• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনতাৰ বাবে মুকলি হ’ল দিছপুৰ উৰণীয়া সেতু; কিন্তু পাদপ্ৰদীপত কোন?

প্ৰাঞ্জল দেউৰী, গুৱাহাটী by প্ৰাঞ্জল দেউৰী, গুৱাহাটী
November 4, 2021 2:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্পূৰ্ণ দিছপুৰ চুপাৰ মাৰ্কেটৰ ফ্লাই অ’ভাৰ! আজি সেতুখন মুকলি কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু এই উৰণীয়া সেতুখনৰ পাদপ্ৰদীপত কোন?

উত্তৰ পূৱ ভাৰতৰ একমাত্ৰ মহানগৰ হ’ল অসমৰ গুৱাহাটী। উত্তৰ পূৱৰ দুৱাৰমুখ বুলি পৰিচিত গুৱাহাটীৰ প্ৰকৃত পৰিচয় কি জানেনে?

ইয়াৰ এক অন্যতম পৰিচয় হৈছে দেশৰ ভিতৰতে অন্যতম এখন অপৰিকল্পিত মহানগৰ। অপৰিকল্পিত মহানগৰ হিচাপে দেশৰ ভিতৰত গুৱাহাটীৰ স্থান হৈছে ৪৮।

গুৱাহাটী মহানগৰৰ জীৱন্ত বৈশিষ্ট্য হৈছে নাৰকীয় যান-জঁটৰ সমস্যা।

কি জো-ৰোড তিনিআলি, কি চানমাৰি তিনিআলি, কি গুণেশগুৰি চাৰিআলি, কি চুপাৰ মাৰ্কেট তিনিআলি, কি ৰাজধানী মছজিদৰ তিনিআলি, কি বেলতলা তিনিআলি কি বৈশিষ্ঠ চাৰিআলি, কি গড়চুক চাৰিআলি, কি লখৰা চাৰি আলি!!

Apply Now

য’তেই তিনি আলি আৰু চাৰি আলি তাতেই নাৰকীয় যান-জঁট।

মহানাগৰিকক এই যান-জঁটৰ পৰা উদ্ধাৰ কৰিবলৈ গুৱাহাটী নিৰ্মাণ কৰা হ’ল কেবাখনো উৰণীয়া সেতু।

শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু। যিখন সেতুৱে দিছপুৰৰ চুপাৰ মাৰ্কেট তিনিআলিৰ যান-জঁটৰ সমস্যা লাঘৱ কৰিব বুলি ভবা হৈছে।

১২৭.২০ কোটি টকাৰ ব্যয়সাপেক্ষ ১৪০০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুখনৰ আধাৰশিলা ২০১৯ চনৰ ৮ ডিচেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰিছিল।

৩৬ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিব লগীয়া সেতুখন মাত্ৰ ২৩ মাহৰ ভিতৰতে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে।

৩৬ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’ব লগীয়া সেতুখন মাত্ৰ ২৩ টা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সিংহভাগ কৃতিত্বৰ দাবীদাৰ হৈছে সেতু নিৰ্মাণত নিয়োজিত শ্ৰমিকসকল।

দিনে নিশাই পাল পাতি পাতি নিৰ্ধাৰিত সময়তকৈও প্ৰায় ১৪ মাহৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে সেতু নিৰ্মাণৰত শ্ৰমিকসকলে। সাধাৰণতে অসমৰ ৰাজহুৱা খণ্ডৰ যিকোনো প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ নোহোৱাটো অঘোষিত পৰম্পৰা। কিন্তু দিছপুৰ চুপাৰ মাৰ্কেট উৰণীয়া সেতুৱে সেই পৰম্পৰা ভংগ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোকো শলাগ লোৱা উচিত হ’ব।

কিন্তু ৩৬ মাহত সম্পূৰ্ণ হ’বলগীয়া এখন সেতু মাত্ৰ ২৩ মাহতে সম্পূৰ্ণ কৰা শ্ৰমিকসকলৰ ভূমিকাক যেন নাগৰিক সমাজে এবাৰলৈ স্বীকাৰ কৰিবলৈ আহৰি পোৱা নাই।

নিৰ্মাণ খণ্ডৰ শ্ৰমিক বুলিয়েই তেওঁলোকৰ ভূমিকাক নাগৰিক সমাজে স্বীকাৰ কৰা নাই নেকি? এই প্ৰশ্নই আমাৰ মনত বাৰে বাৰে ভূমুকি মাৰিছে।

বিগত কিছু দিনৰ পৰা প্ৰত্যক্ষ কৰা নাগৰিক সমাজৰ কিছুমান কাৰ্যক্ৰমণিকাই আমাৰ মনত এই প্ৰশ্নৰ উদ্ৰেক কৰিছে।

উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা সেতুখনত সুশোভিত কৰি তোলাৰ বাবে এদল চিত্ৰ শিল্পী ৰাতিও ব্যস্ত হৈ আছে। তেওঁলোকে ৰং তুলিকাৰে সেতুখনত উত্তৰ পূৰ্বৰ লগতে অসমৰ সাংস্কৃতিক প্ৰতিনিধিত্বমূলক চিত্ৰ অংকনেৰে সজাই তুলিছে। আনকি তৃতীয় লিংগৰ সম অধিকাৰ বিষয়টোও তেওঁলোকে সেতুখনত ফুটাই তুলিছে।

তেওঁলোকে সেতুখন সুশোভিত কৰি তোলাৰ পোনপতীয়া দৃশ্য সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰে কিছু সচেতন নাগৰিকে। ইয়াৰ পিছতে নিশা নিশা তালৈ কিছু সচেতন নাগৰিকৰ সোঁত বয় আৰু তেওঁলোকে চিত্ৰশিল্পীসকলৰ অংকিত ছবিসমূহ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হয়।

তেওঁলোকে চিত্ৰশিল্পীসকলক উৎসাহিত কৰা দেখা যায়। এইদৰে তেওঁলোকে চিত্ৰশিল্পীসকলৰ শিল্পকৰ্ম আৰু সামাজিক স্বীকৃতিও প্ৰদান কৰিছে। নিসন্দেহে চিত্ৰশিল্পীসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ কৰ্মক স্বীকৃতি দিয়াটো আদৰণীয় এক পদক্ষেপ। তেওঁলোকৰ ভিতৰত অধিকসংখ্যেই আছিল শিল্পী, কবি আদি সামাজিক পৰিচয় থকা লোক, অৰ্থাৎ সমাজ সচেতন লোক।

কিন্তু তাতেই এক কিন্তু ৰৈ গ’ল !! হয়, তাতেই কিন্তু ৰৈ গ’ল !!

তেওঁলোকৰ কাৰো মুখতে বা সামাজিক মাধ্যমত তেওঁলোকে এবাৰো সেতুখনৰ নিৰ্মাণত নিয়োজিত শ্ৰমিকসকলৰ বিষয়ে ঘূৰ্ণাক্ষেও উল্লেখ কৰা দেখা নগ’ল। যিসকলে নিৰ্ধাৰিত সময়তকৈ ১৪ মাহৰ পূৰ্বে সেতুখন সম্পূৰ্ণ কৰি তুলিলে। নিশ্চিতভাৱে সেয়া তেওঁলোকৰ দোষ নহয়, কিন্তু এয়া এক সমাজ-ৰাজনৈতিক আৰু আৰ্থ-সামাজিক শ্ৰেণীগত প্ৰশ্ন নেকি? নাগৰিক সমাজৰ অন্তঃস্থলত থকা শ্ৰেণীগত বৈষম্যক ই উদঙাই দিছে নেকি? এই প্ৰশ্নটো এতিয়া উদয় হৈছে।

অৰ্থাৎ নিৰ্মাণ শ্ৰমিক কাৰণেই তেওঁলোকৰ প্ৰতি আমি নাগৰিক সমাজে কিছু অৱজ্ঞাসূচক মনোভাৱ পোষণ কৰো নেকি? শ্ৰমিক হোৱাৰ বাবে তেওঁলোকৰ কৰ্মক আমি নাগৰিক সমাজে স্বীকৃতি দিবলৈ ইতস্ততঃবোধ কৰো নেকি?

চিত্ৰশিল্পীসকলৰ ক্ষেত্ৰত কোৱা হৈছে তেওঁলোকে ৰাতিক দিন কৰি সেতুখন সৌন্দৰ্যবৰ্ধন তথা সুশোভিত কৰাৰ বাবে কাম কৰি আছে। একেটাই কথা শ্ৰমিকসকলৰ ক্ষেত্ৰতো খাটে, শ্ৰমিকসকলেও দি ৰাতি একাকাৰ কৰি পাল পাল পাতি পাতি সেতুখন নিৰ্মাণ কৰিছিল।

প্ৰশ্ন উঠিব পাৰে শ্ৰমিসকলে মজুৰী লৈ ঠিকাদাৰৰ অধীনত কাম কৰিছে। চিত্ৰশিল্পীসকলৰ ক্ষেত্ৰটো এই একেটা কথাই খাটে। তেওঁলোকেও পাৰিশ্ৰমিক লৈ নানান মনোমোহা চিত্ৰৰে সেতুখন সজাই তুলিছে, কাৰণ সেতুখন হৈছে এটা চৰকাৰী প্ৰকল্প। যিবোৰে উত্তৰ পূৱৰ লগতে অসমৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছে। চিত্ৰশিল্পীসকলে নিৰ্দিষ্ট সময়সীমা ভিতৰত সেতুখনত চিত্ৰ অংকন কৰি সৌন্দৰ্যবৰ্ধন কৰিছে, কিন্তু শ্ৰমিকসকলে ৩৬ মাহত সম্পূৰ্ণ হ’বলগীয়া সেতুখন মাত্ৰ ২৩ টা মাহতে সম্পূৰ্ণ কৰি তুলিছে।

এবাৰ ভাবি চাওকচোন, চিত্ৰশিল্পীসকলে পোৱাৰ দৰেই এই শ্ৰমিকসকলেও নাগৰিক সমাজৰ পৰা উছাহ আৰু স্বীকৃতি লাভ কৰাৰ যোগ্য নহয় নে?

আমাৰ এই প্ৰতিবেদন চিত্ৰশিল্পী অথবা সচেতন সেই নাগিৰকসকলৰ বিৰুদ্ধে নহয়, এই প্ৰতিবেদন আমাৰ নাগৰিক সমাজৰ প্ৰতিহে। আমি নাগৰিক সমাজে কিয় শ্ৰমৰ শ্ৰেণীগত সীমাৱদ্ধ ধাৰণাটোৰ পৰা মানৱীয় এক ধাৰণালৈ উত্তৰণ ঘটাবলৈ প্ৰয়াস কৰো। সমাজ-ৰাজনৈতিক আৰু আৰ্থা-সামাজিক আমাৰ দৃষ্টিকো শ্ৰেণীগত সীমাৱদ্ধতাৰ উৰ্ধলৈ নিবলৈ কিয় প্ৰয়াস নকৰো? আমি শ্ৰেণীগত বৈষম্যক আমি কিয় লালন কৰি থাকো? এই প্ৰশ্নবোৰ উত্থাপনৰ বাবেহে আমাৰ এই বিশেষ প্ৰতিবেদন।

প্ৰাঞ্জল দেউৰী, গুৱাহাটী

প্ৰাঞ্জল দেউৰী, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd