• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰকৃততেই কৃষকৰ সন্মানাৰ্থে কৃষি আইন বাতিল কৰিছে নে মোদী চৰকাৰে? চাওক বিজেপি নেতা-মন্ত্ৰীয়ে কৃষক আন্দোলনৰ সন্দৰ্ভত কৰা মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 9:44 pm
BJP on Farmer`s protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে বিতৰ্কিত তিনি কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঘোষণাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যত এনে অনুভৱ হ’ল যেন ভাৰতীয় জনতা পাৰ্টীয়ে কৃষকসকলৰ প্ৰতি পৰম সন্মান কৰে! “এইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ যে আমি সকলো কৃষকক এই আইনসমূহৰ লাভালাভৰ বিষয়ে সৈমান কৰিবলৈ সক্ষম হোৱা নাই।” সেয়ে কেন্দ্ৰীয় চৰকাৰে এই তিনিখন কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে মোদীয়ে।

পিছে সঁচাকৈয়ে প্ৰধানমন্ত্ৰী মোদীৰ লগতে বিজেপি দলৰ নেতা-কৰ্মীয়ে প্ৰতিবাদী কৃষকসকলৰ প্ৰতি সৎ অভিপ্ৰায় ৰাখিছিলে নে ? কৃষি আইন বাতিলৰ সিদ্ধান্ত ঘোষণাৰ সময়ত ‘সজ’ আচৰণৰ অভিনয় কৰিছিলে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে? কিয়নো কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা কৃষকসকলৰ প্ৰতি বিজেপি নেতাসকলে যোৱা এটা বছৰে কেইবাটাও আক্ৰমণাত্মক, উচতনিমূলক আনকি ভাবুকিপূৰ্ণ মন্তব্য কৰিছে।

প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে বিজেপি নেতাসকলে কৰা ১২ টা মন্তব্যৰ এক আলোকপাত কৰা হৈছে, যিয়ে মোডীৰ দাবীক প্ৰশ্নৰ সন্মুখীন কৰে। এই মন্তব্যবোৰৰ বেছিভাগেই প্ৰতিবাদক বদনাম কৰাৰ লক্ষ্য কৰি লৈছিল, যাৰ ফলত এনে লাগিছিল যেন এয়া এক বৈধ উদ্বেগ প্ৰকাশেৰে কৃষকৰ আন্দোলন নহয় নিহিত স্বাৰ্থ থকা কোনো শক্তিয়ে মাথো চৰকাৰৰ বিৰোধিতাৰ নামত প্ৰতিবাদ কৰিছে!

Apply Now

এই তালিকাখন সম্পূৰ্ণ নহয়, কিন্তু বিজেপি নেতাসকলে প্ৰতিবাদৰ প্ৰতি দেখুওৱা সাধাৰণ মনোভাৱৰ ওপৰত এক আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে।

১) ‘আপোনালোকক অনুশাসন কৰিবলৈ মাত্ৰ দুই মিনিট’: অজয় কুমাৰ মিশ্ৰ

প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে আটাইতকৈ বেছি শিৰোনাম দখল কৰা বিজেপি নেতাজন হৈছে কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰ। মিশ্ৰই এটা ভিডিঅ’ত কোৱা শুনা গৈছিল, “মোৰ মুখামুখি হওক, আপোনালোকৰ সহকৰ্মীসকলক অনুশাসন কৰিবলৈ মাত্ৰ দুই মিনিট লাগিব।”

“মই কেৱল এজন মন্ত্ৰী বা সাংসদ আৰু বিধায়ক নহয়, মই এজন সাংসদ হোৱাৰ আগতেই মোক জনা লোকসকলে জানে যে মই কেতিয়াও প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পৰা পলাই নাযাওঁ। যিদিনা মই এটা প্ৰত্যাহ্বান গ্ৰহণ কৰোঁ আপোনালোক সকলোৱে কেৱল পালিয়াই নহয়, লখিমপুৰ ত্যাগ কৰিব লাগিব।”

লখিমপুৰ খেৰীত কৃষক হত্যাকাণ্ডত মন্ত্ৰীজনৰ পুত্ৰ জড়িত থকাৰ পিছত মিশ্ৰাৰ মন্তব্যই বিশেষ মনোযোগ আকৰ্ষণ কৰিছিল। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই নিজৰ কনভয়ৰ গাড়ীৰে ৩ অক্টোবৰত প্ৰতিবাদকাৰী কৃষকক মহতীয়াই নিছিল, যাৰ ফলত চাৰিজন কৃষক নিহত হৈছিল। যদিও আশীষ বৰ্তমান জিম্মাত আছে, তেওঁৰ দেউতাক মোডীৰ মন্ত্ৰীসভাৰ সদস্য হৈ আছে।

২) খালিস্তানি পতাকাৰ সৈতে প্ৰতিবাদকাৰীসকল হৈছে সন্ত্ৰাসবাদী : জচকৌৰ মীনা

কৃষকসকলৰ প্ৰতিবাদক নেতিবাচক ধাৰণা এটাৰ ৰূপ দিবলৈ চেষ্টা কৰা বিজেপি নেতাসকলৰ মাজত এটা সাধাৰণ কৌশল হৈছে যে প্ৰতিবাদকাৰীসকল ভাৰতৰ বাহিৰৰ সমৰ্থনত খালিস্তানী। প্ৰমাণ অবিহনে এই দাবী কৰা সকলৰ ভিতৰত এজন আছিল ৰাজস্থানৰ দৌচাৰ বিজেপি সাংসদ জছকৌৰ মীনা। শান্তিপূৰ্ণ কৃষক বিদ্ৰোহক বদনাম কৰিবলৈ মীনাই লগতে দাবী কৰে যে কৃষকসকলৰ ওচৰত একে-৪৭ ৰাইফল আছে।

“এতিয়া কৃষি আইনৰ বিষয়ে এই কথাবোৰলৈকে চাওক, সন্ত্ৰাসবাদী বহি আছে, আৰু সন্ত্ৰাসবাদীৰ লগত একে-৪৭, খালিস্তানৰ পতাকা আছে।”— ৰাজস্থান বিজেপিৰ চৰকাৰী একাউণ্টৰ দ্বাৰা টুইট কৰা এটা ভিডিঅ’ত মীনাক এইদৰে কোৱা শুনা গৈছিল।

৩) খালিস্তানী আৰু মাওবাদী: অমিত মালৱ্য

বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱ্য কৃষক আন্দোলনক মাওবাদৰ সৈতে সাঙুৰি মন্তব্য আগবঢ়াইছিল। তেওঁ দাবী কৰে, প্ৰতিবাদকাৰী কৃষকসকলৰ খালিস্তানী আৰু মাওবাদী দুয়োৰে সৈতে সম্পৰ্ক আছে। তেওঁ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লীক জ্বলাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে, কিয়নো কেজৰিৱালে কৃষকসকলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছিল।

 

Arvind Kejriwal led Delhi government has already notified the new Farm Laws on 23Nov20 and had started implementing them.

But now that the Khalistanis and Maoists have stepped in to oppose, he sees an opportunity to burn down Delhi.

It was never about farmers. Just politics… pic.twitter.com/s5gMq9z8oW

— Amit Malviya (@amitmalviya) November 30, 2020

৪) গুণ্ডাসকলে তথাকথিত কৃষক হিচাপে অভিনয় কৰিছে: ৱাই সত্য কুমাৰ

বিজেপিয়ে তিনিখন কৃষি আইনৰ ক্ষেত্ৰত কৃষকসকলৰ উদ্বেগক যে গুৰুত্বসহকাৰে লোৱা নাছিল তাৰ আন এটা প্ৰমাণ পোৱা গৈছিল দলৰ ৰাষ্ট্ৰীয় সম্পাদক ৱাই সত্য কুমাৰৰ মন্তব্যত। তেওঁ দাবী কৰিছিল যে প্ৰতিবাদকাৰীসকল কোনো প্ৰকাৰে কৃষক নহয়, এইসকল প্ৰকৃততে গুণ্ডা। তেওঁ প্ৰতিবাদী কৃষক সকলক খালিস্তানি আৰু জেহাদী বুলিও অভিহিত কৰিছিল।

তেওঁ টুইটটোত কয়, “গুণ্ডাসকলে যিধৰণে তথাকথিত কৃষক হিচাপে আত্মপ্ৰকাশ কৰি উত্তৰ প্ৰদেশত হিংসাত্মক আন্দোলন চলাই আছে, সেয়া কাকতালীয় নহয়, এক সুপৰিকল্পিত পৰিকল্পনা যেন লাগিছে।” তেওঁ কৈছিল যে জেহাদী আৰু খালিস্তানি উপাদানে ৰাজ্যখনত অস্থিৰতা বিয়পাব বিচাৰে।

 

आतंकवादी भिंडरावाले किसान तो नहीं था?

उत्तर प्रदेश में जिस तरह गुंडे तथाकथित किसान बन कर हिंसक आंदोलन कर रहे हैं, वो कोई संयोग नहीं बल्कि एक सुनियोजित प्रयोग लगता है।

जिहादी और खालिस्तानी अराजक तत्व प्रदेश में अशांति फैलाना चाहते हैं।

#LakhimpurKheri pic.twitter.com/z5V6EbwWk0

— Y. Satya Kumar (@satyakumar_y) October 3, 2021

৫. উগ্ৰপন্থীৰ দ্বাৰা অপহৃত প্ৰতিবাদ: দুষ্মন্ত কুমাৰ গৌতম

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু উত্তৰাখণ্ডৰ ৰাজ্যিক গোটৰ ভাৰপ্ৰাপ্ত বিষয়া দুষ্মন্ত কুমাৰ গৌতমে দাবী কৰিছিল যে কৃষকসকলৰ প্ৰতিবাদত খালিস্তান আৰু পাকিস্তান পন্থী শ্ল’গান দিয়া হৈছে।

“কৃষি আইন সমগ্ৰ দেশৰ বাবে, কিন্তু কেৱল পঞ্জাৱত হে প্ৰতিবাদ কিয় হয়? প্ৰতিবাদত মানুহে খালিস্তান জিন্দাবাদ আৰু পাকিস্তান জিন্দাবাদৰ শ্ল’গান উত্থাপন কৰিছে। তেতিয়া ইয়াক কেনেকৈ প্ৰতিবাদ বুলি ক’ব পাৰি?” গৌতমে কয়। “উগ্ৰপন্থী উপাদানবোৰে প্ৰতিবাদটো হাইজেক কৰিছে আৰু যিসকল দেশবিৰোধী শক্তি তেওঁলোকৰ বাবে শ্ল’গান দি আছে।”

৬) অবাঞ্ছিত উপাদান: মনোহৰ লাল খট্টৰ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে দাবী কৰিছিল যে প্ৰতিবাদত অবাঞ্ছিত উপাদান আছিল যিয়ে খালিস্তানক মুকলিকৈ সমৰ্থন কৰিছিল। “যদি আমি ইন্দিৰা গান্ধীক হত্যা কৰিব পাৰোঁ, তেন্তে নৰেন্দ্ৰ মোডীক কিয় নহয়” আদি শ্ল’গান দিয়া হৈছিল বুলিও তেওঁ অভিযোগ কৰে।

৭) ‘টুকড়ে-টুকড়ে গেং’ এ প্ৰতিবাদটো অপহৰণ কৰিছেঃ সুশীল কুমাৰ মোডী

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীয়ে প্ৰতিবাদক সমালোচনা কৰিবলৈ বিজেপিৰ আটাইতকৈ প্ৰিয় উপকৰণ ব্যৱহাৰ কৰি কয় যে আন্দোলনটো “টুকড়ে-টুকড়ে গেং”ৰ দ্বাৰা অপহৰণ কৰা হৈছে। বিজেপিৰ মতে, এই একেটা দল দেশৰ প্ৰায় সকলো ভিন্নমতৰ বাবে দায়বদ্ধ – ছাত্ৰ কৰ্মীৰ পৰা CAA বিৰোধী আন্দোলনলৈকে।

“দিল্লীৰ শেহতীয়া কৃষক আন্দোলনত যি ধৰণৰ শ্ল’গান দিয়া হৈছিল আৰু শ্বাহিন বাগ মডেলত ইয়াক যিধৰণে চলোৱা হৈছে সেয়া স্পষ্টভাৱে দেখুৱাইছে যে ‘টুকড়ে-টুকড়ে গেং’ আৰু CAA বিৰোধী শক্তিয়ে আন্দোলনটো হাইজেক কৰিবলৈ চেষ্টা কৰিছে।” মোডীয়ে হিন্দীত টুইট কৰিছিল।

दिल्ली के ताजा किसान आंदोलन में जिस तरह के नारे लगे और जिस तरह से इसे शाहीनबाग मॉडल पर चलाया जा रहा है, उससे साफ है कि किसानों के बीच टुकड़े-टुकड़े गैंग और सीएए-विरोधी ताकतों ने हाईजैक करने में कोई कसर नहीं छोड़ी।

— Sushil Kumar Modi (@SushilModi) December 2, 2020

৮) ‘নৈৰাজ্যবাদী ডিজাইনৰ বাবে গিনি পিগ’: বি.এল. সন্তোষ

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি.এল. সন্তোষে দাবী কৰিছিল যে কৃষকসকলে তেওঁলোকৰ নিজৰ উদ্বেগৰ ভিত্তিত কাম কৰা নাছিল, তাৰ পৰিৱৰ্তে কৰ্মী মেধা পাটকাৰ আৰু আপ নেতাসহ আনসকলে নেতৃত্ব দিছিল। তেওঁ টুইট কৰি কয়, “কৃষকসকলক নৈৰাজ্যবাদী ডিজাইনৰ বাবে গিনি পিগ হ’বলৈ নিদিব।”

 

Farmers protests co opt @medhanarmada , @_YogendraYadav , AAP Party leaders , forces from abroad who are supporters of Khalistan movement . It will be good to farmers to understand the design & become wiser . Don’t allow farmers to become guinea pigs for anarchist designs .

— B L Santhosh (@blsanthosh) November 29, 2020

৯) ‘বামপন্থী, মাওবাদী উপাদানৰ দ্বাৰা অনুপ্ৰৱেশ কৰা’: পীয়ুষ গোৱেল

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে দাবী কৰে যে প্ৰকৃততে কৃষকসকলে প্ৰতিবাদ কৰা নাছিল, “বামপন্থী” আৰু “মাওবাদী উপাদান”ৰ দ্বাৰা উশৃংখল অৱস্থাৰ সৃষ্টি কৰা হৈছিল। তেওঁলোকে কৃষকৰ সমস্যাৰ ওপৰত নহয়, দেশ বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰা লোকসকলক মুক্তি দিয়াৰ দাবী জনাই প্ৰতিবাদ কৰিছিল।

“আমি এতিয়া উপলব্ধি কৰিছো যে তথাকথিত কৃষক আন্দোলন কৃষকৰ আন্দোলন হৈ থকা নাই। ই বাওঁপন্থী আৰু মাওবাদী উপাদানৰ দ্বাৰা প্ৰায় অনুপ্ৰৱেশ কৰা হৈছে, যাৰ এক সোৱাদ আমি যোৱা দুদিনধৰি দেখিছিলো যেতিয়া অবৈধ কাৰ্যকলাপৰ বাবে কাৰাগাৰত ৰখা লোকসকলক মুক্তি দিয়াৰ বাবে বহিৰ্ভূত দাবী আছিল।” ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়।

১০) ‘চীনিষ্টাৰ ডিজাইন’: ৰবি শংকৰ প্ৰসাদ

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদেও কৃষকসকলৰ প্ৰতিবাদক বদনাম কৰিবলৈ চেষ্টা কৰা বিজেপি নেতাসকলৰ গোটত যোগদান কৰি কয় যে “টুকড়ে-টুকড়ে গেঙে” প্ৰতিবাদৰ দায়িত্ব লৈছে আৰু এটা “ভয়ানক ডিজাইন” জড়িত হৈ আছে। সেয়েহে কৃষক আৰু কেন্দ্ৰৰ মাজত আলোচনা বিফল হৈছিল বুলি তেওঁ দাবী কৰে।

১১) ‘প্ৰতিবাদৰ আঁৰত চীন আৰু পাকিস্তান’: ৰাওচাহেব দানৱে

আন এজন কেন্দ্ৰীয় মন্ত্ৰী যিয়ে আন্দোলনটোক প্ৰকৃততে ৰাস্তাৰ কৃষকৰ নহয় বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল,তেওঁ হ’ল ৰাওচাহেব দানৱে।

“চলি থকা আন্দোলন কৃষকসকলৰ নহয়। ইয়াৰ আঁৰত চীন আৰু পাকিস্তানৰ হাত আছে। এই দেশৰ মুছলমানসকলক প্ৰথমে উচটনি দিয়া হৈছিল। তেওঁলোকক কোৱা হৈছিল যে এন আৰ চি আহি আছে, CAA আহি আছে আৰু মুছলমানসকলে ছয় মাহৰ ভিতৰত এই দেশ ত্যাগ কৰিব লাগিব। এজন মুছলমান গুচি গ’ল নেকি? সেই প্ৰচেষ্টাবোৰ সফল হোৱা নাছিল আৰু এতিয়া কৃষকসকলক কোৱা হৈছে যে তেওঁলোকে লোকচানৰ সন্মুখীন হ’ব। এয়া আন দেশৰ ষড়যন্ত্ৰ।” তেওঁ কয়।

১২) ‘সুপৰিকল্পিত ষড়যন্ত্ৰ’: মনোজ তিৱাৰী

দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰীয়েও “টুকড়ে-টুকড়ে গেং” অভিধা বৰ্তাই ৰাখিছিল আৰু লগতে কয় যে প্ৰতিবাদবোৰ এক “সুপৰিকল্পিত ষড়যন্ত্ৰ”।

তেওঁ দাবী কৰে, “শ্বাহিন বাগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) আৰু CAA ৰ বিৰোধিতা কৰা ব্যক্তি আৰু গোটৰ উপস্থিতিয়ে স্পষ্টভাৱে প্ৰমাণ কৰে যে “টুকড়ে-টুকড়ে” দলটোৱে কৃষকৰ প্ৰতিবাদ দখলৰ অধীনত অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।”

অৱশ্যে এই নেতা সকলৰ উপৰিও খোদ প্ৰধানমন্ত্ৰী মোদীয়েই প্ৰতিবাদী কৃষক সকলক আন্দোলনজীৱী বুলি বিদ্ৰুপ কৰিছিল।

যদিও বিজেপি আৰু ইয়াৰ সমৰ্থকসকলে আন্দোলনটোক বদনাম কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল, কৃষকসকলক তেওঁলোকৰ আপোচবিহীন প্ৰতিবাদী স্থিতিৰ পৰা বিচ্যুত কৰিব পৰা নাছিল। কৃষক সকল তেওঁলোকৰ দাবীত অটল আছিল আৰু কেন্দ্ৰীয় চৰকাৰে অৱশেষত তেওঁলোকৰ আপোচহীন স্থিতিৰ সমুখত শিৰ নত কৰিবলৈ বাধ্য হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd