• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাফিল খানক বৰ্খাস্ত উত্তৰ প্ৰদেশ চৰকাৰৰ; কোন এই কাফিল খান? কি দোষৰ বাবে শাস্তিৰ সন্মুখীন কাফিল খান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2021 7:31 pm
Kafeel Khan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰপ্ৰদেশত বৰ্তমান নিৰ্বাচনমুখৰ পৰিৱেশ। বিজেপি, কংগ্ৰেছ, সমাজবাদী পাৰ্টি, বিএছপি সকলোৱেই ব্যস্ত হৈ পৰিছে। তেনে পৰিস্থিতিতে পুনৰ বাতৰিৰ শিৰোনামালৈ আহিছে এজন চিকিৎসক। তেওঁ হৈছে ডাঃ কাফিল খান। উত্তৰপ্ৰদেশৰ বিআৰডি চিকিৎসালয়ৰ এই শিশুৰোগ বিশেষজ্ঞজনক ১০ নৱেম্বৰত বৰ্খাস্ত কৰিছে যোগী চৰকাৰে। টুইটাৰত ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে চিকিৎসকজনে। প্ৰতিবাদ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও।

কিন্তু কিয় ইমান চৰ্চিত চিকিৎসকজন? তেওঁক বৰ্খাস্ত কৰাৰ পটভূমি কি? 

গোৰখপুৰ বাবা ৰাঘৱদাস হস্পিতাল চমুকৈ বিআৰডি হস্পিতালক উত্তৰপ্ৰদেশৰ এখন আগশাৰীৰ চৰকাৰী হস্পিতাল বুলি গণ্য কৰা হয়। যোগী আদিত্যনাথৰ নিজা সমষ্টিৰ অন্তৰ্গত হস্পিতালখনত ২০১৭ চনৰ ১০ আৰু ১১ আগষ্টত সংঘটিত হৈছিল এটা দেশ কঁপাই যোৱা এটা ঘটনা। ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু হৈছিল ৬৩ টাকৈ শিশু।

পৰ্যাপ্ত অক্সিজেনৰ অভাৱতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল। দীৰ্ঘদিন ধৰি চৰকাৰে চিকিৎসালয়খনক অক্সিজেন ক্ৰয়ৰ বাবে টকা আগবঢ়োৱা নাছিল। শেষত অক্সিজেন যোগান ধৰোতাসকলে চিকিৎসালয়খনক অক্সিজেন সৰবৰাহ বন্ধ কৰি দিছিল। হস্পিতাল কৰ্তৃপক্ষই স্বাস্থ্য বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰি আহিছিল। কিন্তু সেই সময়ত নতুনকৈ ক্ষমতাত অধিষ্ঠিত হোৱা যোগী চৰকাৰে এই বিষয়ে কোনো পদক্ষেপ লোৱা নাছিল।

Apply Now

চিকিৎসালয়খনৰ শিশুৰোগ বিশেষজ্ঞৰ দায়িত্বত আছিল ডাঃ কাফিল খান। ঘটনাটো সংঘটিত হোৱাৰ সময়ত কাফিল খান ছুটিত আছিল। কিন্তু সংকটজনক পৰিস্থিতিৰ খবৰ পায় ছুটিৰ সামৰি লগালগ কাফিল খানে হস্পিতালত উপস্থিত হৈছিল। হস্পিতালত অক্সিজেন চিলিণ্ডাৰ নাই। ইফালে মৃত্যুৰ মুখলৈ আগবাঢ়িছে কেইবাটাও শিশু। আনহাতে, চৰকাৰৰো কোনো কাণসাৰ নাই।

তেনে পৰিস্থিতিত কি কৰিব কাফিল খানে? নিজৰ টকাৰেই তেওঁ অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰি শিশুসকলক তেওঁ প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা কৰে। কিন্তু তেতিয়ালৈ বহুত পলম হৈ গৈছিল। কাকো বচাব পৰা নগ’ল। ১৩ আগষ্টত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হস্পিতালখন পৰিদৰ্শন কৰে। সেইদিনা হস্পিতালখনলৈ অক্সিজেনো পুনৰ যোগান ধৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোক প্ৰাকৃতিক বিপৰ্যয় বুলি অভিহিত কৰে। বিজেপি সভাপতি অমিত শ্বাহে কয় যে কংগ্ৰেছৰ দিনতো এনেধৰণৰ ঘটনা সংঘটিত হৈছিল।

কিন্তু যোগী চৰকাৰে হস্পিতালখনত অক্সিজেন অভাৱৰ কথা অস্বীকাৰ কৰে। চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে অক্সিজেনৰ অভাৱৰ ফলত কোনো শিশু মৃত্যু হোৱা নাই। সেয়ে হস্পিতালখনত কৰ্তব্যৰত সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক নিলম্বন কৰি তদন্তৰ নিৰ্দেশ দিয়ে যোগী আদিত্যনাথে। এই ক্ষেত্ৰত বিশেষভাৱে লক্ষ্য কৰি লোৱা হয় কাফিল খানক।

কাফিল খানৰ ওপৰত কৰ্তব্যৰ প্ৰতি গাফিলতাকে ধৰি কেইবাটাও অভিযোগত সাঙুৰে যোগী চৰকাৰে। ১৩ আগষ্টত তেওঁক নিলম্বন কৰা হয়। তেওঁৰ ওপৰত আৰোপ কৰা হয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰা। ২ ছেপ্তেম্বৰত তেওঁক জামিনবিহহীন গোচৰত গ্ৰেপ্তাৰ কৰা হয়। কেৱল মুছলিম ধৰ্মাৱলম্বী হোৱাৰ বাবেই যোগীয়ে কাফিল খানক বলিৰ পঠা সজোৱা হয় বুলি অভিযোগ উত্থাপিত হয়। পাছত বিচাৰ প্ৰক্ৰিয়াত কাফিল খানৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰমাণ পোৱা নগ’ল। খানে দাবী কৰে যে প্ৰশাসনিক দুৰ্নীতিক আঁৰ কৰিবলৈকে যোগী চৰকাৰে তাক ঢাল হিচাপে ব্যৱহাৰ কৰিছে।

২০১৮ চনৰ এপ্ৰিল মাহত ইণ্ডিয়ান মেডিকেল এচ’চিয়েচনে এটা বিবৃত্তি প্ৰকাশ কৰে। তাত কোৱা হয় যে কাফিল খানক বিনা দোষত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। এচ’চিয়েচনৰ তৰফৰ পৰা যোগী চৰকাৰক গৰিহণা দিয়া হয়। তদুপৰি ২০০ গৰাকীৰো অধিক স্বাস্থ্যকৰ্মীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত খানৰ প্ৰতি অন্যায় কৰা হৈছে বুলি কোৱা হয়।

উক্ত সময়তে হস্পিতালখনৰ প্ৰশাসনিক কৰ্তৃপক্ষক দিয়া এখন আৰটিআই যোগেও ধৰা পৰে যে ২০১৮ চনৰ ১১ আগষ্টত হস্পিতেলখনত অক্সিজেন চিলিণ্ডাৰৰ নাটনি হৈছিল। তদুপৰি তাত এইটোও প্ৰমাণ হয় যে কাফিল খানে নিজাকৈয়ে অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিছিল।

শেষত ২০১৮ চনৰ ২৫ এপ্ৰিলত কাফিল খানে ৯ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুকলি হয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে খানৰ কৰ্তব্যৰ প্ৰতি গাফিলতাৰ কোনো প্ৰমাণ নাই। কাৰাগাৰৰ পৰা বাহিৰ হৈয়েই যোগী চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈ পৰে কাফিল খান। শিশু মৃত্যুৰ কাণ্ডটোক তেওঁ এটা নৰসংহাৰ বুলি অভিহিত কৰে।

২০১৯ চনৰ ২৭ চেপ্টেম্বৰত তেওঁৰ ওপৰত আৰোপিত সকলো অভিযোগৰ পৰা মুক্তি দিয়া হয়। বিভাগীয় অনুসন্ধানৰ প্ৰতিবেদনত কোৱা হয় যে খানৰ ওপৰত আৰোপিত অভিযোগসমূহ পৰ্যাপ্ত নহয়।

কাৰাগাৰত থকাৰ সময়ছোৱাত কাফিল খানৰ পৰিয়ালেও ব্যাপক হাৰাশাস্তিৰ সন্মুখিন হয়। ২০১৮ চনৰ ১০ জুনত খানৰ ভাতৃ কাছিফ জামিললৈ কোনো দুষ্কৃতিকাৰীয়ে গুলিবৰ্ষণ কৰে। গুলিবৰ্ষণটোৰ পৰা তেওঁ সাৰি আহিবলৈ সক্ষম হয়।

প্ৰকৃততেই এজন মানৱদৰদী চিকিৎসক ডাঃ কাফিল খান। কাৰাগাৰৰ পৰা উলায়েই তেওঁ ২০১৮ চনৰ মাৰ্চ মাহত কেৰেলালৈ যায়। উক্ত সময়ছোৱাত কেৰালাত নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল। মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ আমন্ত্ৰণমৰ্মে তেওঁ তাত চিকিৎসাসেৱা আগবঢ়ায়।

কেৱল চিকিৎসাসেৱাই নহয়, চৰকাৰৰ নীতিবিৰোধী বিভিন্ন প্ৰতিবাদতো চামিল হৈ পৰে কাফিল খান। ২০১৯ চনৰ ১৩ ডিচেম্বৰত মুম্বাইৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন ১৯৮০ আৰোপ কৰা হয়। ইয়াৰ কাৰণ হৈছে উক্ত সময়ছোৱাত দেশজুৰি চলি থকা কা বিৰোধী আন্দোলনত তেওঁ জঁপিয়াই পৰিছিল। ইয়াৰ অংশস্বূৰপে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত তে্ওঁ এটা বক্তৃতাও প্ৰদান কৰিছিল। মৰ্মস্পৰ্শী বক্তৃতাটোত তেওঁ ভাৰতৰ সংবিধানে প্ৰদান কৰা অধিকাৰসমূহৰ বিষয়ে উল্লেখ কৰে। সাম্য-ভাতৃত্ববোধৰ আদৰ্শসমূহ তেওঁ সোঁৱৰায় দিয়ে। তদুপৰি আৰএছএছ আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো সমালোচনা কৰে।

কা বিৰোধিতা কৰি কাৰাগাৰত থকাৰ সময়ছোৱাতে ক’ভিড-১৯ মহামাৰী আৰম্ভ হয়। কাফিল খানে সংবাদ পত্ৰসমূহলৈ দিয়া এখন পত্ৰযোগে ক’ভিডৰ সময়ছোৱাত কাৰাগাৰৰ আন্তঃগাঁঠনিৰ দুৰৱস্থাৰ বিষয়েও লিখে। ২০২০ চনৰ ১ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ ওপৰত আৰোপিত দেশদ্ৰোহিতাৰ সকলো অভিযোগ কাৰিজ কৰে। উক্ত দিনাই তেওঁ মুক্তি লাভ কৰে।

প্ৰকৃততে এইসমূহ কাৰণতে হিন্দুত্ববাদী যোগী চৰকাৰৰ চকুৰ কূটা দাঁতৰ শূল হৈ পৰিছে ডাঃ কাফিল খান। বৃহস্পতিবাৰে তেওঁক বিআৰডি হস্পিতালৰ পৰা বৰ্খাস্ত কৰে যোগী চৰকাৰে। ইয়াৰ প্ৰতিবাদত কাফিল খনে্ এটা টুইট কৰিছে। টুইটটোত তেওঁ এটা ভিডিঅ’ৰ স’তে লিখিছে যে যোগী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ আদালতলৈ যাব। তদুপৰি তেওঁ মৃত শিশুবিলাকৰ অভিভাৱকসকলে ন্যায় নোপোৱা বিষয়টোও উল্লেখ কৰে।

কিন্তু উত্তৰপ্ৰদেশ বিধানসভা চমু চাপি অহাৰ সময়তে কিয় কাফিল খানৰ ওপৰত এনেধৰণে ব্যৱস্থা লৈছে যোগী চৰকাৰে? আদালতে তেওঁক দোষমুক্ত কৰাৰ পাছতো কেৱল সাম্প্ৰদায়িক কাৰণতে এই ব্যৱস্থা লোৱা হৈছে নেকি? উত্তৰপ্ৰদেশৰ উন্নয়নত ব্যৰ্থ হৈছে নেকি যোগী চৰকাৰ? ফলত হিন্দু-মুছলিমৰ বিভাজনে কামত নিদিয়া হৈছে নেকি বিজেপি চৰকাৰৰ? যাৰ ফলশ্ৰুতিত এজন চিকিৎসকক লৈ পুনৰ ব্যস্ত হৈ পৰিছে চৰকাৰ। এইসমূহলৈ লক্ষ্য ৰাখি সমগ্ৰ বিষয়টো লক্ষ্যণীয় হৈ পৰিছে। কেতিয়া ন্যায় পাব ডাঃ কাফিল খান আৰু মৃত শিশুসকলৰ অভিভাৱকসকলে?

উত্তৰ প্ৰদেশত বৰ্তমান নিৰ্বাচনমুখৰ পৰিৱেশ। বিজেপি, কংগ্ৰেছ, সমাজবাদী পাৰ্টি, বিএছপি সকলোৱেই ব্যস্ত হৈ পৰিছে। তেনে পৰিস্থিতিতে পুনৰ বাতৰিৰ শিৰোনামালৈ আহিছে এজন চিকিৎসক। তেওঁ হৈছে ডাঃ কাফিল খান। উত্তৰপ্ৰদেশৰ বিআৰডি চিকিৎসালয়ৰ এই শিশুৰোগ বিশেষজ্ঞজনক ১০ নৱেম্বৰত বৰ্খাস্ত কৰিছে যোগী চৰকাৰে। টুইটাৰত ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে চিকিৎসকজনে। প্ৰতিবাদ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও।

কিন্তু কিয় ইমান চৰ্চিত চিকিৎসকজন? তেওঁক বৰ্খাস্ত কৰাৰ পটভূমি কি? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন-

গোৰখপুৰ বাবা ৰাঘৱদাস হস্পিতাল চমুকৈ বিআৰডি হস্পিতালক উত্তৰপ্ৰদেশৰ এখন আগশাৰীৰ চৰকাৰী হস্পিতাল বুলি গণ্য কৰা হয়। যোগী আদিত্যনাথৰ নিজা সমষ্টিৰ অন্তৰ্গত হস্পিতালখনত ২০১৭ চনৰ ১০ আৰু ১১ আগষ্টত সংঘটিত হৈছিল এটা দেশ কঁপাই যোৱা এটা ঘটনা। ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু হৈছিল ৬৩ টাকৈ শিশু। পৰ্যাপ্ত অক্সিজেনৰ অভাৱতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল।

দীৰ্ঘদিন ধৰি চৰকাৰে চিকিৎসালয়খনক অক্সিজেন ক্ৰয়ৰ বাবে টকা আগবঢ়োৱা নাছিল। শেষত অক্সিজেন যোগান ধৰোতাসকলে চিকিৎসালয়খনক অক্সিজেন সৰবৰাহ বন্ধ কৰি দিছিল। হস্পিতাল কৰ্তৃপক্ষই স্বাস্থ্য বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰি আহিছিল।

কিন্তু সেই সময়ত নতুনকৈ ক্ষমতাত অধিষ্ঠিত হোৱা যোগী চৰকাৰে এই বিষয়ে কোনো পদক্ষেপ লোৱা নাছিল। চিকিৎসালয়খনৰ শিশুৰোগ বিশেষজ্ঞৰ দায়িত্বত আছিল ডাঃ কাফিল খান। ঘটনাটো সংঘটিত হোৱাৰ সময়ত কাফিল খান ছুটিত আছিল। কিন্তু সংকটজনক পৰিস্থিতিৰ খবৰ পায় ছুটিৰ সামৰি লগালগ কাফিল খানে হস্পিতালত উপস্থিত হৈছিল। হস্পিতালত অক্সিজেন চিলিণ্ডাৰ নাই। ইফালে মৃত্যুৰ মুখলৈ আগবাঢ়িছে কেইবাটাও শিশু। আনহাতে, চৰকাৰৰো কোনো কাণসাৰ নাই।

তেনে পৰিস্থিতিত কি কৰিব কাফিল খানে? নিজৰ টকাৰেই তেওঁ অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰি শিশুসকলক তেওঁ প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা কৰে। কিন্তু তেতিয়ালৈ বহুত পলম হৈ গৈছিল। কাকো বচাব পৰা নগ’ল। ১৩ আগষ্টত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হস্পিতালখন পৰিদৰ্শন কৰে। সেইদিনা হস্পিতালখনলৈ অক্সিজেনো পুনৰ যোগান ধৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোক প্ৰাকৃতিক বিপৰ্যয় বুলি অভিহিত কৰে। বিজেপি সভাপতি অমিত শ্বাহে কয় যে কংগ্ৰেছৰ দিনতো এনেধৰণৰ ঘটনা সংঘটিত হৈছিল।

