লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নী।
১০০ বছৰ ধৰি বসবাস কৰাৰ কথা ভুল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় ” ১০০ বছৰীয়া পুৰণা তাতে কোনো নাই এইবোৰ সকলো বনাই কোৱা কথা। সকলো এতিয়া ধুনীয়াকৈ আঁতৰি গৈছে। যিসকল ১০০ বছৰীয়া পুৰণা তেওঁলোকে forest rights ত কেতিয়াবাতে নিজৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। যিসকল লোকে বেদখল কৰি তাতে বসবাস কৰি আছে তেওঁলোকৰ উচ্ছেদ অভিযান অব্যাহত থাকিব, কাৰণ মই কাকো জোৱাই পাতি ৰাখি থোৱা নাই ।”
আনহাতে হাতী, জেচিবি, টেক্টৰ আদি লৈ উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষী- প্ৰশাসনক সহযোগিতা আগবঢ়াইছে দখলকাৰীসকলে।
উচ্ছেদৰ পূৰ্বেই জাননী প্ৰেৰণ কৰি জিলা প্ৰশাসনে দখলকাৰীসকলক সেই স্থান এৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল।
সেই নিৰ্দেশনা অনুসৰিয়েই দখলকাৰীসকলে সংৰক্ষিত বনাঞ্চলখনৰ দখলকৃত ভূমি ত্যাগ কৰি আন স্থানত গৈ অৱস্থান কৰিছে।
আনহাতে একাংশ দখলকাৰীয়ে দাবী কৰিছে যে তেওঁলোক সেই স্থানৰ স্থায়ী বাসিন্দা। শ শ বছৰ ধৰি তেওঁলোক সেই স্থানত বাস কৰি আছে।
ইফালে উচ্ছেদৰ পূৰ্বে জিলা উপায়ুক্ত গৰাকীয়ে কৈছে যে, দাঁতিকাষৰীয়া জিলাৰ পৰা যিসকল ভূমিহীন লোকে সংৰক্ষিত বনাঞ্চলখনত আহি ভূমি দখল কৰি আছিল তেওঁলোকক ভূমি আৱণ্টন দিবলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিব।