• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

মুকেশ কুমাৰ সিং, ধুবুৰী by মুকেশ কুমাৰ সিং, ধুবুৰী
November 9, 2021 7:09 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক  উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই সোমবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰত্যাশাপূৰ্ণ জিলা হিচাপে ধুবুৰীত ৰূপায়ন হৈ থকা আঁচনিবোৰৰ লগতে বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷

জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী প্ৰমুখ্যে বিষয়সকলৰ  উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ৰমেন ডেকাই প্ৰথমে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কামৰ বুজ লয়৷

শিক্ষা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি ৰমেন ডেকাই বিভাগটোৰ বিষয়াসকলক নতুন শিক্ষা নীতিৰ ওপৰত গুৰুত্ব দিবলৈ কয়৷

Apply Now

তেওঁ কৃষি বিভাগৰ বিষয়াসকলক আধুনিক পদ্ধতিৰে লাভজনক খেতি কৰা খেতিয়কৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰু নিয়মীয়াকৈ খেতিপথাৰ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে৷

কৃষি বিভাগৰ কামৰ পৰ্যালোচনাৰ সময়ত জিলা উপায়ুক্তই বিলাসীপাৰা মহকুমাত হোৱা পৰ্যাপ্ত পৰিমাণৰ জলকীয়া উৎপাদনৰ কথা উল্লেখ কৰে৷

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলক ৰাজ্যিক জীৱিকা অভিযানৰ সুযোগ লবলৈ ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষগৰাকীয়ে আহ্বান জনায়৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আয়োগে গ্ৰহণ কৰা ‘সমৃদ্ধি হাঁহ-কুকুৰা পালন’ প্ৰকল্পৰ কথা উল্লেখ কৰি তেওঁ বিভাগটোৰ বিষয়াসকলক কাৰিকৰী সহায়ৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়৷

স্বনিয়োজনৰ সুযোগ সৃষ্টিৰ বাবে অধিক সংখ্যক দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰাত তেওঁ গুৰুত্ব দিয়ে৷

জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰি থকা জল জীৱন মিছনৰ পৰ্যালোচনা কৰি কাৰ্যকৰী কৰা পানীযোগান প্ৰকল্পবোৰ নিৰীক্ষণ কৰি থাকিবলৈ উপাধ্যক্ষগৰাকীয়ে কয়৷

মীন বিভাগে ৰূপায়ন কৰা ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ আঁচনিৰ হিতাধিকাৰীৰ তালিকা জমা দিবলৈ ৰমেন ডেকাই বিভাগটোৰ বিষয়াক নিৰ্দেশ দিয়ে আৰু আঁচনিখনৰ ক্ষেত্ৰভিত্তিক ৰূপায়ন নিৰীক্ষণৰ বাবে দণ্ডাধীশক দায়িত্ব দিবলৈ জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে৷

বৈঠকত জিলা উদ্যেগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধকে জনায় যে কোনো ‘ষ্টাৰ্ট আপ’ জিলাখনত আৰম্ভ হোৱা নাই৷

উপাধ্যক্ষগৰাকীয়ে কৃষি বিভাগ আৰু মীন বিভাগৰ সৈতে যুটীয়াভাৱে এই বিষয়ত সজাগতা শিবিৰ আয়োজনৰ পৰামৰ্শ দিয়ে৷

সমাজ কল্যাণ বিভাগৰ আঁচনি পৰ্যালোচনাৰ সময়ত জিলা উপায়ুক্তই জনায় যে পুষ্টিহীনতাত ভোগা শিশুৰ বাবে জিলাখনত বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে৷

বৈঠকত উপাধ্যক্ষগৰাকীয়ে লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, বন, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰো কাম কাজৰ পৰ্যালোচনা কৰে৷ 

মুকেশ কুমাৰ সিং, ধুবুৰী

মুকেশ কুমাৰ সিং, ধুবুৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd