• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Farmers Victory, Union Cabinets: তিনিও খন বিতৰ্কিত কৃষি আইন বাতিলত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 24, 2021 5:19 pm
Farmers Victory, Union Cabinets:
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Farmers Victory, Union Cabinets: অৱশেষত বাস্তৱিক অৰ্থৎ কৃষকৰ জয় হ’ল। তিনি খনকৈ বহু বিতৰ্কিত কৃষি আইন বিলোপ কৰাৰ বাবে বিগত প্ৰায় ১৫ মাহ ধৰি দেশৰ কৃষকে কৰি অহা আন্দোলনৰ পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু নানক জয়ন্তীৰ দিনা তিনিও খন কৃষি বিধেয়ক বাতিল কৰিব বুলি ঘোষণা কৰিছিল।

কিন্তু সেই ঘোষণাতে আশ্বস্ত হ’ব পৰা নাছিল প্ৰতিবাদী কৃষকসকল। অৱশেষত আজি সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰে কেন্দ্ৰীয় কেবিনেটে তিনিওখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ক্ষেত্ৰত অনুমোদন জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰবৈঠকত ‘কৃষি আইন বাতিল বিধেয়ক, ২০২১’ ত অনুমোদন জনোৱা হয়। ইয়াৰ পিছতে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত ‘কৃষি আইন বাতিল বিধেয়ক, ২০২১’ উত্থাপন কৰা হ’ব।

Apply Now

উল্লেখ্য যে যোৱা শুকুৰবাৰে টেলিভিছনত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। তেওঁ ব্যক্তিগতভাৱে দেশৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু স্বীকাৰ কৰিছিল যে কৃষকসকলক সৈমান কৰাৰ প্ৰচেষ্টাত তেওঁলোক বিফল হৈছে।

মঙ্গলবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে জনায় যে কেন্দ্ৰীয় চৰকাৰে এতিয়া ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচীত কৃষি আইন বাতিল বিধেয়ক, ২০২১ তালিকাভুক্ত কৰে।

কৃষি মন্ত্ৰালয়ে আগন্তুক সংসদ অধিৱেশনত তিনিখন আইনৰ বিষয়ে আলোচনা কৰাৰ সঠিক তাৰিখৰ ওপৰত আলোচনা কৰি আছে।

উল্লেখ্য যে যোৱা এবছৰৰো অধিক কাল কৃষি আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে প্ৰতিবাদ কৰি আহিছে। ৪০ টা কৃষক সংগঠনেৰে গঠিত সংযুক্ত কিষাণ মৰ্চাই এই আন্দোলনৰ নেতৃত্ব দিছে।

প্ৰতিবাদী কৃষকৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাবাৰো আলোচনা হৈছিল যদিও কৃষি আইন বাতিল কৰিবলৈ অমান্তি হৈছিল কেন্দ্ৰীয় চৰকাৰ। আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল প্ৰতিবাদী কৃষক নেতাই।

অৱশেষত কৃষকৰ আপোচহীন প্ৰতিবাদৰ ওচৰত হাৰ মানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা শুকুৰবাৰে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। অৱশ্যে প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণাত আস্বস্ত হোৱা নাই প্ৰতিবাদী কৃষক।

কৃষক নেতাসকলে নিশ্চিত কৰিছে যে সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব। আজি কেবিনেটে তিনিও খন আইন বাতিলৰ ক্ষেত্ৰত অনুমোদন জনোৱাৰ পিছতে বিজয়ৰ দিশত কৃষকসকল আৰু এঢাপ আগুৱাই গ’ল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd