কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে তৃণমূলৰ নেতা ডেৰেক অ’ব্ৰায়েনে।
কংগ্ৰেছক মিত্ৰতাৰ বাবে আহ্বান জনাই তৃণমূলৰ নেতাজনে এক বিবৃতিত কয়, “মানসিকতা সলনি হ’ব লাগিব। আমি বিৰোধী দলৰ সমান অংশীদাৰ। আহক আমি পাৰস্পৰিক বিতৰ্কৰ সলনি একেলগে কাম কৰোঁ। আমি নিজৰ মাজতে যুঁজ দিয়াৰ কোনো প্ৰয়োজন নাই। আমাৰ একক লক্ষ্য হৈছে বিজেপিক পৰাস্ত কৰা।”
তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱক কংগ্ৰেছে অনিৰ্দিষ্ট কাললৈ উপেক্ষা কৰিছে বুলি অভিযোগ কৰিছিল তৃণমূল কংগ্ৰেছে। আনহাতে অহা বছৰ হ’বলগীয়া গোৱা নিৰ্বাচনত যুঁজিবলৈ TMCৰ অভিপ্ৰায়ক প্ৰশ্ন কৰিছিল কংগ্ৰেছে।
কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই অভিযোগ কৰিছিল যে তৃণমূল কংগ্ৰেছে গোৱা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজেপিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে।
আনহাতে তৃণমূল নেতা সুখেন্দু শেখৰ ৰয়ে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী আৰু কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ বৈঠকৰ উদ্ধৃতি দি কয় যে তৃণমূলে পাৰস্পৰিক বুজাপৰাৰ বাবে ছয় মাহ অপেক্ষা কৰিছিল, কিন্তু কংগ্ৰেছৰ এই বিষয়ত কোনো সঁহাৰি বা পদক্ষেপ নাছিল। সেয়ে তেওঁলোকে গোৱা নিৰ্বাচনক লক্ষ্য কৰি আগবাঢ়ি গৈছে আৰু তেওঁলোকৰ ভেঁটি সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে সুখেন্দু শিখৰ ৰয়ে।
উল্লেখ্য যে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে কংগ্ৰেছৰ বাবে বিজেপি দেশত শক্তিশালী হৈছে বুলি অভিযোগ কৰিছিল। তেওঁৰ অভিযোগৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা চিদাম্বৰমে মমতা বেনাৰ্জীয়ে কেৱল বেংগল লেঞ্চেৰে দেশখন চাইছে বুলি কটাক্ষ কৰিছিল।
এনে পাৰস্পৰিক বাকযুদ্ধৰ মাজতে আজি তৃণমূল নেতা ডেৰেক অ’ব্ৰায়েনে আগবঢ়োৱা প্ৰস্তাৱে বিশেষ চৰ্চা লাভ কৰিছে। কংগ্ৰেছে এতিয়া এই প্ৰস্তাৱৰ প্ৰতি কেনে সঁহাৰি জনায় সেইয়া লক্ষ্যণীয় হ’ব।