কিন্তু যোগী চৰকাৰে হস্পিতালখনত অক্সিজেন অভাৱৰ কথা অস্বীকাৰ কৰে। চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে অক্সিজেনৰ অভাৱৰ ফলত কোনো শিশু মৃত্যু হোৱা নাই। সেয়ে হস্পিতালখনত কৰ্তব্যৰত সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক নিলম্বন কৰি তদন্তৰ নিৰ্দেশ দিয়ে যোগী আদিত্যনাথে। এই ক্ষেত্ৰত বিশেষভাৱে লক্ষ্য কৰি লোৱা হয় কাফিল খানক।

কাফিল খানৰ ওপৰত কৰ্তব্যৰ প্ৰতি গাফিলতাকে ধৰি কেইবাটাও অভিযোগত সাঙুৰে যোগী চৰকাৰে। ১৩ আগষ্টত তেওঁক নিলম্বন কৰা হয়। তেওঁৰ ওপৰত আৰোপ কৰা হয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰা। ২ ছেপ্তেম্বৰত তেওঁক জামিনবিহহীন গোচৰত গ্ৰেপ্তাৰ কৰা হয়। কেৱল মুছলিম ধৰ্মাৱলম্বী হোৱাৰ বাবেই যোগীয়ে কাফিল খানক বলিৰ পঠা সজোৱা হয় বুলি অভিযোগ উত্থাপিত হয়। পাছত বিচাৰ প্ৰক্ৰিয়াত কাফিল খানৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰমাণ পোৱা নগ’ল। খানে দাবী কৰে যে প্ৰশাসনিক দুৰ্নীতিক আঁৰ কৰিবলৈকে যোগী চৰকাৰে তাক ঢাল হিচাপে ব্যৱহাৰ কৰিছে।

২০১৮ চনৰ এপ্ৰিল মাহত ইণ্ডিয়ান মেডিকেল এচ’চিয়েচনে এটা বিবৃত্তি প্ৰকাশ কৰে। তাত কোৱা হয় যে কাফিল খানক বিনা দোষত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। এচ’চিয়েচনৰ তৰফৰ পৰা যোগী চৰকাৰক গৰিহণা দিয়া হয়। তদুপৰি ২০০ গৰাকীৰো অধিক স্বাস্থ্যকৰ্মীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত খানৰ প্ৰতি অন্যায় কৰা হৈছে বুলি কোৱা হয়।

উক্ত সময়তে হস্পিতালখনৰ প্ৰশাসনিক কৰ্তৃপক্ষক দিয়া এখন আৰটিআই যোগেও ধৰা পৰে যে ২০১৮ চনৰ ১১ আগষ্টত হস্পিতেলখনত অক্সিজেন চিলিণ্ডাৰৰ নাটনি হৈছিল। তদুপৰি তাত এইটোও প্ৰমাণ হয় যে কাফিল খানে নিজাকৈয়ে অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিছিল।

শেষত ২০১৮ চনৰ ২৫ এপ্ৰিলত কাফিল খানে ৯ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুকলি হয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে খানৰ কৰ্তব্যৰ প্ৰতি গাফিলতাৰ কোনো প্ৰমাণ নাই। কাৰাগাৰৰ পৰা বাহিৰ হৈয়েই যোগী চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈ পৰে কাফিল খান। শিশু মৃত্যুৰ কাণ্ডটোক তেওঁ এটা নৰসংহাৰ বুলি অভিহিত কৰে।

২০১৯ চনৰ ২৭ চেপ্টেম্বৰত তেওঁৰ ওপৰত আৰোপিত সকলো অভিযোগৰ পৰা মুক্তি দিয়া হয়। বিভাগীয় অনুসন্ধানৰ প্ৰতিবেদনত কোৱা হয় যে খানৰ ওপৰত আৰোপিত অভিযোগসমূহ পৰ্যাপ্ত নহয়।

কাৰাগাৰত থকাৰ সময়ছোৱাত কাফিল খানৰ পৰিয়ালেও ব্যাপক হাৰাশাস্তিৰ সন্মুখিন হয়। ২০১৮ চনৰ ১০ জুনত খানৰ ভাতৃ কাছিফ জামিললৈ কোনো দুষ্কৃতিকাৰীয়ে গুলিবৰ্ষণ কৰে। গুলিবৰ্ষণটোৰ পৰা তেওঁ সাৰি আহিবলৈ সক্ষম হয়।

প্ৰকৃততেই এজন মানৱদৰদী চিকিৎসক ডাঃ কাফিল খান। কাৰাগাৰৰ পৰা উলায়েই তেওঁ ২০১৮ চনৰ মাৰ্চ মাহত কেৰেলালৈ যায়। উক্ত সময়ছোৱাত কেৰালাত নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল। মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ আমন্ত্ৰণমৰ্মে তেওঁ তাত চিকিৎসাসেৱা আগবঢ়ায়।

কেৱল চিকিৎসাসেৱাই নহয়, চৰকাৰৰ নীতিবিৰোধী বিভিন্ন প্ৰতিবাদতো চামিল হৈ পৰে কাফিল খান। ২০১৯ চনৰ ১৩ ডিচেম্বৰত মুম্বাইৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন ১৯৮০ আৰোপ কৰা হয়। ইয়াৰ কাৰণ হৈছে উক্ত সময়ছোৱাত দেশজুৰি চলি থকা কা বিৰোধী আন্দোলনত তেওঁ জঁপিয়াই পৰিছিল। ইয়াৰ অংশস্বূৰপে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত তে্ওঁ এটা বক্তৃতাও প্ৰদান কৰিছিল। মৰ্মস্পৰ্শী বক্তৃতাটোত তেওঁ ভাৰতৰ সংবিধানে প্ৰদান কৰা অধিকাৰসমূহৰ বিষয়ে উল্লেখ কৰে। সাম্য-ভাতৃত্ববোধৰ আদৰ্শসমূহ তেওঁ সোঁৱৰায় দিয়ে। তদুপৰি আৰএছএছ আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো সমালোচনা কৰে।

কা বিৰোধিতা কৰি কাৰাগাৰত থকাৰ সময়ছোৱাতে ক’ভিড-১৯ মহামাৰী আৰম্ভ হয়। কাফিল খানে সংবাদ পত্ৰসমূহলৈ দিয়া এখন পত্ৰযোগে ক’ভিডৰ সময়ছোৱাত কাৰাগাৰৰ আন্তঃগাঁঠনিৰ দুৰৱস্থাৰ বিষয়েও লিখে। ২০২০ চনৰ ১ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ ওপৰত আৰোপিত দেশদ্ৰোহিতাৰ সকলো অভিযোগ কাৰিজ কৰে। উক্ত দিনাই তেওঁ মুক্তি লাভ কৰে।

প্ৰকৃততে এইসমূহ কাৰণতে হিন্দুত্ববাদী যোগী চৰকাৰৰ চকুৰ কূটা দাঁতৰ শূল হৈ পৰিছে ডাঃ কাফিল খান। বৃহস্পতিবাৰে তেওঁক বিআৰডি হস্পিতালৰ পৰা বৰ্খাস্ত কৰে যোগী চৰকাৰে। ইয়াৰ প্ৰতিবাদত কাফিল খনে্ এটা টুইট কৰিছে। টুইটটোত তেওঁ এটা ভিডিঅ’ৰ স’তে লিখিছে যে যোগী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ আদালতলৈ যাব। তদুপৰি তেওঁ মৃত শিশুবিলাকৰ অভিভাৱকসকলে ন্যায় নোপোৱা বিষয়টোও উল্লেখ কৰে।

কিন্তু উত্তৰ প্ৰদেশ বিধানসভা চমু চাপি অহাৰ সময়তে কিয় কাফিল খানৰ ওপৰত এনেধৰণে ব্যৱস্থা লৈছে যোগী চৰকাৰে? আদালতে তেওঁক দোষমুক্ত কৰাৰ পাছতো কেৱল সাম্প্ৰদায়িক কাৰণতে এই ব্যৱস্থা লোৱা হৈছে নেকি? উত্তৰপ্ৰদেশৰ উন্নয়নত ব্যৰ্থ হৈছে নেকি যোগী চৰকাৰ? ফলত হিন্দু-মুছলিমৰ বিভাজনে কামত নিদিয়া হৈছে নেকি বিজেপি চৰকাৰৰ? যাৰ ফলশ্ৰুতিত এজন চিকিৎসকক লৈ পুনৰ ব্যস্ত হৈ পৰিছে চৰকাৰ। এইসমূহলৈ লক্ষ্য ৰাখি সমগ্ৰ বিষয়টো লক্ষ্যণীয় হৈ পৰিছে। কেতিয়া ন্যায় পাব ডাঃ কাফিল খান আৰু মৃত শিশুসকলৰ অভিভাৱকসকলে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

June 29, 2026 7:26 pm
মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

June 29, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd